--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : ‘খেলা হবে’ এই শ্লোগানে এতিয়া ধুমুহা তুলিছে পশ্চিমবংগৰ নিৰ্বাচনত। দুৰ্বৃত্তৰ আক্ৰমণত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আঘাতপ্ৰাপ্ত হোৱাৰ পাছত ইয়াক লৈ চৰ্চাও চলিছে অধিক তীব্ৰ গতিত। ইফালে ভৰিত বেণ্ডেজ লৈ হুইল চেয়াৰত বহি নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী মমতা। মমতাৰ ওপৰত নন্দীগ্ৰামত হোৱা আক্ৰমণৰ চাৰিদিনৰ পাছত আজি দিনৰ ভাগতে মমতা বেনাৰ্জীয়ে ৰোড শ্ব’ত ভাগ ল’ব।

আৰু পঢ়িব পাৰিব :বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ‘শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা’

তৃণমূল কংগ্ৰেছে সদৰি কৰা মতে কলকাতাত হুইল চেয়াৰত বহিয়েই দলৰ ৰোড শ্ব’ক নেতৃত্ব দিব তৃণমূলৰ মুৰব্বীগৰাকীয়ে। এই ৰোড শ্ব’ৰ পাছত হাজৰাত তেওঁ এখন নিৰ্বাচনী সভাত ভাষণ দিব। শুকুৰবাৰে হাস্পতালৰ পৰা ঘৰলৈ ওভতা নেত্ৰীগৰাকীয়ে বাওভৰিত গুৰুতৰ আঘাত পোৱা বুলি প্ৰকাশ কৰিছে হাস্পতালৰ সূত্ৰই।

আৰু পঢ়িব পাৰিব :কোকৰাঝাৰত পুনৰ উদ্ধাৰ অস্ত্ৰ : কূটাঘাতৰ লক্ষ্যৰে এনডিএফবিৰ তৎপৰতা

কিন্তু ৮টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনলৈ কেইটামান দিনহে বাকী থকা অৱস্থাত মমতাই আহত অৱস্থাৰেই ৰণক্ষেত্ৰত নামি পৰাটোৱে বিশেষ চৰ্চা লাভ কৰিছে। পশ্চিমবংগত ক্ষমতা দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰা বিজেপিয়ে মমতাৰ ওপৰত হোৱা আক্ৰমণক ‘নাটক’ আখ্যা দিছে যদিও ‘আহত বাঘিনী’ৰ ৰণহুংকাৰে নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়েহে ক’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ