--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রতিযোগিতামূলক ক্রিকেটলে ঘূৰি আহিবলৈ হয়তো যশপ্রীত বুমৰাহক অলপ বেছি সময় লাগিব পাৰে। কাৰণ বেগী বলাৰ বুমৰাহে এতিয়াও বি চি চি আইৰ চেন্টাৰ অব এক্সেলেন্সত পূর্ণ শক্তিৰে বলিং কৰিব পৰা নাই। 

ইফালে, পেচাৰ আকাশদীপৰ প্রত্যাৱর্তনো এসপ্তাহ পিছুৱাই গৈছে। বুমৰাহ চিকিৎসাজনিত দিশেৰে ফিট হৈ উঠিছে যদিও তেওঁৰ কামৰ বোজা ক্রমান্বয়ে বৃদ্ধি পাইছে। কাৰণ তেওঁৰ পিঠিৰ ষ্ট্ৰেছ ফেকচাৰ হোৱাৰ আশংকা আছে। 

আনহাতে, আকাশদীপেও পিঠিৰ বিষত ভুগি আছে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া ভ্রমণৰ পাছৰে পৰাই দুয়োগৰাকী ক্রিকেটাৰ প্রতিযোগিতামূলক ক্রিকেটৰ পৰা আঁতৰি আছে। জানুৱাৰীৰ প্রথম সপ্তাহত ছিডনী টেষ্টৰ সময়তে পিঠিৰ আঘাতত ভোগে বুমৰাহে। ইয়াৰ বিপৰীতে আকাশদীপে কিছু অস্বস্তিবোধ কৰাৰ কাৰণে মূল একাদশত স্থান পোৱা নাছিল। ইফালে, আই পি এলৰ পাছতেই ৫খনীয়া টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতে। 

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ব'ৰ্ডৰ চিকিৎসকৰ দলে বুমৰাহৰ প্ৰসংগত খুব সাৱধানী পদক্ষেপ গ্রহণৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি নির্বাচক সমিতি আৰু দলীয় মেনেজমেণ্টে ৫খনীয়া টেষ্টৰ বাবে বুমৰাহৰ ওপৰত নিৰ্ভৰ কৰিব খোজা নাই। উল্লেখযোগ্য যে বুমৰাহে প্রথমে ১ এপ্রিলৰ ভিতৰত মুম্বাই ইণ্ডিয়ানছত যোগ দিয়াৰ কথা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ