--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত এক বৃহৎ আৰু আন্তঃৰাষ্ট্ৰীয় কিডনী ৰেকেটৰ কথা পোহৰলৈ আহিছে। দিল্লী আৰক্ষীয়ে এই গোচৰত এখন বৃহৎ চিকিৎসালয়ৰ এগৰাকী মহিলা চিকিৎসককে ধৰি ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশৰ পৰা ৰাজস্থানলৈ চলি থকা এই অবৈধ কিডনী ৰেকেট চলোৱাৰ অপৰাধত দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চেও গ্ৰেপ্তাৰ কৰিছে এগৰাকী ৫০ বছৰীয়া মহিলা চিকিৎসকক।

ধৃত মহিলা চিকিৎসকগৰাকীয়ে ১৫ৰ পৰা ১৬টা অপাৰেচন কৰিছিল। বিষয়াসকলৰ মতে, অবৈধ মানৱ বৃক্কৰ এই ক’লা ব্যৱসায় বাংলাদেশৰ পৰা চলোৱা হৈছিল যদিও এই অভিযান ভাৰতত কৰা হৈছিল।

ইয়াৰ পূৰ্বে ৰাজস্থান আৰক্ষীয়ে বাংলাদেশৰ এই ৰেকেট সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চেও এই গোচৰৰ তদন্তৰ লগত জড়িত হৈ পৰিল আৰু তেতিয়াই আৰক্ষীয়ে গম পালে যে দিল্লীৰ এখন ডাঙৰ চিকিৎসালয়ৰ এগৰাকী মহিলা চিকিৎসকে নয়ডাৰ এখন চিকিৎসালয়ত ১৫ৰ পৰা ১৬টা কিডনী ট্ৰান্সপ্লাণ্ট কৰিছিল।

অভিযোগ অনুসৰি এই অবৈধ ব্যৱসায়ৰ পৰা পোৱা ধন আগতে এই লেডী ডাক্তৰৰ ব্যক্তিগত সহায়কৰ একাউণ্টত আহিছিল আৰু লেডী ডাক্তৰে নগদ ধন উলিয়াই আনিছিল। দিল্লী আৰক্ষীৰ মতে, এই সমগ্ৰ ৰেকেট বাংলাদেশৰ পৰাই চলোৱা হৈছিল।

ইয়াৰ বাবে বাংলাদেশৰ ৰেকেটৰ ৰাইজে ডায়েলাইছিছ চেণ্টাৰলৈ গৈ কোনজন ৰোগীক কিডনীৰ প্ৰয়োজন আৰু কিমান কেপাচিটিৰ ধন দিব লাগে চাবলৈ গৈছিল। এজন ৰোগীয়ে এবাৰ ২৫ৰ পৰা ৩০ লাখ টকা দিবলৈ সাজু হ’লে, তেতিয়া তেওঁক ভাৰতীয় চিকিৎসা সংস্থাৰ জৰিয়তে চিকিৎসাৰ বাবে ভাৰতলৈ পঠিয়াই দিছিল।

ইয়াৰ পিছত এই ৰেকেটৰ মানুহে কোনোবা দুখীয়া বাংলাদেশীক ধৰি টকাৰে প্ৰলোভিত কৰি কিডনী দান কৰিবলৈ প্ৰস্তুত কৰিছিল। তাৰ পিছত তেওঁক ছলনা কৰি ভাৰতলৈ আনিছিল আৰু কিডনীৰ প্ৰয়োজন হোৱা ৰোগীজনৰ ওচৰত তেওঁৰ আত্মীয় বুলি কৈছিল। ইয়াৰ পিছত সেই ব্যক্তিজনৰ ভুৱা নথি বনোৱাৰ পিছত মহিলা চিকিৎসকৰ জৰিয়তে তেওঁৰ কিডনি আঁতৰাই দিছিল।

এইগৰাকী মহিলা চিকিৎসকক ৪ দিন পূৰ্বে দিল্লীৰ পৰাই দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল। বিষয়টো পোহৰলৈ অহাৰ পিছতে এপ’ল’ হাস্পতালে মহিলা চিকিৎসকগৰাকীক নিলম্বন কৰে। আৰক্ষীৰ মতে, একাংশ দানকাৰীয়েও কয় যে তেওঁলোকক চাকৰিৰ নামত ভাৰতলৈ অনা হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ কিডনি ইয়াতেই আঁতৰাই দিয়া হৈছিল।

মহিলা চিকিৎসকগৰাকীৰ ভূমিকা পোহৰলৈ অহাৰ পাছত এই বিষয়ত এপ’ল’ হাস্পতালে এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিত কোৱা হৈছে যে মহিলা চিকিৎসকগৰাকীক চিকিৎসালয়ৰ পে-ৰোলত নিযুক্তি দিয়া হোৱা নাছিল বৰঞ্চ তেওঁৰ সেৱাৰ বিনিময়ত মাচুলৰ ভিত্তিত নিযুক্তি দিয়া হৈছিল। স্থগিত ৰখা হৈছে তেওঁৰ চিকিৎসকৰ সেৱা।

চিকিৎসালয়খনৰ হৈ এই কামটো আন কোনোবা চিকিৎসালয়ত মহিলা চিকিৎসকগৰাকীয়ে কৰা বুলিও কোৱা হৈছে। প্ৰাৰম্ভিক তদন্তত ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত (আই এ এইচ) এনে কোনো কাণ্ড সংঘটিত হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক