--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালা হত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। এদল দুষ্কৃতিকাৰীয়ে ৰাংকুকুৰৰ দৰে পথত আগুৰি ধৰি গুলীৰে থকা-সৰকা কৰিছিল জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতাগৰাকীক। এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে এতিয়া ইয়াক লৈ ৰাজনীতিও চলি থকা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সিদ্ধু মুছেৱালৰ পিতৃক সাক্ষাৎ কৰাৰ পাছত এইবাৰ ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিলে সিদ্ধু মুছেৱালাৰ পিতৃক। সিদ্ধু মুছেৱালাৰ পিতৃক সাক্ষাৎ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ আম আদমী পাৰ্টী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে মহা অভিযোগ। তেওঁ অভিযোগ কৰে যে, পঞ্জাবৰ শান্তি শৃংখলা বৰ্তাই ৰখাটো আম আদমী পাৰ্টীৰ সাধ্যৰ বিষয় নহয়।

 

আজি ছ’চিয়েল মিডিয়াত সিদ্ধু মুছেৱালাৰ পিতৃৰ সৈতে কেইবাখনো আলোকচিত্ৰ প্ৰকাশ কৰি ৰাহুলে লিখিছে, কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃয়ে যি দুখৰ মাজেৰে অগ্ৰসৰ হ’বলগীয়া হৈছে তাক ভাষাৰে প্ৰকাশ কৰাটো সহজ নহয়। তেওঁলোকক ন্যায় প্ৰদান কৰাটো আমাৰ কৰ্তব্য আৰু আমি তেওঁলোকক ন্যায় প্ৰদান কৰিমেই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া সম্পূ্ৰ্ণৰূপে নষ্ট হৈ পৰিছে। পঞ্জাবত শান্তি-শৃংখলা বৰ্তাই ৰখাটো আম আদমী পাৰ্টী চৰকাৰৰ সাধ্যৰ বিষয় নহয়।

  

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত নাও ডুব যোৱাৰ পাছত প্ৰথমবাৰলৈ পঞ্জালৈ গৈছে ৰাহুল গান্ধীআততায়ীৰ হাতত নিহত  কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ পৰিয়ালক সাক্ষাতৰ বাবেই তেওঁ পঞ্জাবত ভৰি থয়আজি তেওঁ পোনেপোনে মুছেৱালাৰ পৰিয়ালক সাক্ষাতৰ বাবে গৈছিল। পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী অমৰিন্দৰ সিং ৰাজা আৰু ৰাজ্যখনৰ অন্যান্য শীৰ্ষ নেতাসকলৰ সৈতে ৰাহুল মুছেৱালাৰ গাঁৱত উপস্থিত হয় আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতে পুত্ৰশোকত দগ্ধ হৈ থকা মুছেৱালৰ পিতৃক তেওঁ সান্ত্বনা দিয়ে

ইফালে, মুছেৱালা পৰিয়ালক লগ কৰিবলৈ ৰাহুলৰ আগমনৰ পূ্ৰ্বে, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ আগমনক লৈ কংগ্ৰেছৰ ভিতৰত গুঞ্জন সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। শচীন পাইলটে সোমবাৰে মুছেৱালাৰ পৰিয়ালক সাক্ষাৎ কৰিছিল। তেওঁ ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে আৰু এই ঘটনা জড়িতক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।


ইফালে, মুছেৱালাৰ পিতৃ-মাতৃয়ে শনিবাৰে অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁৰ পুত্ৰৰ মৃত্যুৰ চিবিআই তদন্তৰ দাবী জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় আশ্বাস দিয়া বুলি জানিব পৰা গৈছে। কিন্তু গায়কজনক হত্যাৰ পাছতে পঞ্জাবৰ আপ চৰকাৰ যথেষ্ট চাপত আছে বুলি চৰ্চা চলিছে। জনপ্ৰিয় গায়ক আৰু কংগ্ৰেছ নেতাগৰাকীক ২৯ মে'ত হত্যা কৰা হৈছিল। ঘটনাটোৰ প্ৰায় পাঁচ দিন পাছতহে মুখ্যমন্ত্ৰী মানে মুছেৱালাৰ পৰিয়ালক সাক্ষাৎ কৰিছিল। ৰাজ্য চৰকাৰে এই হত্যাকাণ্ডৰ তদন্তৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও মুছেৱালাৰ পৰিয়ালে চৰকাৰৰ ওপৰত আস্থা পোষণ কৰা নাই বুলি জানিব পৰা গৈছে। মুছেৱালাৰ পৰিয়ালেও এই হত্যাকাণ্ডৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা নহ’লে এই হত্যাকাণ্ড সংঘটিত নহ'লহেঁতেন। মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত মুছেৱালাৰ গাঁৱত প্ৰতিবাদো হোৱা দেখিবলৈ পোৱা যায়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ