--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ লোকসভা সমষ্টিৰ লোকে যদি তেওঁক লগ কৰিব বিচাৰে তেন্তে আধাৰ কাৰ্ড লৈ আহিব লাগিব। মাণ্ডীৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰানাৱটে এই কথা অৱগত কৰে। যিকোনো ঠাইৰ বাসিন্দাই গৈ তেওঁক লগ কৰিব পাৰিব বুলিও তেওঁ কয়। বৈঠকৰ কাৰণ সভাৰ আগতে লিখিব লাগিব। ইয়াৰ বাবে কংগ্ৰেছে বিজেপি সাংসদ কংগনাক সমালোচনা কৰিছে।

সাংবাদিকৰ আগত কংগনাই কয় - ''হিমাচল প্ৰদেশত পৰ্যটকৰ সংখ্যা বহুত। গতিকে যিসকলে ভ্ৰমণ কৰিবলৈ আহে, তেওঁলোকৰ হাতত মাণ্ডী এলেকাৰ ঠিকনা থকা আধাৰ কাৰ্ড থাকিব লাগিব। সেই লোকসভা সমষ্টিৰ সৈতে আপুনি যি কাম সম্পৰ্কিত কৰিছে সেয়া আগতীয়াকৈ লিখিব লাগে যাতে কোনো সমস্যা নহয়।'' তেওঁক লগ কৰিব বিচৰা উত্তৰ হিমাচল প্ৰদেশৰ লোকসকলে তেওঁৰ মনালীৰ ঘৰলৈ যাব পাৰে।

কংগ্ৰেছৰ বিক্ৰমাদিত্য সিঙে মাণ্ডী লোকসভাৰ আসনত তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিক্ৰমাদিত্যই কংগনাৰ এই নিৰ্দেশক সমালোচনা কৰি কয় -  ''তেওঁক লগ কৰিবলৈ কোনেও আধাৰ কাৰ্ড অনাৰ প্ৰয়োজন নাই। তেওঁ কয়, আমি জনপ্ৰতিনিধি। ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক লগ পোৱাটো আমাৰ কৰ্তব্য। সৰু কামেই হওক বা ডাঙৰ কামেই হওক, নীতি সম্পৰ্কীয় হওক বা ব্যক্তিগত — কাকো আইডিৰ প্ৰয়োজন নাই। কোনো ব্যক্তি জনপ্ৰতিনিধিৰ ওচৰলৈ আহিলে বুজিব লাগে যে তেওঁ কামৰ বাবে আহিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক