--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিতৰ্কিত কৃষি আইনক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ৰ্ভৎসনা কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰতিবাদী কৃষকৰ পক্ষত মত পোষণ কৰি সৰ্বোচ্চ ন্যায়ালয়খনে কৃষি আইনৰ বলৱৎকৰণ স্থগিত কৰাৰ নিৰ্দেশ দিয়ে। দীঘলীয়া সময় ধৰি তিনিখন আইনক দেশৰ কৃষক সমাজ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে কেন্দ্ৰীয় চৰকাৰলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

আৰু পঢ়িব পাৰিব : শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

পৰিস্থিতি অতি অতি বেয়াৰ দিশলৈ গতি কৰা বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালখনে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে, এই কৃষি আইনৰ বলৱৎকৰণ আপোনালোকে স্থগিত ৰাখিব নে আমি ইয়াক স্থগিত কৰাৰ নিৰ্দেশ দিম? ইয়াক লৈ কিহৰ ইমান অহংকাৰ? দিল্লী-হাৰিয়ানা সীমান্তত কৃষকৰ অভূতপূৰ্ব বিদ্ৰোহ আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি এনেদৰে তীক্ষ্ণ ৰ্ভৎসনা কৰে সৰ্বোচ্চ ন্যায়ালয়খনে।

আৰু পঢ়িব পাৰিব : জঘন্য কাণ্ড : বলাৎকাৰীৰ হাতৰ পৰা সাৰি নগ’ল ৯০ বছৰীয়া বৃদ্ধাও

দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই এই সম্পৰ্কত কয়, ‘কোনো অঘটন ঘটিলে আমি সকলোৱেই তাৰ বাবে দায়ী হ’ম। আমি কোনেও আঘাত পোৱাটো বা আমাৰ হাত ৰক্ত ৰঞ্জিত হোৱাটো নিবিচাৰোঁ।’ কৃষি আইনৰ বলৱৎকৰণ স্থগিত কৰাৰ পাছতো আন্দোলন চলাই থাকিব বুলি প্ৰকাশ ন্যায়ালয়ে কয়, ‘কিন্তু এয়া ঠিক কৰক যে, আপোনালোকে একে স্থানতে প্ৰতিবাদ অব্যাহত ৰাখিব বিচাৰে নে ইয়াক অইন স্থানলৈ স্থানান্তৰ কৰিব বিচাৰে?’ ইয়াৰ পূৰ্বৰ শুনানিতো উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক কৃষকৰ সৈতে ‘স্বাস্থ্যকৰ’ আলোচনা কৰাৰ বাবে আহ্বান জনাইছিল। কিন্তু কেইবালানিও আলোচনাৰ পাছতো পৰিস্থিতি উন্নত হওক চাৰি অধিক অৱনতি হোৱাৰ কথাও উল্লেখ কৰে ন্যায়ালয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ