--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাৰ্চ ২০২০। কৰ’না মহামাৰীৰ বাবে সমগ্ৰ দেশতে লকডাউন। দেশৰ বহু লোক বিপদত পৰিছিল। আকৌ কৰোনাৰ সৈতে মোকাবিলা কৰাৰ এই কঠোৰ বাধাই বহু লোকক ভৱিষ্যতৰ দিশো দেখুৱাইছিল। কাৰোবাৰ কপাল খোল খাইছিল। বিহাৰৰ যুৱক হৰ্ষ ৰাজপুতৰো সৌভাগ্যৰ উদয় হয় এই লকডাউনৰ সময়খিনিতে।

লকডাউনৰ কালছোৱাত হৰ্ষই ঘৰৰ চাৰিখন বেৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ সময়ত জীৱনৰ এক নতুন দিশ বিচাৰি পালে। কেমেৰাৰ সহায়ত বিভিন্ন মুহূৰ্ত ফ্ৰেম কৰি ইউটিউবত আপলোড কৰিছিল। লাহে লাহে তেওঁ নিৰ্মাণ কৰা ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। তেওঁ হৈ পৰিল ইউটিউবাৰ। ইয়াৰ পিছত যুৱকজন ৰাতিটোৰ ভিতৰতে ধনী হৈ পৰিল।

শেহতীয়াকৈ ইউটিউবাৰৰ সংখ্যা দোপতদোপে বৃদ্ধি পাইছে! বহুতে উপাৰ্জনৰ বাবে নিজকে ইউটিউবাৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে। এই ইউটিউবাৰসকলৰ মাজত দৃষ্টি আকৰ্ষণ কৰিছে হৰ্ষই। বিহাৰৰ এখন সৰু চহৰৰ এজন যুৱক ইউটিউবৰ জৰিয়তেই ৰাতিটোৰ ভিতৰতে ধনী হৈ পৰিল।

হৰ্ষ বিহাৰৰ ঔৰংগাবাদৰ জাচোয়াৰ বাসিন্দা। ডি এ ভি পাব্লিক স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰি মগধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে তেওঁ।

স্নাতক হোৱাৰ পিছত হৰ্ষৰ বয়সৰ বাকী সকলো যুৱকে চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। কিন্তু হৰ্ষই সেই পথত ভৰি নিদিলে। সেই সময়ত তেওঁ দিল্লীলৈ গৈছিল। দিল্লীত থকাৰ সময়তে লগৰ এজনক লগ পাইছিল। হৰ্ষৰ বন্ধুৱে সেই সময়ত নাটক কৰিছিল। হৰ্ষক বন্ধুৱে নাটক চাবলৈ মাতিছিল। হৰ্ষইও চাবলৈ গ’ল।

বন্ধুৰ নাটক চাই পিছদিনা ৰাতিপুৱা হৰ্ষই সিদ্ধান্ত ল’লে যে তেওঁৱো নাট্য গোটত যোগদান কৰিব। দিল্লীৰ 'অস্মিতা থিয়েটাৰ' গোটত যোগদান কৰিলে তেওঁ। পিছলৈ দিল্লীত কেইবাজনো নাট্য পৰিচালকৰ সৈতে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায়। কিন্তু হৰ্ষই মুম্বাইত বিশেষ একো কৰিব নোৱাৰিলে।

২০২০ বৰ্ষ। সেই সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশত লকডাউন জাৰি কৰা হৈছিল। লকডাউন আৰম্ভ হোৱাৰ আগদিনা বিহাৰৰ ঘৰলৈ উভতি আহিছিল হৰ্ষ। লকডাউনৰ বাবে কেইবামাহো ঘৰৰ পৰা ওলাব নোৱাৰিলে। হৰ্ষৰ হাতত এটা কেমেৰা আছিল। সেই কেমেৰাৰ সহায়ত হৰ্ষই দিল্লীত থকা সময়ছোৱাত কেইবাখনো চুটি ছবি নিৰ্মাণ কৰিছিল। কিন্তু সেইসমূহৰ দৰ্শকৰ সংখ্যা বেছি নাছিল।

লকডাউনৰ সময়তে হৰ্ষই সিদ্ধান্ত ল’লে যে তেওঁ আকৌ ভিডিঅ' বনাব। এজন সাংবাদিকৰ চৰিত্ৰৰে ধেমেলীয়া ভিডিঅ’ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে তেওঁ।

ইউটিউব চেনেলত এনেকুৱা ধেমেলীয়া ভিডিঅ' আপলোড কৰি হৰ্ষই ভাল ভিউজ লাভ কৰে। ইয়াৰ পিছত দ্বিতীয়টো ভিডিঅ বনালে। যিটো ভাইৰেল হৈ পৰে। ইউটিউব চেনেলৰ চাবস্ক্ৰাইবৰ সংখ্যা বৃদ্ধি পালে।

২০২০ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ এপ্ৰিল মাহলৈ – এই ৮ মাহত হৰ্ষৰ ৩টা ভিডিঅ’ ভাইৰেল হৈছিল। তেওঁৰ এটা চুটি ভিডিঅ’ত ৩ কোটিতকৈ অধিক ভিউজ হৈছিল।

ইউটিউবৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰিব। হৰ্ষও এই ইউটিউবটোৰ দ্বাৰাই ধনী হৈ পৰিল। ‘আজটক’ৰ সূত্ৰ অনুসৰি, হৰ্ষই ইউটিউবত জৰিয়তে প্ৰতিমাহে ৮ লাখ টকা উপাৰ্জন কৰে। ২০২২ চনৰ জুন মাহৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহলৈ হৰ্ষই গড়ে প্ৰতিমাহে ৪.৫ লাখ টকা উপাৰ্জন কৰিছিল।

হৰ্ষৰ পিতৃয়ে বিহাৰ আৰক্ষীত হোমগাৰ্ড হিচাপে কাম কৰে। সাধাৰণ মধ্যবিত্তীয় পৰিয়ালৰ সন্তান তেওঁ। কিন্তু এতিয়া তেওঁৰ ঘৰৰ সন্মুখত এখন বিলাসী অ’ডি গাড়ী ৰখাই থোৱা থাকে।

শুনা যায় যে হৰ্ষই অ’ডি গাড়ীখন ৫০ লাখ টকাত ক্ৰয় কৰিছিল। ইউটিউবৰ সহায়তে সকলো সম্ভৱ হৈছে। ইউটিউবৰ পৰা পোৱা উপাৰ্জনেৰে সেই দামী গাড়ীখন কিনিলে হৰ্ষই।

নতুন ধৰণেও যে জীৱনটো সুন্দৰকৈ সজাই পৰাব পাৰি, হৰ্ষৰ কাহিনীয়ে যেন তেনেকৈয়ে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ