--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডাইৰেক্তৰ জেনেৰেল অফ চিভিল এবিয়েছনৰ নিয়ম অনুযায়ী উৰনৰ সময়ত ব্ৰেথালাইজাৰ টেষ্ট কৰোৱা হয়

ডিজিটেল ডেস্ক: পায়লটক টেক্ অফ কৰাৰ পূ্ৰ্ৱে কিছুমান জৰুৰী বস্তুৰ প্ৰতি আগতিয়াকৈ সাৱাধান কৰি দিয়ে। যেনেদৰে পায়লটক সুগন্ধি দ্ৰব্য লগোৱাৰ পৰা বিৰত কৰি দিয়ে । শুনিৱলৈ আচৰিত হলেও ই সত্য । কিন্তু ইয়াৰ আঁৰত আছে কিছু বিশেষ কাৰক ।


ভাৰতীয় নাগৰিক উদ্ধোধক নিয়ম সংষ্ঠা, ডাইৰেক্তৰ জেনেৰেল অফ চিভিল এবিয়েছনৰ নিয়ম অনুযায়ী উৰনৰ সময়ত ব্ৰেথালাইজাৰ টেষ্ট কৰোৱা হয়। ইয়াৰ ফলত পাইলটে যাতে মাদক দ্ৰৱ্য সেৱন কৰা নাই সেয়া নিশ্চিত হয়।


সুগন্ধি দ্ৰব্য বা চেনিটাইজাৰ জাতীয় দ্ৰৱ্যত এলকহল সংমিশ্ৰিত হৈ থাকে যাৰ ফলত পাইলটে উৰন আৰম্ভ কৰাৰ পূৰ্ৱে এনে দ্ৰৱ্য ব্যৱহাৰৰ পৰা বিৰত থাকিব লগীয়া হয়। য'ত এলকহল সংমিশ্ৰিত হৈ থাকে আৰু ব্ৰেথালাইজাৰ টেষ্ট ৰ সময়ত ই এলকহলৰ মাত্ৰা দেখাব পাৰে । যি অনাবশ্যকীয় ফ্লাইট পলম কৰা লগতে পাইলটৰো সমস্যা বঢ়াই তুলিব পাৰে।


গোল্ডেন ইপ’লেটছ এভিয়েশ্যনৰ সঞ্চালক কেপ্তেইন ট’মাৰ আৱাধেশে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, ব্ৰেথলাইজাৰ যন্ত্ৰটো ইমানেই সংবেদনশীল যে ই ০.০০০১ শতাংশ এলক’হলও ধৰা পেলাব পাৰে। গতিকে কোনো পাইলটে যদি সুগন্ধি প্ৰয়োগ কৰিছে তেন্তে পাইলটে মাদক দ্ৰব্যৰ সেৱন নকৰিলেও যন্ত্ৰটোৱে ইয়াক মদ বুলি ধৰা পেলাব পাৰে।


ভুৱা পজিটিভ ৰিপৰ্টৰ প্ৰভাৱ কি?


ভুল প্ৰতিবেদনৰ বাবে বিমানখন পলম হ’ব পাৰে আৰু পাইলটেও ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে। গতিকে এই বিষয়ত বিমান সংস্থা আৰু ডিজিচিএ অতি কঠোৰ। কিন্তু বেছিভাগ বিমান সংস্থাই পাইলটসকলক ব্ৰেথালাইজাৰ পৰীক্ষাৰ পূৰ্বে এলকহলযুক্ত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে।


পাইলটে কি কৰিব লাগে?


উৰণৰ পূৰ্বে ব্ৰেথলাইজাৰ পৰীক্ষা নকৰালৈকে পাইলটে এলক’হল ভিত্তিক সুগন্ধি বা চেনিটাইজাৰ ব্যৱহাৰ কৰিব নালাগে। পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰয়োজন অনুসৰি সুগন্ধি প্ৰয়োগ কৰিব লাগে । এই নিয়ম ডিজিচিএৰ সুৰক্ষাৰ মানদণ্ড আৰু বিমানৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ।


পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ গুৰুত্বপূৰ্ণ তথ্য


ব্ৰেথালাইজাৰ পৰীক্ষাৰ আগতে কমেও ৫ মিনিট শুদ্ধ বতাহত থাকিব লাগে। ভুৱা পজিটিভ ৰিপৰ্ট পালে পুনৰ পৰীক্ষাত বহিব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ