--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ কেদাৰনাথত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে।  মুষলধাৰ বৰষুণৰ মাজতে পাহাৰৰ পৰা শিল খহি পৰি  ৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু ঘটিছে। এই ঘটনাত আহত  হৈছে দুজন ভক্ত। জানিব পৰা মতে গৌৰী কুণ্ডৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। উদ্ধাৰকাৰীৰ দলে ক্ষীপ্ৰতাৰে তাত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। তেওঁ উদ্ধাৰকাৰী দলৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত থকা বুলিও জানিবলৈ দিয়ে।

এক্স হেণ্ডেলত তেওঁ লিখিছে, ‘কেদাৰনাথলৈ যোৱাৰ পথত পাহাৰৰ পৰা গধুৰ শিল পৰি যোৱাৰ বাবে কিছুসংখ্যক তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। এই খবৰটো বৰ দুখৰ। ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ হৈছে। মই  বিষয়াসকলৰ সৈতে যোগাযোগত আছো। দুৰ্ঘটনাটোত আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। ভগৱানে মৃতকৰ আত্মাক শান্তি  দিয়ক। শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি দিয়ক।'

মন কৰিবলগীয়া যে ১৯ জুলাইত ভূমিস্খলনৰ বাবে তনকপুৰ চাম্বাৱত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছিল। ইয়াৰ পিছতে কেদাৰনাথত  বৰষুণ দিবলৈ  আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে ১০ জুলাইত ভূমিস্খলনৰ বাবে বদ্ৰীনাথ ঘাইপথটোও বন্ধ কৰি দিয়া হৈছিল। তদুপৰি ভূমিস্খলনৰ বাবে যোশীমথৰ সমীপৰ পথটোও বন্ধ হৈ পৰিছিল। উত্তৰাখণ্ডত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপনৈসমূহ ওফন্দি উঠিছে। বৰষুণৰ বাবেই  বদ্ৰীনাথৰ বহু বাট-পথ বন্ধ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন