--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী সচেতন ব্যক্তি তথা জুবিন অনুৰাগীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি সমগ্ৰ বিষয়ৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে।

ডিজিটেল ডেস্কঃ  অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজ্যজুৰি গঢ়ি উঠিছে প্ৰবল জনমত। এই বিষয়টো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় গৈ পাইছেগৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আজি উচ্চ ন্যায়ালয়ত দাখিল হৈছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। 


এগৰাকী সচেতন ব্যক্তি তথা জুবিন অনুৰাগীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি সমগ্ৰ বিষয়ৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে। তেওঁ জুবিনৰ মৃত্যু কেনে পৰিস্থিতিত হ’ল সেই বিষয়ে সঠিক তদন্তৰ বাবে এক উচ্চস্তৰীয় তদন্তকাৰী গোট গঠনৰ লগতে ছিংগাপুৰলৈয়ো উচ্চস্তৰীয় তদন্তকাৰী দল প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। 


আজি ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হোৱাৰ পাছতে মুখ্য ন্যায়াধীশৰ বেঞ্চে অতি গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ বাবে পৰৱৰ্তী শুনানিৰ দিন অহা ৮ অক্টোবৰ নিৰ্ধাৰণ কৰিছে। 


উল্লেখ্য যে, অসম চৰকাৰেও ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত ঘোষণা কৰিছে। এতিয়ালৈকে গ্ৰেপ্তাৰ অথবা আটকো কৰা নাই এগৰাকীও অভিযুক্তক।


 উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমবাৰৰ বাবে ২৩ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোত বন্ধ ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে কোনো ব্যক্তিৰ মৃত্যুত এইদৰে বন্ধ ঘোষণা কৰাৰ নজিৰ নাছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ