--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য গুজৰাটত আজিৰে পৰা বহিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিৱেশন। মহাত্মা গান্ধীৰ জন্মস্থান সবৰমতি নদীৰ পাৰত অনুষ্ঠিত হ'ব এই অধিৱেশন। 

উল্লেখযোগ্য যে ১৯৪২ চনত বেলগাম অধিৱেশনত মহাত্মা গান্ধীক কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰা হৈছিল। মহাত্মা গান্ধীক কংগ্ৰেছৰ সভাপতি নির্বাচিত কৰাৰ শতবর্ষ সম্পূর্ণ হোৱাৰ উপলক্ষত ইয়াত কংগ্ৰেছৰ অধিৱেশনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা আৰম্ভ হ'বলগীয়া দুদিনীয়া অধিৱেশনৰ নাম দিয়া হৈছে 'ন্যায় পথ'। অধিৱেশনত দলটোৰ সভাপতি মল্লিকার্জুন খর্গে, প্রাক্তন সভানেত্রী ছোনিয়া গান্ধী, লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অংশ গ্রহণ কৰিব। 

প্রায় ৬৪ বছৰৰ পাছত গুজৰাটত আয়োজন কৰা এই অধিৱেশনত দলটোৰ দুই সহস্রাধিক নেতা-কর্মীয়ে অংশগ্রহণ কৰিব। আজি পুৱা ১১ বজাৰ পৰা অধিৱেশন আৰম্ভ হয়। অধিৱেশনত কেইবাটাও ৰাজনৈতিক প্রস্তাব গৃহীত কৰা হ'ব। 

এই প্ৰস্তাৱসমূহে দলটোৰ ভৱিষ্যৎ ৰাজনৈতিক দিক নির্ণয় কৰিব বুলি কোৱা হৈছে। দলটোৰ নেতাসকল আজি বিয়লি ৫ বজাত গান্ধী আশ্রমলৈ যাব আৰু ভজন-কীর্তনত অংশগ্রহণ কৰিব। আজি নিশা হ'বলগীয়া সাংস্কৃতিক কার্যসূচীত মল্লিকাে সাৰাভাইৰ লগতে আন শিল্পীসকলে অংশগ্রহণ কৰিব। ইয়াত দাণ্ডিয়া আৰু আদিবাসী নৃত্যৰ দৰে অনুষ্ঠানো পৰিৱেশন কৰা হ'ব।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ