--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিতৰ্কিত কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ৰ্ভৎসনা কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰতিবাদী কৃষকৰ পক্ষত মত পোষণ কৰি সৰ্বোচ্চ ন্যায়ালয়খনে কৃষি আইনৰ বলৱৎকৰণ স্থগিত কৰাৰ নিৰ্দেশ দিয়ে। দীঘলীয়া সময় ধৰি তিনিখন আইনক দেশৰ কৃষক সমাজ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

আৰু পঢ়িব পাৰিব : শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

পৰিস্থিতি অতি অতি বেয়াৰ দিশলৈ গতি কৰা বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালখনে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে, এই কৃষি আইনৰ বলৱৎকৰণ আপোনালোকে স্থগিত ৰাখিব নে আমি ইয়াক স্থগিত কৰাৰ নিৰ্দেশ দিম? ইয়াক লৈ কিহৰ ইমান অহংকাৰ? দিল্লী-হাৰিয়ানা সীমান্তত কৃষকৰ অভূতপূৰ্ব বিদ্ৰোহ আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে তীক্ষ্ণ ৰ্ভৎসনা কৰে সৰ্বোচ্চ ন্যায়ালয়খনে।

আৰু পঢ়িব পাৰিব : জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও

দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই এই সম্পৰ্কত কয়, ‘কোনো অঘটন ঘটিলে আমি সকলোৱেই তাৰ বাবে দায়ী হ’ম। আমি কোনেও আঘাত পোৱাটো বা আমাৰ হাত ৰক্ত ৰঞ্জিত হোৱাটো নিবিচাৰোঁ।’ কৃষি আইনৰ বলৱৎকৰণ স্থগিত কৰাৰ পাছতো আন্দোলন চলাই থাকিব বুলি প্ৰকাশ ন্যায়ালয়ে কয়, ‘কিন্তু এয়া ঠিক কৰক যে, আপোনালোকে একে স্থানতে প্ৰতিবাদ অব্যাহত ৰাখিব বিচাৰে নে ইয়াক অইন স্থানলৈ স্থানান্তৰ কৰিব বিচাৰে?’ ইয়াৰ পূৰ্বৰ শুনানিতো উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক কৃষকৰ সৈতে ‘স্বাস্থ্যকৰ’ আলোচনা কৰাৰ বাবে আহ্বান জনাইছিল। কিন্তু কেইবালানিও আলোচনাৰ পাছতো পৰিস্থিতি উন্নত হওক চাৰি অধিক অৱনতি হোৱাৰ কথাও উল্লেখ কৰে ন্যায়ালয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ