--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ সামৰণি পৰাৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ সৈতে টি-২০ শৃংখলাত অৱতীৰ্ণ হৈছে ভাৰত। ইতিমধ্যে অনুষ্ঠিত হ’বলগীয়া ৫খন টি-২০ৰ ২খনতে পৰাস্ত হৈছে ভাৰত। দলটোৰ জ্যেষ্ঠ খেলুৱৈসকল সম্প্ৰতি খেলৰ পৰা আঁতৰি থকা সময়তে ভাৰতে চলিত শৃংখলাত যুৱ খেলুৱৈৰ ওপৰতে অধিক নিৰ্ভৰ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত চৰ্চালৈ আহিছে ৰিয়ান পৰাগৰ নাম। যিটো সময়ত ভাৰতীয় ক্ৰিকেটত বহু যুৱ প্ৰতিভাৰ উন্মেষ ঘটিছে তেনেস্থলত আইপিএলৰ যোগেদি লাইমলাইটলৈ অহা ৰিয়ান পৰাগক লৈ দলে কি ধৰণে চিন্তা চৰ্চা আগবঢ়াইছে সেয়া হৈ পৰিছে চিন্তনীয় বিষয়।

পিছে আইপিএলৰ যোগেদি বাতৰিৰ লাইমলাইট দখল কৰা অসমীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগে এই মুহূৰ্তত ভাৰতীয় দলত স্থান পোৱাৰ যোগ্য নহয় বুলি নিজেই মন্তব্য কৰিছে।

স্বাভাৱিকতে, কেইখনমান খেলৰ বাহিৰে সদ্যসমাপ্ত আইপিএলত উন্নত প্ৰদৰ্শন দেখুৱালৈ সক্ষম হোৱা নাই ৰিয়ান পৰাগে। আইপিএলৰ অন্যতম জনপ্ৰিয় ফ্ৰেঞ্চাইজী ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ান পৰাগে এই প্ৰসংগত কয় যে, ‘দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰাটো সুকীয়া কথা। মই এনেকুৱা লেখত ল’বলগীয়া প্ৰদৰ্শন কেইখনমান মেচতহে কৰিছো পিছে এয়াই যথেষ্ট নহয়।’

ৰিয়ানে লগতে কয়, ‘যদি মই দলক ৬-৭ খন মেচত জয়ী কৰাব পাৰিলো হয়, সেয়া মোৰ বাবে ভাল হ’লহেতেন। কিন্তু এতিয়াই যদি মোৰ নাম সম্ভাব্য তালিকাত আহে, মোৰ ভাল নালাগিব। এই মুহূৰ্তত মই ইয়াৰ যোগ্য নহয়। আহিবলগীয়া ছিজনত মই অধিক আত্মবিশ্বাসেৰে খেলিম। যদি মই দলক জয়ী কৰিব পাৰো তে‌তিয়া ভাল হ’ব।’

ফিনিচাৰ হিচাপে মহেন্দ্ৰ সিং ধোনীক অনুসৰণ কৰে বুলি উল্লেখ কৰি ৰিয়ান পৰাগে কয়, ‘৬-৭ নম্বৰত বেটিং কৰি আৰু অধিক উন্নতমানৰ প্ৰদৰ্শন কৰিব বিচাৰো। ধোনীৰ ফালে চালেই দেখিব তেওঁ নিজকে কিদৰে এজন ফিনিচাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। মই তেওঁৰ পৰা যথেষ্ট শিকিছো আৰু সেইখিনি মই মোৰ খেলত প্ৰয়োগ কৰিব বিচাৰো।’

উল্লেখ্য যে, ৰিয়ানে আইপিএলৰ পঞ্চদশ ছিজনত ১৭ খন মেচৰ ১৪ টা ইনিংছত ১৮৩ ৰান সংগ্ৰহ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ