--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উদ্বোধনী অনুষ্ঠানৰ অন্যতম বিতৰ্কিত অধ্যায় আছিল হৰভজন সিঙে এছ শ্ৰীসন্থক সোধোৱা এটা চৰ। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত স্লেপগেট কেলেংকাৰী হিচাপে কুখ্যাত হৈ পৰিছে এই বিষয়টো। ভজ্জীৰ চৰত উচুপি উঠিছিল কিংছ ইলেভেন পঞ্জাৱৰ শ্ৰীসন্থ। বিচিচিআইয়ে বিষয়টো একেবাৰে সহজভাৱে লোৱা নাছিল। এনে অনাকাংক্ষিত কাণ্ড সংঘটিত কৰাৰ অপৰাধত হৰভজনক শাস্তিও বিহিছিল ভাৰতীয় ব’ৰ্ডে।

ক্ৰিকেট ইতিহাসৰ এই কুখ্যাত অধ্যায়টোক লৈ হৰভজনে কেইবাবাৰো প্ৰশ্নৰ সন্মুখীন হৈছে। অৱশ্যে, ইমান দিনৰ পাছত টাৰ্বনেটৰে নিজৰ ভুল স্বীকাৰ কৰিলে। সেইদিনা এই ভুলৰ বাবে লজ্জিত বুলিও মন্তব্য কৰে হৰভজনে।

গ্লান্স লাইভ ফেষ্টত হৰভজনে কয়, ‘ যি ঘটিছিল সেয়া ঠিক নহয়। মই ভুল কৰিছিলোঁ। বিব্ৰত হৈ উঠিছিল মোৰ সতীৰ্থসকল। ময়ো লাজ পাইছো।’

হৰভজনে লগতে কয়, ‘ভুল শুধৰাবলৈ কোনো সুযোগ পোৱাহেঁতেন খেলপথাৰত শ্ৰীসন্থৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ, তাক মই শুধৰাবলৈ চেষ্টা কৰিলোহেঁতেন। সেয়া হোৱা উচিত নাছিল। মই যেত‌িয়াই এই বিষয়ে ভাবিছো, তেত‌িয়াই মনে ধৰিছে যে ইয়াৰ কোনো প্ৰয়োজন নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ