--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশ উত্তাল হৈ পৰিছে কোটাবিৰোধী আন্দোলনেৰে৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই সংৰক্ষণ বিৰোধী আন্দোলনত সন্ত্ৰাসবাদী শক্তিৰ অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে সন্ধিয়া ৰাজ্যিক টেলিভিছন আৰু ৰেডিঅ’ত দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে, “মই নিৰ্দ্বিধায় ঘোষণা কৰিছো যে যিসকলে হত্যা, লুণ্ঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিছে, যিয়েই নহওক কিয়, তেওঁলোকক শাস্তি দিয়া হ’ব।”

ইয়াৰ উপৰিও বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে সংৰক্ষণ বিৰোধী আন্দোলনত ছয়জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কয় - ‘‘কোটা আন্দোলনৰ সুবিধা লৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰম্ভ হৈছে। ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ আন্দোলনত যি হৈছে সেয়া অতি বেদনাদায়ক আৰু দুখজনক। অপ্ৰয়োজনীয়ভাৱে কিমান বহুমূলীয়া প্ৰাণ হেৰাই গ'ল। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা।'' ন্যায়ৰ স্বাৰ্থত মৃত্যুৰ ন্যায়িক তদন্তৰ কথাও ঘোষণা কৰে।

প্ৰসংগক্ৰমে চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ ব্যৱস্থা বাতিলৰ দাবীত ছাত্ৰ-যুৱ আন্দোলনক কেন্দ্ৰ কৰি বাংলাদেশ অস্থিৰ হৈ পৰিছে। ৰাজধানী ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত কমেও ৬ জন লোকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগৰ ছাত্ৰ শাখাইও প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ অভিযোগ।

বাংলাদেশৰ "প্ৰথম আলো" কাকতত প্ৰকাশিত বাতৰি অনুসৰি চিটাগঙত তিনিজন লোক নিহত হৈছে। ৰাজধানী ঢাকাত দুটা আৰু ৰংপুৰত এটা। মঙলবাৰে বিয়লি চট্টগ্ৰামৰ মুৰাদপুৰ অঞ্চলত ৰিজাৰ্ভচন বিৰোধী ছাত্ৰ-যুৱক সমাৱেশত ৰবৰৰ গুলী নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিৰোধী দল বিএনপিৰ ছাত্ৰ সংগঠন জাতীয়তাবাদী ছাত্ৰ দলৰ এজন স্থানীয় নেতাৰ তাতেই মৃত্যু হয়। আনহাতে, হাছিনাৰ দলৰ ছাত্ৰ শাখা ছাত্ৰ লীগৰ এগৰাকী কৰ্মীক ঢাকাত প্ৰহাৰ কৰি হত্যা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান