--°C
Loading...
Listen to Article
2 min read
80%



ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালেশ্বৰৰ পাছত অন্ধ্ৰ প্ৰদেশ। দেওবাৰে বিজয়নগৰ জিলাত এখন এক্সপ্ৰেছ ৰে’ল আৰু যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষ হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহৰ প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাটোৰ ফলত কমেও নজনকৈ লোকৰ মৃত্যু হৈছে। হতাহত হৈছে কেইবাজনো। বৰ্তমান উদ্ধাৰৰ কাম চলি আছে।

উল্লেখ্য যে কিছুমাহ পূৰ্বেও বালেশ্বৰত দুখন ৰে’ল আৰু এখন মালবাহী ৰে’লৰ সংঘৰ্ষত প্ৰায় ২৮০ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰপাছতে বিজয়নগৰত এই দুৰ্ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, বিশাখাপট্টনমৰ পৰা ৰায়গড়ালৈ গৈ আছিল যাত্ৰীবাহী ৰেলখন। ওপৰৰ তাঁৰডাল ছিগি যোৱাৰ লগে লগে ৰেলখন স্তব্ধ হৈ পৰিল। তেনেতে পালাছা এক্সপ্ৰেছ আহি খুন্দা মাৰিলে। বিশাখাপট্টনমৰ পৰা পলাছালৈ গৈ আছিল ৰেলখন। ইয়াৰ ফলত যাত্ৰীবাহী ৰে’লৰ তিনিটা ডবা ৰেলপথৰ পৰা ওলাই যায়। এই দৃশ্যৰ বিভিন্ন ফটো মুকলি কৰা হৈছে। দেখা গৈছে যে ৰেলৰ ডবাটো ৰেলপথৰ পৰা ওলাই গৈছে। তাত বহু লোক সমবেত হৈছে। উদ্ধাৰ কামত সহায় কৰিছিল স্থানীয় ৰাইজে।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ জনসংযোগ বিষয়াই জনোৱা মতে, দুখন ৰে’লৰ মাজত সংঘৰ্ষ হৈ এখন ৰেল ৰেলপথৰ পৰা ওলাই হৈছে। উদ্ধাৰৰ কাম চলি আছে।

অন্ধ্ৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে ৰেল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে, বিজয়নগৰ জিলাৰ কান্তকাপল্লীত সংঘটিত ৰে’ল দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ বিষয়াসকলক শীঘ্ৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। আহতসকলক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ