--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে আম আদমী পাৰ্টী৷ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘোষণা কৰিছে যে ১ জুলাইৰ পৰা ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালে লাভ ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ৷ ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰখনে এমাহ সম্পূৰ্ণ কৰাৰ লগে লগে কৰিছে এই বৃহৎ ঘোষণা৷ পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপে দিয়া এটা মুখ্য প্ৰতিশ্ৰুতি আছিল ৩০০ ইউনিটলৈকে প্ৰতিটো পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা।

প্ৰতিশ্ৰুতি দিয়াৰ সময়ত, আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে ৰাজ্যখনত অতিৰিক্ত বিদ্যুৎ উৎপাদন হোৱা স্বত্ত্বেও, দীঘলীয়াকৈ বিদ্যুৎ কৰ্তন কৰা হয় আৰু বহুলোকে বিল বৃদ্ধি কৰে। তেওঁ লগতে কৈছিল, গাঁওবোৰত এনে বহুলোক আছে যিয়ে ভুল বিল পাইছিল আৰু পৰিশোধ নকৰাৰ বাবে তেওঁলোকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল৷ 

উল্লেখযোগ্য যে, দিল্লীতো আপ চৰকাৰে প্ৰতিমাহে ২০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰে।পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মাৰ্চত ৰেচন বিতৰণ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল, যিটো নিৰ্বাচনত আপৰ মুখ্য প্ৰচাৰ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত আছিল। 

ইয়াৰ পূৰ্বে ১৯ মাৰ্চত মানৰ প্ৰথম কেবিনেট বৈঠকৰ প্ৰথম সিদ্ধান্তত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ২৫,০০০ পদ মুকলি কৰি দিয়া হৈছিল, যাৰ ভিতৰত আৰক্ষী বিভাগত ১০,০০০টা পদ মুকলি হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ