--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী সচেতন ব্যক্তি তথা জুবিন অনুৰাগীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি সমগ্ৰ বিষয়ৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে।

ডিজিটেল ডেস্কঃ  অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাজ্যজুৰি গঢ়ি উঠিছে প্ৰবল জনমত। এই বিষয়টো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় গৈ পাইছেগৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আজি উচ্চ ন্যায়ালয়ত দাখিল হৈছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। 


এগৰাকী সচেতন ব্যক্তি তথা জুবিন অনুৰাগীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি সমগ্ৰ বিষয়ৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে। তেওঁ জুবিনৰ মৃত্যু কেনে পৰিস্থিতিত হ’ল সেই বিষয়ে সঠিক তদন্তৰ বাবে এক উচ্চস্তৰীয় তদন্তকাৰী গোট গঠনৰ লগতে ছিংগাপুৰলৈয়ো উচ্চস্তৰীয় তদন্তকাৰী দল প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। 


আজি ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হোৱাৰ পাছতে মুখ্য ন্যায়াধীশৰ বেঞ্চে অতি গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ বাবে পৰৱৰ্তী শুনানিৰ দিন অহা ৮ অক্টোবৰ নিৰ্ধাৰণ কৰিছে। 


উল্লেখ্য যে, অসম চৰকাৰেও ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত ঘোষণা কৰিছে। এতিয়ালৈকে গ্ৰেপ্তাৰ অথবা আটকো কৰা নাই এগৰাকীও অভিযুক্তক।


 উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমবাৰৰ বাবে ২৩ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোত বন্ধ ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে কোনো ব্যক্তিৰ মৃত্যুত এইদৰে বন্ধ ঘোষণা কৰাৰ নজিৰ নাছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস হ'ল জুবিন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি
ই-নিলাম আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ১৩০০টা উপহাৰৰ!  ই-নিলামৰ ধন যাব গংগা পৰিষ্কৰণ প্ৰকল্পলৈ
'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে ট্রাম্পৰ মানহানিৰ গোচৰ
জীৱনদায়িনী ঔষধ অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে
অৰুণাচলত নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ