--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত  ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ প্ৰভাৱ এতিয়া  শ্বেয়াৰ বজাৰৰ ওপৰতো পৰিছে।  মোডী ঢৌৰ বাবেই  বিজেপিয়ে অৰ্জন কৰা  বিজয়ত বিনিয়োগকাৰীসকল উৎফুল্লিত হৈ পৰিছে। শ্বেয়াৰ বজাৰত কালিৰে পৰা  লক্ষ্যণীয় বৃদ্ধি হৈছে।

 বজাৰ মুকলি হোৱাৰ লগে লগে চেঞ্চেক্স আৰু নিফটিয়ে নতুন অভিলেখ গঢ়িছে। বম্বে ষ্টক এক্সচেঞ্জৰ চেঞ্চেক্সে ইয়াৰ সৰ্বকালৰ সৰ্বাধিক ৬৭৯২৭.২৩ৰে  পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। আজি সেয়া  ৬৮,৫৮৭.৮২ত  উপনীত  হৈছে। একে সময়তে, নেচনেল ষ্টক এক্সচেঞ্জৰ বেঞ্চমাৰ্ক ইণ্ডেক্স নিফটি ৫০-য়েও ইতিহাস সৃষ্টি কৰিছে। একে সময়তে, নিফটিয়েও ৩৩৪  পইণ্ট হৈছে।   আজি প্ৰাৰম্ভিক ব্যৱসায়ত সৰ্বাধিক বৃদ্ধি আদানি গ্ৰুপৰ শ্বেয়াৰতো দেখা গৈছিল। 

আদানি গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী আদানি এণ্টাৰপ্ৰাইজেছৰ শ্বেয়াৰে আটাইতকৈ বেছি বৃদ্ধি হৈছে। সেয়া  ৭.০৪ শতাংশ বা ১৬৬.৩০ টকাৰ পৰা ২,৫২৯.০০ টকালৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি  আদানি এণ্টাৰপ্ৰাইজেছ, আদানি পোৰ্টছ, এছবিআই, এনটিপিচি আৰু এল এণ্ড টি কোম্পানীৰ শ্বেয়াৰে নিফটিত শক্তিশালী স্থিতি লাভ কৰিছে। 

আজি  বজাৰ মুকলি হোৱাৰ লগে লগে২১৯৪  টা শ্বেয়াৰত বৃদ্ধি দেখা গৈছে। একে সময়তে ২৫৯  টা শ্বেয়াৰ ৰঙা চিহ্নৰ সৈতে খোলা হৈছে। একে সময়তে ১১৯  টা শ্বেয়াৰ অপৰিৱৰ্তিত হৈ  আছিল। বজাৰ খোলাৰ লগে লগে, চেঞ্চেক্স ১০ মিনিটৰ ভিতৰত ১০০০ পইণ্টতকৈ অধিক উৰ্ধগামী হৈছে। নিফটিও ২.১৭ শতাংশ বৃদ্ধি হৈ ৪৫,৭৮৪.৮০ স্তৰত উপনীত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ