--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ প্ৰথমতে যোৱা ১০ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত নিজৰ অভিযান সামৰি পৃথিৱীলৈ উভতি অহাৰ কথা আছিল। কিন্তু এতিয়া কোৱা হৈছে যে তেওঁ ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা নাই।

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই অহা ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা পৃথিৱীলৈ উভতি অহাৰ কথা। তেওঁ প্ৰথমতে যোৱা ১০ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত নিজৰ অভিযান সামৰি পৃথিৱীলৈ উভতি অহাৰ কথা আছিল। কিন্তু এতিয়া কোৱা হৈছে যে তেওঁ ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা নাই। আনকি ১৪ জুলাইত শুভাংশু পৃথিৱীলৈ উভতি অহাটোও নিশ্চিত নহয়। শুভাংশুৰ পৃথিৱীলৈ উভতি অহাক লৈ সৃষ্টি হোৱা এই অনিশ্চয়তাই তেওঁৰ লগতে আন মহাকাশচাৰীকেইজন ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়মছৰ দৰে মহাকাশ আস্থানটোত আবদ্ধ হৈ পৰাৰ আশংকাই দেখা দিছে।


উল্লেখযোগ্য যে সুনীতা মাত্র ১৪ দিনৰ বাবে মহাকাশ আস্থানটোলৈ গৈছিল, কিন্তু তাত তেওঁ কেইবামাহ আবদ্ধ হৈ থাকাৰ পাছত স্পেচএক্সৰ যানে তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিছিল। ইউৰোপিয়ান মহাকাশ সংস্থাই প্রকাশ কৰা মতে, শুক্লা আৰু তেওঁৰ সতীর্থ মহাকাশচাৰীকেইজন ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি অহাটো সম্ভৱ নহয়। এক্সিয়ম-৪ অভিযানৰ মহাকাশচাৰীসকল পৃথিৱীলৈ উভতি অহাত ৩-৪ দিন পলম হ'ব। কাৰিকৰী আৰু বতৰৰ সৈতে জড়িত সম্ভাব্য কাৰণ কেইবাটাও আছে বুলি কোৱা হৈছে। উল্লেখযোগ্য যে শুভাংশু আৰু আন চাৰিজন মহাকাশচাৰী যোৱা ২৫ জুনত ড্রেগন মহাকাশযানত উঠি মহাকাশ আস্থানটোলৈ গৈছিল।


ইউৰোপিয়ান মহাকাশ সংস্থাই জনোৱা মতে, তেওঁলোকৰ মহাকাশচাৰী ষ্টাভ্ৰছ উজানানস্কী ভিশ্বৱাস্কী আৰু তেওঁৰ লগতে সম্পূৰ্ণ দলটো ১৪ জুলাইৰ আগতে পৃথিৱীলৈ উভতি নাহে। কিন্তু এই দিনটোও নিশ্চিত নহয়। তেওঁলোক পৃথিৱীলৈ উভতি অহাটো নিৰ্ভৰ কৰিব ড্ৰেগন মহাকাশযানৰ মহাকাশ আস্থানৰ পৰা আনডকিঙৰ সূচী আৰু পৃথিৱীত অনুকূল পৰিস্থিতিৰ (বতৰ) ওপৰত। অৱশ্যে আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মতে, শুভাংশু আৰু আন মহাকাশচাৰীকেইজন ১৪ জুলাইত পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ