--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশ উত্তাল হৈ পৰিছে কোটাবিৰোধী আন্দোলনেৰে৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই সংৰক্ষণ বিৰোধী আন্দোলনত সন্ত্ৰাসবাদী শক্তিৰ অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে সন্ধিয়া ৰাজ্যিক টেলিভিছন আৰু ৰেডিঅ’ত দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে, “মই নিৰ্দ্বিধায় ঘোষণা কৰিছো যে যিসকলে হত্যা, লুণ্ঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিছে, যিয়েই নহওক কিয়, তেওঁলোকক শাস্তি দিয়া হ’ব।”

ইয়াৰ উপৰিও বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে সংৰক্ষণ বিৰোধী আন্দোলনত ছয়জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কয় - ‘‘কোটা আন্দোলনৰ সুবিধা লৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰম্ভ হৈছে। ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ আন্দোলনত যি হৈছে সেয়া অতি বেদনাদায়ক আৰু দুখজনক। অপ্ৰয়োজনীয়ভাৱে কিমান বহুমূলীয়া প্ৰাণ হেৰাই গ'ল। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা।'' ন্যায়ৰ স্বাৰ্থত মৃত্যুৰ ন্যায়িক তদন্তৰ কথাও ঘোষণা কৰে।

প্ৰসংগক্ৰমে চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা বাতিলৰ দাবীত ছাত্ৰ-যুৱ আন্দোলনক কেন্দ্ৰ কৰি বাংলাদেশ অস্থিৰ হৈ পৰিছে। ৰাজধানী ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত কমেও ৬ জন লোকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ছাত্ৰ শাখাইও প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ অভিযোগ।

বাংলাদেশৰ "প্ৰথম আলো" কাকতত প্ৰকাশিত বাতৰি অনুসৰি চিটাগঙত তিনিজন লোক নিহত হৈছে। ৰাজধানী ঢাকাত দুটা আৰু ৰংপুৰত এটা। মঙলবাৰে বিয়লি চট্টগ্ৰামৰ মুৰাদপুৰ অঞ্চলত ৰিজাৰ্ভচন বিৰোধী ছাত্ৰ-যুৱক সমাৱেশত ৰবৰৰ গুলী নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিৰোধী দল বিএনপিৰ ছাত্ৰ সংগঠন জাতীয়তাবাদী ছাত্ৰ দলৰ এজন স্থানীয় নেতাৰ তাতেই মৃত্যু হয়। আনহাতে, হাছিনাৰ দলৰ ছাত্ৰ শাখা ছাত্ৰ লীগৰ এগৰাকী কৰ্মীক ঢাকাত প্ৰহাৰ কৰি হত্যা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক