--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ সামৰণি পৰাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ সৈতে টি-২০ শৃংখলাত অৱতীৰ্ণ হৈছে ভাৰত। ইতিমধ্যে অনুষ্ঠিত হ’বলগীয়া ৫খন টি-২০ৰ ২খনতে পৰাস্ত হৈছে ভাৰত। দলটোৰ জ্যেষ্ঠ খেলুৱৈসকল সম্প্ৰতি খেলৰ পৰা আঁতৰি থকা সময়তে ভাৰতে চলিত শৃংখলাত যুৱ খেলুৱৈৰ ওপৰতে অধিক নিৰ্ভৰ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত চৰ্চালৈ আহিছে ৰিয়ান পৰাগৰ নাম। যিটো সময়ত ভাৰতীয় ক্ৰিকেটত বহু যুৱ প্ৰতিভাৰ উন্মেষ ঘটিছে তেনেস্থলত আইপিএলৰ যোগেদি লাইমলাইটলৈ অহা ৰিয়ান পৰাগক লৈ দলে কি ধৰণে চিন্তা চৰ্চা আগবঢ়াইছে সেয়া হৈ পৰিছে চিন্তনীয় বিষয়।

পিছে আইপিএলৰ যোগেদি বাতৰিৰ লাইমলাইট দখল কৰা অসমীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগে এই মুহূৰ্তত ভাৰতীয় দলত স্থান পোৱাৰ যোগ্য নহয় বুলি নিজেই মন্তব্য কৰিছে।

স্বাভাৱিকতে, কেইখনমান খেলৰ বাহিৰে সদ্যসমাপ্ত আইপিএলত উন্নত প্ৰদৰ্শন দেখুৱালৈ সক্ষম হোৱা নাই ৰিয়ান পৰাগে। আইপিএলৰ অন্যতম জনপ্ৰিয় ফ্ৰেঞ্চাইজী ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ান পৰাগে এই প্ৰসংগত কয় যে, ‘দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰাটো সুকীয়া কথা। মই এনেকুৱা লেখত ল’বলগীয়া প্ৰদৰ্শন কেইখনমান মেচতহে কৰিছো পিছে এয়াই যথেষ্ট নহয়।’

ৰিয়ানে লগতে কয়, ‘যদি মই দলক ৬-৭ খন মেচত জয়ী কৰাব পাৰিলো হয়, সেয়া মোৰ বাবে ভাল হ’লহেতেন। কিন্তু এতিয়াই যদি মোৰ নাম সম্ভাব্য তালিকাত আহে, মোৰ ভাল নালাগিব। এই মুহূৰ্তত মই ইয়াৰ যোগ্য নহয়। আহিবলগীয়া ছিজনত মই অধিক আত্মবিশ্বাসেৰে খেলিম। যদি মই দলক জয়ী কৰিব পাৰো তে‌তিয়া ভাল হ’ব।’

ফিনিচাৰ হিচাপে মহেন্দ্ৰ সিং ধোনীক অনুসৰণ কৰে বুলি উল্লেখ কৰি ৰিয়ান পৰাগে কয়, ‘৬-৭ নম্বৰত বেটিং কৰি আৰু অধিক উন্নতমানৰ প্ৰদৰ্শন কৰিব বিচাৰো। ধোনীৰ ফালে চালেই দেখিব তেওঁ নিজকে কিদৰে এজন ফিনিচাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। মই তেওঁৰ পৰা যথেষ্ট শিকিছো আৰু সেইখিনি মই মোৰ খেলত প্ৰয়োগ কৰিব বিচাৰো।’

উল্লেখ্য যে, ৰিয়ানে আইপিএলৰ পঞ্চদশ ছিজনত ১৭ খন মেচৰ ১৪ টা ইনিংছত ১৮৩ ৰান সংগ্ৰহ কৰিছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ