--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ কেদাৰনাথত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে।  মুষলধাৰ বৰষুণৰ মাজতে পাহাৰৰ পৰা শিল খহি পৰি  ৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু ঘটিছে। এই ঘটনাত আহত  হৈছে দুজন ভক্ত। জানিব পৰা মতে গৌৰী কুণ্ডৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে। উদ্ধাৰকাৰীৰ দলে ক্ষীপ্ৰতাৰে তাত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। তেওঁ উদ্ধাৰকাৰী দলৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত থকা বুলিও জানিবলৈ দিয়ে।

এক্স হেণ্ডেলত তেওঁ লিখিছে, ‘কেদাৰনাথলৈ যোৱাৰ পথত পাহাৰৰ পৰা গধুৰ শিল পৰি যোৱাৰ বাবে কিছুসংখ্যক তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। এই খবৰটো বৰ দুখৰ। ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ হৈছে। মই  বিষয়াসকলৰ সৈতে যোগাযোগত আছো। দুৰ্ঘটনাটোত আহতসকলক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। ভগৱানে মৃতকৰ আত্মাক শান্তি  দিয়ক। শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক এই অপৰিসীম দুখ সহ্য কৰিবলৈ শক্তি দিয়ক।'

মন কৰিবলগীয়া যে ১৯ জুলাইত ভূমিস্খলনৰ বাবে তনকপুৰ চাম্বাৱত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছিল। ইয়াৰ পিছতে কেদাৰনাথত  বৰষুণ দিবলৈ  আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে ১০ জুলাইত ভূমিস্খলনৰ বাবে বদ্ৰীনাথ ঘাইপথটোও বন্ধ কৰি দিয়া হৈছিল। তদুপৰি ভূমিস্খলনৰ বাবে যোশীমথৰ সমীপৰ পথটোও বন্ধ হৈ পৰিছিল। উত্তৰাখণ্ডত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপনৈসমূহ ওফন্দি উঠিছে। বৰষুণৰ বাবেই  বদ্ৰীনাথৰ বহু বাট-পথ বন্ধ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন