--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালা হত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। এদল দুষ্কৃতিকাৰীয়ে ৰাংকুকুৰৰ দৰে পথত আগুৰি ধৰি গুলীৰে থকা-সৰকা কৰিছিল জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতাগৰাকীক। এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে এতিয়া ইয়াক লৈ ৰাজনীতিও চলি থকা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সিদ্ধু মুছেৱালৰ পিতৃক সাক্ষাৎ কৰাৰ পাছত এইবাৰ ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিলে সিদ্ধু মুছেৱালাৰ পিতৃক। সিদ্ধু মুছেৱালাৰ পিতৃক সাক্ষাৎ ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ আম আদমী পাৰ্টী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে মহা অভিযোগ। তেওঁ অভিযোগ কৰে যে, পঞ্জাবৰ শান্তি শৃংখলা বৰ্তাই ৰখাটো আম আদমী পাৰ্টীৰ সাধ্যৰ বিষয় নহয়।

 

আজি ছ’চিয়েল মিডিয়াত সিদ্ধু মুছেৱালাৰ পিতৃৰ সৈতে কেইবাখনো আলোকচিত্ৰ প্ৰকাশ কৰি ৰাহুলে লিখিছে, কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃয়ে যি দুখৰ মাজেৰে অগ্ৰসৰ হ’বলগীয়া হৈছে তাক ভাষাৰে প্ৰকাশ কৰাটো সহজ নহয়। তেওঁলোকক ন্যায় প্ৰদান কৰাটো আমাৰ কৰ্তব্য আৰু আমি তেওঁলোকক ন্যায় প্ৰদান কৰিমেই। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া সম্পূ্ৰ্ণৰূপে নষ্ট হৈ পৰিছে। পঞ্জাবত শান্তি-শৃংখলা বৰ্তাই ৰখাটো আম আদমী পাৰ্টী চৰকাৰৰ সাধ্যৰ বিষয় নহয়।

  

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত নাও ডুব যোৱাৰ পাছত প্ৰথমবাৰলৈ পঞ্জাবলৈ গৈছে ৰাহুল গান্ধী। আততায়ীৰ হাতত নিহত  কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ পৰিয়ালক সাক্ষাতৰ বাবেই তেওঁ পঞ্জাবত ভৰি থয়। আজি তেওঁ পোনেপোনে মুছেৱালাৰ পৰিয়ালক সাক্ষাতৰ বাবে গৈছিল। পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী অমৰিন্দৰ সিং ৰাজা আৰু ৰাজ্যখনৰ অন্যান্য শীৰ্ষ নেতাসকলৰ সৈতে ৰাহুল মুছেৱালাৰ গাঁৱত উপস্থিত হয় আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে কথা পাতে। পুত্ৰশোকত দগ্ধ হৈ থকা মুছেৱালৰ পিতৃক তেওঁ সান্ত্বনা দিয়ে।

ইফালে, মুছেৱালা পৰিয়ালক লগ কৰিবলৈ ৰাহুলৰ আগমনৰ পূ্ৰ্বে, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ আগমনক লৈ কংগ্ৰেছৰ ভিতৰত গুঞ্জনৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। শচীন পাইলটে সোমবাৰে মুছেৱালাৰ পৰিয়ালক সাক্ষাৎ কৰিছিল। তেওঁ ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে আৰু এই ঘটনা জড়িতক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।


ইফালে, মুছেৱালাৰ পিতৃ-মাতৃয়ে শনিবাৰে অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁৰ পুত্ৰৰ মৃত্যুৰ চিবিআই তদন্তৰ দাবী জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় আশ্বাস দিয়া বুলি জানিব পৰা গৈছে। কিন্তু গায়কজনক হত্যাৰ পাছতে পঞ্জাবৰ আপ চৰকাৰ যথেষ্ট চাপত আছে বুলি চৰ্চা চলিছে। জনপ্ৰিয় গায়ক আৰু কংগ্ৰেছ নেতাগৰাকীক ২৯ মে'ত হত্যা কৰা হৈছিল। ঘটনাটোৰ প্ৰায় পাঁচ দিন পাছতহে মুখ্যমন্ত্ৰী মানে মুছেৱালাৰ পৰিয়ালক সাক্ষাৎ কৰিছিল। ৰাজ্য চৰকাৰে এই হত্যাকাণ্ডৰ তদন্তৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও মুছেৱালাৰ পৰিয়ালে চৰকাৰৰ ওপৰত আস্থা পোষণ কৰা নাই বুলি জানিব পৰা গৈছে। মুছেৱালাৰ পৰিয়ালেও এই হত্যাকাণ্ডৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা নহ’লে এই হত্যাকাণ্ড সংঘটিত নহ'লহেঁতেন। মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত মুছেৱালাৰ গাঁৱত প্ৰতিবাদো হোৱা দেখিবলৈ পোৱা যায়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে