--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে আম আদমী পাৰ্টী৷ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘোষণা কৰিছে যে ১ জুলাইৰ পৰা ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালে লাভ ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ৷ ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰখনে এমাহ সম্পূৰ্ণ কৰাৰ লগে লগে কৰিছে এই বৃহৎ ঘোষণা৷ পঞ্জাব বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপে দিয়া এটা মুখ্য প্ৰতিশ্ৰুতি আছিল ৩০০ ইউনিটলৈকে প্ৰতিটো পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা।

প্ৰতিশ্ৰুতি দিয়াৰ সময়ত, আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে ৰাজ্যখনত অতিৰিক্ত বিদ্যুৎ উৎপাদন হোৱা স্বত্ত্বেও, দীঘলীয়াকৈ বিদ্যুৎ কৰ্তন কৰা হয় আৰু বহুলোকে বিল বৃদ্ধি কৰে। তেওঁ লগতে কৈছিল, গাঁওবোৰত এনে বহুলোক আছে যিয়ে ভুল বিল পাইছিল আৰু পৰিশোধ নকৰাৰ বাবে তেওঁলোকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল৷ 

উল্লেখযোগ্য যে, দিল্লীতো আপ চৰকাৰে প্ৰতিমাহে ২০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰে।পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মাৰ্চত ৰেচন বিতৰণ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল, যিটো নিৰ্বাচনত আপৰ মুখ্য প্ৰচাৰ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত আছিল। 

ইয়াৰ পূৰ্বে ১৯ মাৰ্চত মানৰ প্ৰথম কেবিনেট বৈঠকৰ প্ৰথম সিদ্ধান্তত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ২৫,০০০ পদ মুকলি কৰি দিয়া হৈছিল, যাৰ ভিতৰত আৰক্ষী বিভাগত ১০,০০০টা পদ মুকলি হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ