--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি নতুন দিল্লীৰ ‘বিজ্ঞান ভৱন’ত অনুষ্ঠিত হৈছে নিৰ্বাচন আয়োগৰ সংবাদমেল৷ সংবাদমেলখন সম্বোধন কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনিল আৰোৰাই৷ অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অনুষ্ঠিত হ'ব ২০২১ৰ নিৰ্বাচন৷ আৰু এই পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিব নিৰ্বাচন আয়োগে৷

আৰু পঢ়িব পাৰিব :শিৱসাগৰত নিৰ্মাণ হ’ব আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয় : ঘোষণা হিমন্ত বিশ্বৰ

ক'ভিত প্ৰট'কল মানি অনুষ্ঠিত হ'ব নিৰ্বাচন৷ সকলো ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্দিষ্ট সময়ৰ মূৰত ছেনিটাইজ কৰিব লাগিব৷ সকলো স্বাস্থ্য বিধি মানি চলিব লাগিব ভোটকেন্দ্র সমূহে৷ ভোটাৰৰ সুৰক্ষাৰ প্ৰতি চকু দিয়া হ'ব৷ কৰ’না কালৰ মাজতে বিহাৰত সুকলমে নিৰ্বাচন অনুষ্ঠিত হোৱা বুলিও মন্তব্য তেওঁৰ৷

আৰু পঢ়িব পাৰিব :সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্ৰীঃ ৰাইজৰ দল

ইতিমধ্যে অসমৰ লগতে পাঁচ ৰাজ্যত গৈ নিৰ্বাচন আয়োগৰ দলে নিৰাপত্তাৰ দিশসূমহ পৰ্যালোচনা কৰি আহিছে৷ অসমত এইবাৰ ৩৩,৫৩০টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব বুলিও উল্লেখ কৰে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে৷ ৫ ৰাজ্যত মুঠ ৮২৪ টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন৷ সকলো নিৰ্বাচনী বিষয়াক টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ