--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কোনেও কাকো সোধা নাছিল জাতি-ধৰ্মৰ কথা। ৰাজনীতিও আছিল বহু দূৰৈত।

ডিজিটেল ডেস্ক : 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম। নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত'-প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই বিখ্যাত সংলাপটো সঁচা প্রমাণিত হ'ল তেওঁৰ শ্ৰদ্ধাঞ্জলি আৰু অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত। জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো লোকেই হিলদল ভাঙি উপস্থিত হ'লহি সৰু সজাই আৰু কালি কমাৰকুছিত। কোনেও কাকো সোধা নাছিল জাতি-ধৰ্মৰ কথা। ৰাজনীতিও আছিল বহু দূৰৈত। আদৰ্শৰ কথা পাহৰি সকলো সমবেত হৈছিল কালি অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত। একেলগে বহিছিল। কথা পাতিছিল। বিষয় আছিল মাথোঁ জুবিন।


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালকে ধৰি শাসকীয় দলৰ শীৰ্ষ নেতাসকল কালিৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থকাই নহয়, প্রদেশ কংগ্ৰেছৰো সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অগপৰ কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, জাতীয় পৰিষদৰ লুৰীণ জ্যোতি গগৈ আদি সকলো দলৰে নেতা উপস্থিত আছিল। একেদৰে অসম সাহিত্য সভা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আক্রাছু, আটাছু, কার্বি ছাত্র সন্থা আদি বিভিন্ন সংগঠনৰ নেতাসকলো উপস্থিত থাকে শেষকৃত্য অনুষ্ঠানত। মন কৰিব লগীয়া কথা যে সদায়ে একতাৰ কথা কৈ অহা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিবলৈ কোনোবাই যদি লৈ আহিছিল ফুলৰ তোৰা, ফুলৰ মালা, আকৌ কোনোবাই লৈ আহিছিল স্বজাতিৰ স্বাভিমান স্বৰূপ গামোচাখন। সৰুসজাইলৈ অহা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুৰাগীসকলে তেওঁলোকৰ জাতীয় বস্ত্ৰৰে জুবিনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। শ্রদ্ধাঞ্জলি স্বৰূপে দিয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ অজস্র গামোচাই প্রমাণ কৰিলে যে তেওঁৰ কোনো জাতি, বর্ণ, ধর্ম নাছিল। তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰে প্রিয় শিল্পী আছিল। আজিৰ অন্ত্যেষ্টিক্রিয়াত সকলোৰে উপস্থিতিয়ে পুনৰ এই কথা প্ৰমাণ কৰিলে।


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত লিখিছে- এই ছবিখনে জুবিনৰ জীৱন আৰু সময়ক ব্যাখ্যা কৰিছে; য'ত তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰেম আৰু ভালপোৱা অৰ্জন কৰিছিল আৰু জীৱনৰ শেষ দিনলৈ তেওঁ এই দর্শনৰেই জীয়াই আছিল। আনহাতে, বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত এনেদৰে লিখিছে- বিভেদকামী শক্তিক ধূলিসাৎ কৰি অসমীয়াক ঐক্যবদ্ধ কৰি ৰাখিছিল আপুনি। মৃত্যুৰ পাছতো শক্তিশালী কৰি গ'ল জাতিটোক। এতিয়াৰ পাছত অসমীয়া জাতিয়ে আপোনাক জীয়াই ৰাখিব যুগ-যুগান্তৰলৈ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ