--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এতিয়াৰ পৰা মোৰ লগত কোনো নাথাকিব। ছ' তহঁতি যেতিয়াই মন যায় গুচি আহিব পাৰিবি মোক লগ কৰিবলৈ। ডেটছ ইট

এতিয়াৰে পৰা মই সোণাপুৰত থাকিম। এতিয়া এইটোৱেই আৰু মোৰ পার্মানেণ্ট এড্রেছ। জেগাটো চিনি পাবিয়েই চাগে তহঁতে। সেই যে ১২ বছৰ আগতে যোৰহাটৰ পৰা প্ৰগ্ৰেম কৰি ঘূৰি আহোঁতে জিৰাইছিলোঁ গছজোপা, তাতে।


এতিয়াৰ পৰা মোৰ লগত কোনো নাথাকিব। ছ' তহঁতি যেতিয়াই মন যায় গুচি আহিব পাৰিবি মোক লগ কৰিবলৈ। ডেটছ ইট..... জুবিনে ক'ব পৰা হ'লে প্ৰকাশ কৰিব পৰা হ'লে হয়তো এনেকৈয়ে কৈ থৈ গ'লহেঁতেন।


কিন্তু কথাই-কথাই ধেমালি কৰা, য'তে-ত'তে উৎপাত কৰা চটফটীয়া জুবিন আজি সম্পূর্ণ শান্ত, কেতিয়াও নভগা টোপনিৰে শুই আছে। লুইতৰ ঘাটেৰে যোৰহাটৰ বাটেৰে জগত সভালৈ ওলাই যোৱা অসমৰ কলিজাৰ এফাল জুবিনে এদিন যোৰহাটবাসীক প্রতিশ্রুতি দিছিল- 'আই উইল বি বেক উইথ এ ৰ'লছ ৰয়জ'। কিন্তু এই প্রতিশ্রুতি নাৰাখিলে জুবিনে। তাৰ পৰিৱৰ্তে সোণাপুৰৰ কমাৰকুছিত বগা চন্দনৰ চিতাত শুই ধোঁৱা হৈ মিলি গ'ল অসমৰ বতাহত, অসমৰ আকাশত।


এইকেইদিন মানুহৰ এটাই সান্ত্বনা আছিল যে মায়াবিনী নাগালেও, উৎপাত নকৰিলেও অন্ততঃ জুবিন আছে আমাৰ মাজত। কিন্তু জন্মদিনত নিজে ৰুই থৈ যোৱা বগা চন্দনৰ চিতাত পামী বৰঠাকুৰ, অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শর্মাই মুখাগ্নি কৰাৰ লগে লগে জ্বলি জ্বলি ছাই হৈ গ'ল সেই যাদুকৰী কণ্ঠৰ গৰাকী, যাৰ এটা শব্দত সাৰ পাই গৈছিল সমগ্র জাতি, যাৰ এটা মাত্ৰ আহ্বানত প্রাণ সঞ্চাৰ ঘটিছিল কোটি কোটি অসমীয়াৰ। এতিয়াৰ পৰা আৰু সকলোৰে মৰমৰ, সকলোৰে আদৰৰ জুবিন নাই। শেষকৃত্যস্থলীত সমবেত হোৱা বৃহৎ সংখ্যক অনুৰাগীৰ চকুৰ লোটকৰ মাজেৰে, পুৰোহিতৰ মন্ত্রোচ্চাৰণৰ শব্দৰে চন্দনৰ চিতাই নিজৰ মাজত বিলীন কৰি ল'লে খেয়ালী জুবিনক যি জুবিনে পুহমহীয়া হাড় কঁপোৱা ঠাণ্ডাত নিজে পিন্ধি থকা একমাত্র জেকেটটো পিন্ধাই দিছিল পথৰ 'পাগল'ক, ঠাণ্ডাত কঁপি থকা ভিক্ষাৰীক।


কেইবাটাও দশক ধৰি জাতিটোক, অসমীয়া মানুহখিনিক উত্তাপ দি অহা জুবিনক চিতাৰ জুয়ে বিলীন কৰি দিলে পঞ্চভূতত, থাকি গ'ল মাত্র ভস্ম। জুবিন গুচি গ'ল মাক, ভনীয়েক আৰু 'বেষ্ট ফ্রেন্ড' জয়ন্ত পাত্ৰৰ ওচৰলৈ, চিতাৰ কাষত কান্দি কান্দি বহি ৰ'ল মাথোঁ পত্নী গৰিমা আৰু অগণন অনুগামী। কন্যা, পুত্ৰৰ অকাল মুত্যুৱে 'জৰ' কৰি তোলা কপিল বৰঠাকুৰে কান্দিবও নোৱাৰিলে, হৈ পৰিল অসুস্থ। নিজৰ গোটেই জীৱনটো জুবিনে উচৰ্গা কৰি দিছিল সাধাৰণ মানুহখিনিৰ বাবে। গান গাই গৈছিল অৱহেলিতজনৰ বাবে। নিজৰ প্ৰাণৰ শিল্পীৰ পঞ্চভূত অভিমুখী যাত্রাটো সেয়েহে লক্ষাধিক অনুৰাগীৰ আৱেগেৰে হৈ পৰিল সিক্ত। এজন অনুৰাগীয়ে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত এখন গামোচাত বান্ধি দি থৈ আহিছিল এটা চাদা টেমা আৰু তিনিখিলা নাহৰ পাত। অনুৰাগীজনৰ আশংকা কিজানি কলিজাৰ এফাল জুবিনে শেষ যাত্রাত চাদা খাবলৈ বিচাৰিব, কিজানি 'অ' নাহৰ...' গানটো গাই থাকোঁতে নাহৰৰ মনত পৰে! সেয়েহে, জুবিনৰ বাবে অনুৰাগীয়ে যতনাই নিছিল এটা ভর্তি চাদা টেমা আৰু নাহৰ পাত।


সেয়েহে পত্নী গৰিমাই জুবিনৰ লগতে লৈ যায় প্ৰাণৰ জুবিনলৈ অনুৰাগীয়ে আগবঢ়োৱা এই অমূল্য উপহাৰ। শেষ যাত্ৰাত জুবিনক কোনো সময়তে লগ এৰি নিদিলে জুবিনৰ যৌৱনৰ 'পার্টনাৰ ইন ক্রাইম' পৱিত্রই আৰু জুবিনৰ অন্যতম 'ডাইহার্টফেন' মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।


মুখ্যমন্ত্রীয়ে জুবিনৰ চিতাত চন্দনৰ কাঠ এডাল তুলি হয়তো জুবিনক কৈ আহিল-তুমিয়েই গ'লাগৈ! এতিয়া মই কাৰ পৰা ডান্স কপি কৰিম! সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে হোৱা শেষকৃত্য অনুষ্ঠানত যেতিয়া ২১ জাঁই টোপধ্বনিৰ মাজত জুবিনৰ চিতাত মুখাগ্নি কৰিছিল আৰু লগে লগেই মায়াবিনী বাজি উঠিছিল তেতিয়া আৰু পত্নী গৰিমা, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে নিম্ন অনুৰাগীজনলৈকে কোনেও নিজক ধৰি ৰাখিব পৰা নাছিল। গানৰ পৰা প্রার্থনালৈ ৰূপান্তৰিত হোৱা 'মায়াবিনী ৰাতিৰ বুকুত...' গাই গাই সকলোৱে মাত্র প্রত্যক্ষ কৰিছিল প্ৰাণৰ শিল্পীজন ধোঁৱা হৈ আকাশে-বতাহে মিলি যোৱাৰ অকল্পনীয় দৃশ্য।


সুখে-দুখে, ভালে-বেয়াই, উত্থানে-পতনে জুবিনৰ ছাঁ হৈ ৰোৱা গৰিমাই হয়তো 'জ্বলি জ্বলি ছাই' হৈ গৈ থকা নিজৰ প্ৰিয়তম 'গ'ল্ডী'ৰ চিতাখন অপলক নেত্রে চাই থাকি ভাবিছিল- কি হ'ব এই জীৱন তুমি নহ'লে/কাৰ বাবে ৰচিব সপোন/কি ৰ'ব মোৰ বাবে তুমি নহ'লে/কোন হ'ব এই বুকুৰ আপোন...


কংকন বৰঠাকুৰ

দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ