--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জিএছটি, বিমুদ্ৰাকৰণ আৰু ক’ভিড সংকটে বিধ্বস্ত কৰিছে দেশৰ অৰ্থনীতি৷ ঋণত পোত গৈছে চৰকাৰ৷ অৰ্থ সংকটে জুৰুলা কৰিছে দেশৰ দৰিদ্ৰ জনগণক৷ 

উপযুক্ত বজাৰ লাভ নকৰি আত্মহত্যা কৰিছে কৃষকে৷ নিবনুৱাই পোৱা নাই সংস্থাপন৷ এশ এবুৰি সমস্যাই উশাহ বন্ধ কৰাৰ উপক্ৰম হৈছে৷ এই সকলো নেতিবাচক খবৰক একাষৰীয়া কৰি দেওবাৰে হঠাৎ বিয়পি পৰিল এটা মন ভাললগা খবৰ৷ খবৰটো এয়াই যে দেশৰ জিডিপিয়ে ৪ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিছে৷ তাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীলৈ শুভেচ্ছাৰ সোঁত৷

দেওবাৰে হঠাৎ এটা খবৰ ভাইৰেল হৈছিল যে ভাৰতে ঐতিহাসিক মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰি জিডিপিয়ে প্ৰথমবাৰৰ বাবে ৪ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিছিল৷

বিজেপিৰ কেইবাজনো মন্ত্ৰী আৰু উদ্যোগপতিয়ে এই অভূতপূৰ্ব সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছিল৷ পৰিবেশটো এনে লাগিছিল যেন ২০২৫ৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত উপনীত হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে দেশখন এখোজ ওচৰ চাপি গৈছে।

কিন্তু, ৰ’ব৷ এই খবৰ সঁচা নহয়৷ এইপৰ্যন্ত বিষয়টোক লৈ নীৰৱতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ আনকি ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়েও মৌনতা অৱলম্বন কৰিছে৷

দেওবাৰে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (আইএমএফ) তথ্যৰ ওপৰত আধাৰ কৰি সকলো দেশৰ বাবে লাইভ ট্ৰেকিং জিডিপি ফীডৰ পৰা এক অপ্ৰমাণিত ‘স্ক্ৰীণগ্ৰাব’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। য’ত ভাৰতৰ জিডিপিয়ে প্ৰথমবাৰৰ বাবে ৪ ট্ৰিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰিছে বুলি দেখুওৱা হৈছিল৷

চৰকাৰৰ নীৰৱতাই ৰহস্যঘন কৰি তুলিছে সমগ্ৰ বিষয়...

ভাৰতৰ জিডিপিয়ে ৪ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ কেইবাঘণ্টা পাছতো চৰকাৰ মৌন হৈ থাকিল, যাৰ ফলত দেশবাসীয়ে সেই দাবীক লৈ তুলিছে প্ৰশ্ন। বিত্ত মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ে দাবীটোৰ ওপৰত কোনো মন্তব্য কৰা নাছিল।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনে, কি উদ্দেশ্যৰে এই ভুৱা খবৰ ভাইৰেল কৰিলে, তাকে লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন৷ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এটা মহলে এই ভুৱা খবৰ বিয়পাই দিলে নেকি- তাক লৈও সৃষ্টি হৈছে সন্দেহ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ