ডিজিটেল ডেস্ক : 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধর্ম। নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত'-প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই বিখ্যাত সংলাপটো সঁচা প্রমাণিত হ'ল তেওঁৰ শ্ৰদ্ধাঞ্জলি আৰু অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত। জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো লোকেই হিলদল ভাঙি উপস্থিত হ'লহি সৰু সজাই আৰু কালি কমাৰকুছিত। কোনেও কাকো সোধা নাছিল জাতি-ধৰ্মৰ কথা। ৰাজনীতিও আছিল বহু দূৰৈত। আদৰ্শৰ কথা পাহৰি সকলো সমবেত হৈছিল কালি অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত। একেলগে বহিছিল। কথা পাতিছিল। বিষয় আছিল মাথোঁ জুবিন।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালকে ধৰি শাসকীয় দলৰ শীৰ্ষ নেতাসকল কালিৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থকাই নহয়, প্রদেশ কংগ্ৰেছৰো সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অগপৰ কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, জাতীয় পৰিষদৰ লুৰীণ জ্যোতি গগৈ আদি সকলো দলৰে নেতা উপস্থিত আছিল। একেদৰে অসম সাহিত্য সভা, সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আক্রাছু, আটাছু, কার্বি ছাত্র সন্থা আদি বিভিন্ন সংগঠনৰ নেতাসকলো উপস্থিত থাকে শেষকৃত্য অনুষ্ঠানত। মন কৰিব লগীয়া কথা যে সদায়ে একতাৰ কথা কৈ অহা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিবলৈ কোনোবাই যদি লৈ আহিছিল ফুলৰ তোৰা, ফুলৰ মালা, আকৌ কোনোবাই লৈ আহিছিল স্বজাতিৰ স্বাভিমান স্বৰূপ গামোচাখন। সৰুসজাইলৈ অহা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অনুৰাগীসকলে তেওঁলোকৰ জাতীয় বস্ত্ৰৰে জুবিনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। শ্রদ্ধাঞ্জলি স্বৰূপে দিয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ অজস্র গামোচাই প্রমাণ কৰিলে যে তেওঁৰ কোনো জাতি, বর্ণ, ধর্ম নাছিল। তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰে প্রিয় শিল্পী আছিল। আজিৰ অন্ত্যেষ্টিক্রিয়াত সকলোৰে উপস্থিতিয়ে পুনৰ এই কথা প্ৰমাণ কৰিলে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত লিখিছে- এই ছবিখনে জুবিনৰ জীৱন আৰু সময়ক ব্যাখ্যা কৰিছে; য'ত তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰেম আৰু ভালপোৱা অৰ্জন কৰিছিল আৰু জীৱনৰ শেষ দিনলৈ তেওঁ এই দর্শনৰেই জীয়াই আছিল। আনহাতে, বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত এনেদৰে লিখিছে- বিভেদকামী শক্তিক ধূলিসাৎ কৰি অসমীয়াক ঐক্যবদ্ধ কৰি ৰাখিছিল আপুনি। মৃত্যুৰ পাছতো শক্তিশালী কৰি গ'ল জাতিটোক। এতিয়াৰ পাছত অসমীয়া জাতিয়ে আপোনাক জীয়াই ৰাখিব যুগ-যুগান্তৰলৈ।
উৎসঃ দৈনিক জনমভূমি