--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰোতে শুভ বাৰ এটা নিৰ্বাচন কৰি লোৱাটো উচিৎ। অন্যথা ইয়াৰ ফলাফল বেয়া হ’ব পাৰে।বাস্তু শাস্ত্র অনুসৰি কোন বাৰত গৃহাৰম্ভৰ কাম কৰিলে শুভ আৰু অশুভ ফল পোৱা যায় সেই বিষয়ে উল্লেখ কৰা হৈছে। 

বাস্তুশাস্ত্ৰ মতে ঘৰ এটা নিৰ্মাণৰ কাম দেওবাৰে আৰম্ভ কৰিব নালাগে। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাটো অশুভ। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অগ্নি ভয় থাকে।
গৃহাৰম্ভৰ বাবে সোমবাৰটো শুভ বাৰ। এই বাৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ সুখ-শান্তি বৃদ্ধি পায়।

মঙলবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে । কাৰণ এই বাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ হিচাপে বাস্তু শাস্ত্ৰই গণ্য নকৰে। কিন্তু গৃহস্থৰ ৰাশিচক্ৰত যদি মংগল শক্তিশালী হৈ থাকে আৰু শুক্ৰৰ সৈতে মঙ্গলৰ শুভ যোগ থাকে তেন্তে সেই ক্ষেত্ৰত মঙলবাৰেও তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে৷

বুধবৰাটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ। কিন্তু গৃহস্থৰ ৰাশি চক্ৰত বুধ যদি লগ্নৰ অষ্টমপতি বা দ্বাদশপতি হয় তেন্তে বুধবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। এনে ক্ষেত্ৰত বুধবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ মূল মানুহজনৰ আকস্মিক মৃত্যুৰ আশংকা থাকে।
বৃহস্পতিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি। অৱশ্যে দিনৰ ১২ বজাৰ আগতে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰা যায়।

গৃহস্থৰ জন্মৰ সময়ত যদি বৃহস্পতি দুৰ্বল হৈ থাকে তেন্তে বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ নকৰাই ভাল । এইক্ষেত্ৰত বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অশুভ ফলহে লাভ কৰিব ।

শুক্ৰবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে যি গৃহস্থৰ জন্মৰ সময়ত শুক্র শক্তিশালী হৈ থাকে। যদি গৃহস্থৰ ৰাশি চক্রত শুক্ৰ  দুৰ্বল হয় অথবা অষ্টম নাইবা দ্বাদশপতি হয় তেন্তে তেনে গৃহস্থই শুকুৰবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে।

শনিবাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে অশুভ বাৰ। অৱশ্যে যিসকল লোকৰ জন্মতে শনি বলবান হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কামত হাত দিব পাৰে। যিসকল লোকৰ জন্মতে শনি দুৰ্বল হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে গৃহ নিৰ্মাণ কৰাৰ পূৰ্বে শুভ বাৰ এটা বাচি লোৱা উচিৎ। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ