--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজৰ দলৰ মুখপাত্ৰৰ বাবে লক্ষণৰেখা টানিবলৈ বাধ্য হৈ পৰিল বিজেপি। নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই টিভি শ্ব’ত কৰা অতি বিতৰ্কিত মন্তব্যই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক অতি চাপৰ সন্মুখীন কৰোঁৱাৰ পাছত এতিয়া ‘ডেমেজ কণ্ট্ৰ’ল’ৰ চেষ্টা আৰম্ভ কৰিছে বিজেপিয়ে। প্ৰফেট মহম্মদৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰা নূপুৰ শৰ্মাৰ মন্তব্যৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। উত্তৰ প্ৰদেশৰ কানপুৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাতৰো কাৰণ হৈ পৰিছিল নূপুৰ শৰ্মাৰ মন্তব্য। কিন্তু আৰৱ বিশ্বই এই মন্তব্যক লৈ তীব্ৰ আপত্তি দৰ্শোৱা তথা ভাৰতক জবাবদিহি কৰাৰ পাছত ভাৰত চাপৰ সন্মুখীন হৈ পৰাটো এতিয়া স্পষ্ট হৈ পৰিছে।

 

এনে পৰিপ্ৰেক্ষিতত বিজেপিয়ে এতিয়া তেওঁলোকৰ মুখপাত্ৰসকলক লেকাম লগাবলৈ বাধ্য হৈ পৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এতিয়া কেৱল আনুষ্ঠানিক মুখপাত্ৰ আৰু পেনেলিষ্টসকলকহে এতিয়া টিভি বিতৰ্কৰ অংশ লোৱাৰ অনুমতি দিয়া হ’ব। মিডিয়া কোষক এতিয়া টিভি বিতৰ্কৰ বাবে মুখপাত্ৰ নিযুক্তি দিয়াৰ দায়িত্ব দিয়া হৈছে। তদুপৰি যিসকল মুখপাত্ৰই টিভিৰ বিতৰ্কৰ অংশগ্ৰহণ কৰিব তেওঁলোকক কোনো ধৰ্মীয় বিষয়ত মন্তব্য নকৰিবলৈ মন্তব্য দিয়া হৈছে।

 

তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে, ‘সংযত ভাষা ব্যৱহাৰ কৰিব। কোনো কথাতে উত্তেজিত আৰু নিয়ন্ত্ৰণহীন ৰূপ ধাৰণ নকৰিব। কোনো কাৰণতে দলৰ নীতি আৰু আদৰ্শক উলংঘা নকৰিব।’ কোনোবাই উচতনি দিলেও যাতে সেয়া কৰা নহয় তাৰ বাবেও সকীয়াই দিয়া হৈছে। নতুন নিয়ম অনুসৰি মুখপাত্ৰসকল দলৰ লক্ষ্য-উদ্দেশ্যৰ পৰা বিচলিত হ’ব নোৱাৰিব আৰু কাৰো জালত যাতে ভৰি দিবলগীয়া নহয় তাৰ বাবে অত্যন্ত সতৰ্ক হৈ থাকিব লাগিব। তেওঁলোকে দৰিদ্ৰজনৰ বাবে কৰা কামবোৰৰ বিষয়ে প্ৰচাৰ কৰিবলৈ শ্ব’বোৰত সাজু থাকিব লাগিব।

 

উল্লেখ্য যে, প্ৰফেট মহম্মদ সম্পৰ্কত অতি বিতৰ্কিত মন্তব্য কৰাৰ পাছতে কাটাৰ, কুৱেইট,  ইউএই, পাকিস্তান, মালদ্বীপ, ইণ্ডোনেছিয়া আদি ইছলামধৰ্মী দেশৰ ৰোষৰ বলি হৈছিল ভাৰত। বিজেপিয়ে পৰিস্থিতিৰ শাম কটাবলৈ নূপুৰ শৰ্মা আৰু দিল্লী বিজেপিৰ মিডিয়া কোষৰ নবীন কুমাৰ জিন্দালক নিলম্বিত কৰিছিল যদিও ভৱিষ্যতে যাতে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন দল তথা চৰকাৰ হ’বলগীয়া নহয় তাৰ বাবে বিজেপিয়ে সতৰ্কতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ