--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত কৰ'না মহামাৰীৰ ভয়াৱহতাৰ মাজতে ‘বাৰ্ড ফ্লু’ক লৈ আতংকৰ সৃষ্টি হৈছে৷ মধ্যপ্ৰদেশ আৰু কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত উদ্বেগ বৃদ্ধি কৰিছে বাৰ্ড ফ্লুৱে। ৰাজ্যকেইখনত সঘনে চৰাইৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে।

আৰু পঢ়িব পাৰিব : জেইই কেলেংকাৰী : ভাৰ্গৱ ডেকাৰ জামিন আবেদন নাকচ

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰপৰা তথ্য সংগ্ৰহ কৰাৰ বাবে দিল্লীত এটা নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰিছে। এই বিষয় সন্দৰ্ভত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংশ্লিষ্ট বিভাগৰ সৈতে এক বৈঠকত মিলিত হয় আৰু জিলা পৰ্যায়ৰ পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়ে।

আৰু পঢ়িব পাৰিব : মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে ঘৰ এৰি প্ৰতিবাদ ভুক্তভোগী মহিলাৰ…

ৰাজ্যত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰপৰা মুৰ্গীৰ ব্যৱসায় সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে। কেইবাখনো ৰাজ্যই মঙলবাৰে বাৰ্ড ফ্লুৰ H5N8 চাপ নিয়ন্ত্ৰণ কৰাৰ বাবে সতৰ্কবাণী জাৰি কৰে আৰু পৰীক্ষাৰ বাবে মৃত পক্ষীবোৰৰ নমুনা প্ৰেৰণ কৰে। ইফালে কেৰালাত ইতিমধ্যে কুকুৰা আৰু হাঁহৰ নিধন কাৰ্য আৰম্ভ কৰা হৈছে। কৰ্ণাটক আৰু তামিলনাডুৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ