--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এ টি এম মেচিনটোও ৰোগৰ কেন্দ্ৰ

ডিজিটেল ডেস্ক : দৈনন্দিন মানুহ আজিকালি ভিন্ন বেমাৰৰ সৈতে জৰ্জৰিত। তাৰে কিছু মান বেমাৰৰ ৰহস্য উলিওৱাটো বৰ কঠিন । দৈনন্দিন জীৱনৰ বেমাৰৰ সৈতে আমি চিনাকি কিন্তু এনেকুৱা কিছুমান বেমাৰ যি আমাৰ দৈনন্দিন কাম কাজৰ পৰাও হ'ব পাৰে ।


আমেৰিকাৰ ব’ৰ্ড প্ৰমাণিত এম ডি অংক’লজিষ্ট ডাঃ ৰবি গুপ্তাই বুজাইছে যে আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এ টি এম মেচিনটোও ৰোগৰ কেন্দ্ৰ। আচলতে এটিএমৰ পৰা নগদ ধন পোৱাৰ পিছত মেচিনৰ পৰা ৰচিদ ওলায়, যাৰ ফলত ৰোগ বিয়পিব পৰে। এতিয়া কথা হ'ল ইয়াৰ কাৰণ কি আৰু ইয়াৰ প্ৰতিকাৰ কেনেধৰণৰ ?


ডাঃ ৰবিয়ে জনোৱা মতে, এটিএমৰ পৰা পোৱা নগদ ধনৰ ৰচিদ কেৱল এক ধৰণৰ চিয়াঁহীৰ সহায়তেই ছপা কৰা হয়। আৰু এই চিয়াঁহী প্লাষ্টিকৰ। ইয়াত সেই একেটা প্লাষ্টিক থাকে যাৰ পৰা শীতল পানীয়ৰ বটল তৈয়াৰ কৰা হয়। তেওঁ জনায় যে এই কাগজখনক কেৱল এখন কাগজ বুলি গণ্য কৰাটো শুদ্ধ নহ’ব কাৰণ এই সাধাৰণ দেখা কাগজখনত আমাৰ শৰীৰৰ হৰম’নবোৰক বিঘ্নিত কৰা অদৃশ্য অণু সংলগ্ন হৈ থাকে। ইয়াৰ বাবে পুৰুষেও বন্ধ্যাত্বৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে ।


ইয়াৰ পৰা মানুহৰ অত্যন্ত ক্ষতি হব পাৰে যেনে এই প্লাষ্টিক জাতীয় ৰেপাৰ ৰ পৰা বন্ধ্যাকৰণৰ দৰে জটিল সমস্যাৰ সম্মুখীন হব পাৰে আৰু ভিন্ন প্ৰকাৰৰ কেঞ্চাৰ ৰ দৰে জটিল সমস্যাৰ সম্মুখীন ইয়াৰ পৰাই হ'ব পাৰে । বহু বাৰ এনে ৰেপাৰ স্পৰ্শ কৰাৰ পাছত খুৱ কম মানুহে হাত পানীৰে ধুৱে। হাত ভাল দৰে নুধোৱাৰ ফলত পেপাৰত থকা ইংকে দেহৰ ভিন্ন অংগক প্ৰভাৱিত কৰিব পাৰে । লগতে ই দেহৰ কিছু অংগ ধ্বংস কৰাৰো গুৰুতত্বপূৰ্ন কাৰক ।



এটিএম ৰ পৰা ওলোৱা এই ইংকৰ পেপাৰ সাধাৰণ পেপাৰ নহয় । ই থাৰ্মেল ইংক হয় যিটো কেমিকেল ৰ জৰিয়তে বনোৱা হয় । ইয়াক কেমিকেল ইংক পেপাৰ বুলিও কোৱা হয় যত Leuco dyes আৰু developer's ৰ দৰে কেমিকেল উপলব্ধ। এই কেমিকেল পেপাৰৰ সৈতে একেলগে কাম কৰে আৰু পেপাৰত ইয়াৰ ৰং কলা বা নীলা আহে। এই কেমিকেল ক BPA আৰু BPS যুক্ত বুলি জনা যায়।


উল্লেখ্য যে এনে ধৰণৰ ৰচিত বেছি সময়লৈকে আপোনাৰ ওচৰত ৰখাটো উচিত নহয় লগতে সন্তানক ইয়াৰ লগত খেলিবলৈ দিয়াটো অনুচিত । যদি আপুনি পেপাৰখন ব্যৱহাৰ কৰিছে তেন্তে হৈ যোৱাৰ পাছত শীঘ্ৰে নিজৰ হাতখন পৰিষ্কাৰ কৈ ধুৱ। খোৱাৰ আগত ইয়াক স্পৰ্শ কৰাৰ পৰা বিৰত থাকক । পেপাৰ খন ব্যৱহাৰ পাছত বহু দিনলৈ নিজৰ লগত নাৰাখি প্ৰয়োজন শেষ হোৱাৰ পাছত পেলাই দিয়াটো উচিত ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু