--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লোকজনক ৰাজ মহম্মদ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে অভিযুক্ত লোকজনক তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, লক্ষ্ণৌৰ মাদিয়াভ আৰক্ষী থানালৈ লক্ষ্ণৌ আৰু গোণ্ডাত থকা আৰ এছ এছৰ দুটা কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিল। তাৰ পাছতে আৰ এছ এছৰ কাৰ্যালয় দুটাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, আৰএছএছ কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া তামিলনাডুৰ পুডুকোদ্দি জিলাৰ ৰাজ মহম্মদৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ তথ্যৰ আধাৰত ব্যৱস্থা গ্ৰহণ কৰে তামিলনাডু আৰক্ষীয়ে। আৰু তাৎক্ষণিক অভিযানৰ জৰিয়তে তেওঁক জিম্মাত লয়। ৰাজ মহম্মদে ফোনযোগে উত্তৰ প্ৰদেশৰ দুখন ঠাইকে ধৰি মুঠ ছটা স্থানত বিস্ফোৰণ সংঘটিত কৰাৰ ভাবুকি দিছিল। একে সময়তে, আৰ এছ এছ কাৰ্যালয় উৰুৱাই দিয়াৰ ভাবুকি লাভৰ পাছত উন্নাও আৰক্ষীকো সতৰ্ক কৰি দিয়া হৈছে। আৰক্ষীয়ে আৰ এছ এছ কাৰ্যালয়ত নিৰাপত্তা বৃদ্ধি কৰিছে। আৰ এছ এছ কাৰ্যালয়টো উন্নাওৰ চোটা চৌৰাহাৰ ওচৰত আছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি সোমবাৰে নিশা ৮ বজাত লক্ষ্ণৌ আৰু উন্নাওত সংঘৰ কাৰ্যালয়  উৰুৱাই দিয়াৰ হুংকাৰভৰা হোৱাটছএপ বাৰ্তা আহিছিল আৰক্ষীলৈ। হোৱাটছএপত প্ৰেৰণ কৰা এটা লিংকৰ জৰিয়তে এই ভাবুকি দিয়া হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে, এই ভাবুকি এনে এক সময়ত আহিছে যেতিয়া বিজেপিৰ নিলম্বিক মুখপাত্ৰ নূপুৰ শৰ্মাই নবী মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল আৰু তাৰ পাছতে দেশৰ সৰ্বত্ৰ প্ৰতিবাদৰ ঢৌ উঠাৰ লগতে বিদেশতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰব দেশসমূহে এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দিশেও অগ্ৰসৰ হৈছে। এই বিতৰ্কক পাছতে বিজেপিয়ে স্পষ্ট কৰি দিছে যে দলটোৱে সকলো ধৰ্মকে সন্মান কৰে। একে সময়তে, দলটোৱে নূপুৰ শর্মা  আৰু নবীন জিন্দালপ বিৰুদ্দএ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু নূপুৰ শর্মাই তেওঁৰ মন্তব্যৰে যি ঘৃণাৰ সৃষ্টি কৰিছিল তাৰ বিষবাষ্প এতিয়া অতি উদ্বেগজনকভাৱে বিয়পি গৈছে। নূপুৰ শৰ্মাৰ মন্তব্যৰ পাছতে কানপুৰ চহৰত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। আৰু এতিয়া সাম্প্ৰদায়িক ঘৃণাৰ এনে উদগীৰণ উদ্বেগৰ বিষয় হৈ পৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ