--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালজিৰা এবিধ সকলোৰে পৰিচিত মচলা। সাধাৰণ -চৰ্দী আদিত মিঠাতেলৰ সৈতে কালজিৰা গৰম কৰি মালিছ কৰিলে যথেষ্ট সুফল পোৱা যায়। কেৱল মছলা হিচাবেই নহয়, কালজিৰাৰ পৰা লাভ কৰা তেল বজাৰত কিনিবলৈ পোৱা যায়। কালজিৰাৰ তেলে আমাক বহু ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।
 
কালজিৰা বা কালঞ্জী তেল নাইজেলা ছেটিভা নামৰ গছৰ পৰা হোৱা ক’লা গুটিৰ পৰা প্ৰস্তুত কৰা হয়। ছাল আৰু চুলিৰ শ্ৰীবৃদ্ধিৰ বাবেও এই তেল  ব্যৱহাৰ কৰা হয়।

কালঞ্জী তেলৰ কেইটামান উপকাৰীতা এনেধৰণৰ  

কৰ্কটপ্ৰতিৰোধী :

কালঞ্জী তেলত থকা কাৰ্চিন’জেনিক প্ৰপাৰ্টিয়ে কিছুমান ধৰণৰ কেঞ্চাৰ (ব্লাড কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ, আন্ত্ৰিক কেঞ্চাৰ আদি) প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এগিলাচ সতেজ আঙুৰৰ ৰসত ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক।এই মিশ্ৰণখিনি প্ৰতিদিনে তিনিবাৰকৈ সেৱন কৰিলে ভাল ফল লাভ কৰিব।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে :

এক সংখ্যক মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয়। কালঞ্জী তেলে আমাৰ ৰক্তচাপৰ পৰিমান নিয়ন্ত্ৰণ কৰি এইক্ষেত্ৰত সকাহ দিব পাৰে। মাত্ৰ ১/২ চাহ চামুচ তেল একাপ গৰম চাহ বা পানীৰ লগত মিহলাই দিনে দুবাৰকৈ খাওক।

হৃদৰোগত উপকাৰী :

কাৰ্ডিঅ’ভেছকুলাৰ হেলথ্ ধৰি ৰখাটো আমাৰ বাবে অত্যন্ত জৰুৰী আৰু কালঞ্জী তেলে এইক্ষেত্ৰত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। আপুনি ১/২ চাহ চামুচ তেল একাপ সতেজ ছাগলীৰ গাখীৰৰ সৈতে প্ৰতিদিনে ৰাতিপুৱা ২-৩ সপ্তাহ একেলেথাৰিয়ে খাওক। ইয়ে হাৰ্ট এটেক আৰু আন কাৰ্ডিঅ’ভেছকুলাৰ সমস্যা দূৰত থাকিব।

মধুমেহ নিয়ন্ত্ৰণ কৰেঃ

কালঞ্জী তেলে আমাৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে, ইয়াক মধুমেহ প্ৰতিৰোধ তথা পৰিচালনাৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। একাপ সতেজ ব্লেক টীৰ (চাহৰ) সৈতে ১/২ চাহ চামুচ কালঞ্জী তেল মিহলাই লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু নিশা ইয়াক সেৱন কৰিলে এমাহৰ ভিতৰত ভাল ফলাফল দিব পাৰে।

বৃক্কৰ পাত্থৰ :

একাপ গৰম পানীৰ সৈতে ২ চাহ চামুচ বিশুদ্ধ মৌ আৰু ১/২ চাহ চামুচ কালঞ্জী তেলৰ মিশ্ৰণ সেৱন আমাৰ কিডনিৰ বাবে অত্যন্ত উপযোগী। ই অংগসমূহক ইয়াৰ স্বাভাৱিক কামকাজ কৰি যোৱাত সহায় কৰাৰ লগতে পাত্থৰ হোৱাত বাধা দিয়ে।

চুলিৰ বাবেঃ

কালঞ্জি তেলত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াৰ এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টি-ইনফ্লেমেটৰী গুণো সৰ্বোত্তম।ইয়াক চুলিৰ বাবে সৰ্বশ্ৰেষ্ঠ তেলৰ ভিতৰত এটা বুলি গণ্য কৰা হয়। ই চুলিক ক্ষতিৰ পৰা ৰক্ষা কৰে  আৰু চুলি পুনৰ গজোৱাত সহায় কৰে বুলি ভেষজ বিশাৰদসকলে  কৈ আহিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে