--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰ বৰ্তমান বহু প্ৰত্যাশিত গ্ল’বেল ই-ক্ৰিকেট প্ৰিমিয়াৰ লীগ (জি ই পি এল)ৰ মুম্বাই ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ ।

ই-ক্ৰিকেট মনোৰঞ্জনৰ মঞ্চত সফল প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম জিইপিএল ।এই গেম ৩০ কোটিতকৈ অধিক ডাউনলোড হৈছে । লীগখনৰ উদ্বোধনী সংস্কৰণৰ পৰাই ইয়াৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে, য'ত খেলুৱৈৰ আগ্ৰহ ৫গুণ বৃদ্ধি পাইছে । প্ৰথম সংস্কৰণত ২ লাখ পঞ্জীয়নৰ ঠাইত বৰ্তমান ৯ লাখ ১০ হাজাৰ পঞ্জীয়ন হৈছে ।

এতিয়া ছাৰাই এগৰাকী উদ্যোগী হিচাপে ডিজিটেল জগতত ভৰি দিছে । কিন্তু বাস্তৱ জগতত কেতিয়া ? হয়তো তাৰো পৰিকল্পনা আছে! সময় আহিলে নতুন খবৰ পোৱা যাব । পিতৃৰ নাম যেতিয়া শচীন তেণ্ডুলকাৰ, গতিকে ছাৰাই সহজে হাৰ নামানে বুলি কোৱাটো নিৰাপদ!

ছাৰা টেণ্ডুলকাৰে কয়, ‘ক্ৰিকেট আমাৰ পৰিয়ালৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ই-স্প’ৰ্টছত ইয়াৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাটো ৰোমাঞ্চকৰ।জিইপিএলত মুম্বাই ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ হোৱাটো এটা সপোন পূৰণ হোৱাৰ দৰেই ৷ মই মোৰ প্ৰতিভাৱান দলৰ সৈতে কাম কৰি এক বহু প্ৰিয় ই-স্প’ৰ্টছ ফ্ৰেঞ্চাইজি গঢ়ি তুলিবলৈ আগ্ৰহী যিয়ে সকলোকে অনুপ্ৰাণিত কৰে আৰু মনোৰঞ্জন দিয়ে।”

মুম্বাই ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ হিচাপে ছাৰাৰ ভূমিকাই মুম্বাইৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কক উজ্জ্বল কৰি তুলিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ