--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ৰ’না ভাইৰাছৰ বাবে দেশত হাৰ্ট এটেকৰ ৰোগী বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই প্ৰকাশ কৰিছে। তেওঁ কয় যে যিসকল লোকে পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল তেওঁলোকৰ হৃদৰোগ আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ আশংকা থাকিব পাৰে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) এক অধ্যয়নৰ উদ্ধৃতি দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই এই কথা সদৰী কৰে।

মাণ্ডৱিয়াই কয়, ‘আই চি এম আৰ এ বিশদ অধ্যয়ন কৰি দেখা গৈছে যে যিসকল লোকে গুৰুতৰ কোভিড সংক্ৰমণত ভুগি আহিছে তেওঁলোকে কিছুদিন কঠোৰ পৰিশ্ৰম কৰিব নালাগে। এবছৰ বা দুবছৰৰ বাবে পিছুৱাই দিব লাগে।

প্ৰতিবেদন অনুসৰি গুজৰাটত হাৰ্ট এটেকত মৃত্যুৰ ধাৰাবাহিকতা বন্ধ হোৱা নাই। ৰাজ্যজুৰি মৃত্যুমুখত পৰিছে যুৱক-যুৱতী আৰু আদবয়সীয়া লোক। বিশেষকৈ সৌৰাষ্ট্ৰত হাৰ্ট এটেকৰ ঘটনা আতংকজনকভাৱে বৃদ্ধি পাইছে। যুৱক-যুৱতীসকল হাৰ্ট এটেকৰ মূল বলি হৈ পৰিছে।

জানিব পৰা মতে, যোৱা ২২ অক্টোবৰত খেদা জিলাৰ কাপাডভাঞ্জ চহৰত গৰ্বা নাচি থকা অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ১৭ বছৰীয়া ল’ৰা এটাৰ মৃত্যু হৈছিল।

সমগ্ৰ গুজৰাটত গৰ্বাৰ অনুষ্ঠানৰ সময়ত যোৱা ২৪ ঘণ্টাত কমেও ১০ জন লোকৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰে কম বয়সীয়াজন আছিল ১৭ বছৰীয়া ল’ৰা।

যোৱা ২২ অক্টোবৰত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল তথা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনন্দিবেন পেটেলে গুজৰাটত হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি এনে মৃত্যু কোভিডৰ বাবে হ’ব পাৰে বুলি কৈছে।

বিশেষজ্ঞসকলে কি কয়?

দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে কয় যে ক’ৰ’না মহামাৰীৰ পিছত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীসকলৰ পৰীক্ষাৰ সময়ত স্পষ্ট হৈ পৰে যে কোভিডৰ বাবে হৃদযন্ত্ৰৰ ধমনীত তেজৰ গোট গঠন হৈছে। এই তেজ জমা হোৱাৰ বাবে হৃদযন্ত্ৰই তেজ পাম্প কৰাত অসুবিধা পায়। ইয়াৰ বাবেই তেওঁৰ হাৰ্ট এটেক হয়। ক্লট গঠনৰ এটা প্ৰধান কাৰণ হ’ল ক’ৰ’নাৰ পাৰ্শ্বক্ৰিয়া।

চিন্তাৰ বিষয়টো হ’ল যিকোনো বয়সৰ ব্যক্তিৰ শৰীৰত এই ক্লটবোৰ গঠন হৈ আছে। বাহিৰৰ পৰা মানুহক ফিট যেন লাগিলেও হৃদযন্ত্ৰৰ শিৰাত তেজৰ গোট গঠন হৈ আছে। বহু ক্ষেত্ৰত কোনো লক্ষণ দেখা নাযায়। এই কাৰণেই হঠাৎ হাৰ্ট এটেক হৈ মানুহৰ মৃত্যু ঘটিছে।

ৱৰ্কআউট এৰক

সফদাৰজং হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ দীপক কুমাৰ সুমনে কয় যে যিসকল লোকে ক’ৰ’নাৰ বাবে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল তেওঁলোকে গধুৰ ৱৰ্কআউট কৰাৰ পৰা বিৰত থাকিব লাগে। এনে লোকে চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যায়াম কৰিব লাগে। কাৰণ ব্যায়ামৰ সময়ত শৰীৰত অক্সিজেনৰ যোগান বাঢ়ি যায়। এনে অৱস্থাত হাওঁফাওঁৰ ওপৰত চাপ পৰে আৰু হৃদযন্ত্ৰইও তেজ বেছি বেগেৰে পাম্প কৰিবলৈ আৰম্ভ কৰে। যদি ক’ৰ’না বা আন কোনো কাৰণত হৃদযন্ত্ৰত তেজ জমা হয়, তেন্তে প্ৰচণ্ড ব্যায়ামৰ সময়ত হাৰ্ট এটেক হোৱাৰ আশংকা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে