--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোতে শুভ বাৰ এটা নিৰ্বাচন কৰি লোৱাটো উচিৎ। অন্যথা ইয়াৰ ফলাফল বেয়া হ’ব পাৰে।বাস্তু শাস্ত্র অনুসৰি কোন বাৰত গৃহাৰম্ভৰ কাম কৰিলে শুভ আৰু অশুভ ফল পোৱা যায় সেই বিষয়ে উল্লেখ কৰা হৈছে। 

বাস্তুশাস্ত্ৰ মতে ঘৰ এটা নিৰ্মাণৰ কাম দেওবাৰে আৰম্ভ কৰিব নালাগে। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাটো অশুভ। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অগ্নি ভয় থাকে।
গৃহাৰম্ভৰ বাবে সোমবাৰটো শুভ বাৰ। এই বাৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ সুখ-শান্তি বৃদ্ধি পায়।

মঙলবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে । কাৰণ এই বাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ হিচাপে বাস্তু শাস্ত্ৰই গণ্য নকৰে। কিন্তু গৃহস্থৰ ৰাশিচক্ৰত যদি মংগল শক্তিশালী হৈ থাকে আৰু শুক্ৰৰ সৈতে মঙ্গলৰ শুভ যোগ থাকে তেন্তে সেই ক্ষেত্ৰত মঙলবাৰেও তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে৷

বুধবৰাটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ। কিন্তু গৃহস্থৰ ৰাশি চক্ৰত বুধ যদি লগ্নৰ অষ্টমপতি বা দ্বাদশপতি হয় তেন্তে বুধবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। এনে ক্ষেত্ৰত বুধবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ মূল মানুহজনৰ আকস্মিক মৃত্যুৰ আশংকা থাকে।
বৃহস্পতিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি। অৱশ্যে দিনৰ ১২ বজাৰ আগতে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰা যায়।

গৃহস্থৰ জন্মৰ সময়ত যদি বৃহস্পতি দুৰ্বল হৈ থাকে তেন্তে বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ নকৰাই ভাল । এইক্ষেত্ৰত বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অশুভ ফলহে লাভ কৰিব ।

শুক্ৰবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে যি গৃহস্থৰ জন্মৰ সময়ত শুক্র শক্তিশালী হৈ থাকে। যদি গৃহস্থৰ ৰাশি চক্রত শুক্ৰ  দুৰ্বল হয় অথবা অষ্টম নাইবা দ্বাদশপতি হয় তেন্তে তেনে গৃহস্থই শুকুৰবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে।

শনিবাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে অশুভ বাৰ। অৱশ্যে যিসকল লোকৰ জন্মতে শনি বলবান হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কামত হাত দিব পাৰে। যিসকল লোকৰ জন্মতে শনি দুৰ্বল হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে গৃহ নিৰ্মাণ কৰাৰ পূৰ্বে শুভ বাৰ এটা বাচি লোৱা উচিৎ। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু