--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালেশ্বৰৰ পাছত অন্ধ্ৰ প্ৰদেশ। দেওবাৰে বিজয়নগৰ জিলাত এখন এক্সপ্ৰেছ ৰে’ল আৰু যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষ হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহৰ প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাটোৰ ফলত কমেও নজনকৈ লোকৰ মৃত্যু হৈছে। হতাহত হৈছে কেইবাজনো। বৰ্তমান উদ্ধাৰৰ কাম চলি আছে।

উল্লেখ্য যে কিছুমাহ পূৰ্বেও বালেশ্বৰত দুখন ৰে’ল আৰু এখন মালবাহী ৰে’লৰ সংঘৰ্ষত প্ৰায় ২৮০ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰপাছতে বিজয়নগৰত এই দুৰ্ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, বিশাখাপট্টনমৰ পৰা ৰায়গড়ালৈ গৈ আছিল যাত্ৰীবাহী ৰেলখন। ওপৰৰ তাঁৰডাল ছিগি যোৱাৰ লগে লগে ৰেলখন স্তব্ধ হৈ পৰিল। তেনেতে পালাছা এক্সপ্ৰেছ আহি খুন্দা মাৰিলে। বিশাখাপট্টনমৰ পৰা পলাছালৈ গৈ আছিল ৰেলখন। ইয়াৰ ফলত যাত্ৰীবাহী ৰে’লৰ তিনিটা ডবা ৰেলপথৰ পৰা ওলাই যায়। এই দৃশ্যৰ বিভিন্ন ফটো মুকলি কৰা হৈছে। দেখা গৈছে যে ৰেলৰ ডবাটো ৰেলপথৰ পৰা ওলাই গৈছে। তাত বহু লোক সমবেত হৈছে। উদ্ধাৰ কামত সহায় কৰিছিল স্থানীয় ৰাইজে।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ জনসংযোগ বিষয়াই জনোৱা মতে, দুখন ৰে’লৰ মাজত সংঘৰ্ষ হৈ এখন ৰেল ৰেলপথৰ পৰা ওলাই হৈছে। উদ্ধাৰৰ কাম চলি আছে।

অন্ধ্ৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে ৰেল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে, বিজয়নগৰ জিলাৰ কান্তকাপল্লীত সংঘটিত ৰে’ল দুৰ্ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ বিষয়াসকলক শীঘ্ৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। আহতসকলক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ