--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ৰ’না ভাইৰাছৰ বাবে দেশত হাৰ্ট এটেকৰ ৰোগী বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই প্ৰকাশ কৰিছে। তেওঁ কয় যে যিসকল লোকে পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল তেওঁলোকৰ হৃদৰোগ আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ আশংকা থাকিব পাৰে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) এক অধ্যয়নৰ উদ্ধৃতি দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই এই কথা সদৰী কৰে।

মাণ্ডৱিয়াই কয়, ‘আই চি এম আৰ এ বিশদ অধ্যয়ন কৰি দেখা গৈছে যে যিসকল লোকে গুৰুতৰ কোভিড সংক্ৰমণত ভুগি আহিছে তেওঁলোকে কিছুদিন কঠোৰ পৰিশ্ৰম কৰিব নালাগে। এবছৰ বা দুবছৰৰ বাবে পিছুৱাই দিব লাগে।

প্ৰতিবেদন অনুসৰি গুজৰাটত হাৰ্ট এটেকত মৃত্যুৰ ধাৰাবাহিকতা বন্ধ হোৱা নাই। ৰাজ্যজুৰি মৃত্যুমুখত পৰিছে যুৱক-যুৱতী আৰু আদবয়সীয়া লোক। বিশেষকৈ সৌৰাষ্ট্ৰত হাৰ্ট এটেকৰ ঘটনা আতংকজনকভাৱে বৃদ্ধি পাইছে। যুৱক-যুৱতীসকল হাৰ্ট এটেকৰ মূল বলি হৈ পৰিছে।

জানিব পৰা মতে, যোৱা ২২ অক্টোবৰত খেদা জিলাৰ কাপাডভাঞ্জ চহৰত গৰ্বা নাচি থকা অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ১৭ বছৰীয়া ল’ৰা এটাৰ মৃত্যু হৈছিল।

সমগ্ৰ গুজৰাটত গৰ্বাৰ অনুষ্ঠানৰ সময়ত যোৱা ২৪ ঘণ্টাত কমেও ১০ জন লোকৰ হাৰ্ট এটেকত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰে কম বয়সীয়াজন আছিল ১৭ বছৰীয়া ল’ৰা।

যোৱা ২২ অক্টোবৰত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল তথা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনন্দিবেন পেটেলে গুজৰাটত হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি এনে মৃত্যু কোভিডৰ বাবে হ’ব পাৰে বুলি কৈছে।

বিশেষজ্ঞসকলে কি কয়?

দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ অজিত জৈনে কয় যে ক’ৰ’না মহামাৰীৰ পিছত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীসকলৰ পৰীক্ষাৰ সময়ত স্পষ্ট হৈ পৰে যে কোভিডৰ বাবে হৃদযন্ত্ৰৰ ধমনীত তেজৰ গোট গঠন হৈছে। এই তেজ জমা হোৱাৰ বাবে হৃদযন্ত্ৰই তেজ পাম্প কৰাত অসুবিধা পায়। ইয়াৰ বাবেই তেওঁৰ হাৰ্ট এটেক হয়। ক্লট গঠনৰ এটা প্ৰধান কাৰণ হ’ল ক’ৰ’নাৰ পাৰ্শ্বক্ৰিয়া।

চিন্তাৰ বিষয়টো হ’ল যিকোনো বয়সৰ ব্যক্তিৰ শৰীৰত এই ক্লটবোৰ গঠন হৈ আছে। বাহিৰৰ পৰা মানুহক ফিট যেন লাগিলেও হৃদযন্ত্ৰৰ শিৰাত তেজৰ গোট গঠন হৈ আছে। বহু ক্ষেত্ৰত কোনো লক্ষণ দেখা নাযায়। এই কাৰণেই হঠাৎ হাৰ্ট এটেক হৈ মানুহৰ মৃত্যু ঘটিছে।

ৱৰ্কআউট এৰক

সফদাৰজং হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ দীপক কুমাৰ সুমনে কয় যে যিসকল লোকে ক’ৰ’নাৰ বাবে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল তেওঁলোকে গধুৰ ৱৰ্কআউট কৰাৰ পৰা বিৰত থাকিব লাগে। এনে লোকে চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যায়াম কৰিব লাগে। কাৰণ ব্যায়ামৰ সময়ত শৰীৰত অক্সিজেনৰ যোগান বাঢ়ি যায়। এনে অৱস্থাত হাওঁফাওঁৰ ওপৰত চাপ পৰে আৰু হৃদযন্ত্ৰইও তেজ বেছি বেগেৰে পাম্প কৰিবলৈ আৰম্ভ কৰে। যদি ক’ৰ’না বা আন কোনো কাৰণত হৃদযন্ত্ৰত তেজ জমা হয়, তেন্তে প্ৰচণ্ড ব্যায়ামৰ সময়ত হাৰ্ট এটেক হোৱাৰ আশংকা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ