--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰ বৰ্তমান বহু প্ৰত্যাশিত গ্ল’বেল ই-ক্ৰিকেট প্ৰিমিয়াৰ লীগ (জি ই পি এল)ৰ মুম্বাই ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ ।

ই-ক্ৰিকেট মনোৰঞ্জনৰ মঞ্চত সফল প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম জিইপিএল ।এই গেম ৩০ কোটিতকৈ অধিক ডাউনলোড হৈছে । লীগখনৰ উদ্বোধনী সংস্কৰণৰ পৰাই ইয়াৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে, য'ত খেলুৱৈৰ আগ্ৰহ ৫গুণ বৃদ্ধি পাইছে । প্ৰথম সংস্কৰণত ২ লাখ পঞ্জীয়নৰ ঠাইত বৰ্তমান ৯ লাখ ১০ হাজাৰ পঞ্জীয়ন হৈছে ।

এতিয়া ছাৰাই এগৰাকী উদ্যোগী হিচাপে ডিজিটেল জগতত ভৰি দিছে । কিন্তু বাস্তৱ জগতত কেতিয়া ? হয়তো তাৰো পৰিকল্পনা আছে! সময় আহিলে নতুন খবৰ পোৱা যাব । পিতৃৰ নাম যেতিয়া শচীন তেণ্ডুলকাৰ, গতিকে ছাৰাই সহজে হাৰ নামানে বুলি কোৱাটো নিৰাপদ!

ছাৰা টেণ্ডুলকাৰে কয়, ‘ক্ৰিকেট আমাৰ পৰিয়ালৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ই-স্প’ৰ্টছত ইয়াৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাটো ৰোমাঞ্চকৰ।জিইপিএলত মুম্বাই ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ হোৱাটো এটা সপোন পূৰণ হোৱাৰ দৰেই ৷ মই মোৰ প্ৰতিভাৱান দলৰ সৈতে কাম কৰি এক বহু প্ৰিয় ই-স্প’ৰ্টছ ফ্ৰেঞ্চাইজি গঢ়ি তুলিবলৈ আগ্ৰহী যিয়ে সকলোকে অনুপ্ৰাণিত কৰে আৰু মনোৰঞ্জন দিয়ে।”

মুম্বাই ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰ হিচাপে ছাৰাৰ ভূমিকাই মুম্বাইৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কক উজ্জ্বল কৰি তুলিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ