--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা এনে কেতবোৰ ঘটনা ঘটে যিবোৰ ঘটনাৰ সহজ বাখ্যা লাভ কৰাটো সম্ভৱ নহয়। তেনে এক প্ৰায় বাখ্যাহীন  আচৰিত ঘটনাই ঘটিছে বিহাৰত। বিহাৰত এজন লোকে ৰে'লৰ  ইঞ্জিনৰ তলত বহি ৰাজগীৰৰ পৰা গয়ালৈ ১৯০  কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ ঘটনাই এতিয়া সকলোৰে চকু থৰ লগাইছে।

 এই আচৰিত আৰু গাৰ নোম শিঁয়ৰি উঠা ঘটনাটো ঘটিছে বুদ্ধ পূৰ্ণিমা এক্সপ্ৰেছত।  সোমবাৰে পুৱা প্ৰায় ৪ বজাত ৰাজগীৰৰ পৰা পাটনা হৈ গয়াত উপস্থিত হৈছিল ৰে'ল খন।  ৰে'লখনৰ চালক এছ চৌধুৰীয়ে প্লেটফৰ্মত ৰে'লখন ৰখাই ইঞ্জিনৰ  পৰা নামি অহাৰ সময়তে  কোনোৱাই 'পানী পানী' বুলি চিঞৰা শুনিছিল। 

সেইসময়ত ৰে'ল খনৰ ইঞ্জিনৰ কাষত কোনো লোক নাছিল। সেয়ে মানুহৰ মাত শুনি চক খাই উঠিছিল ৰে'ল চালক চৌধুৰী। তেওঁ চৌপাশে ভালদৰে নিৰীক্ষণ কৰাৰ পিছতো কাকো দেখা নাপাই 'পানী পানী ' বুলি চিঞৰা শব্দ ক'ৰ পৰা আহিছে  তাৰ উমান ল'বলৈ চেষ্টা কৰিছিল। ৰে'ল চালক চৌধুৰীয়ে ধৰিব পাৰিছিল যে শব্দটো ইঞ্জিনৰ তলৰ পৰাই আহিছে।

তেওঁ লগে লগে  টৰ্চ জ্লাই ৰে'লৰ ইঞ্জিনৰ তলত চোৱাত এজন লোকে উচুপি থকা দেখিবলৈ পায়।  মানুহ জনৰ সেই উচুপনি ইঞ্জিনৰ  কেন্দ্ৰীয় মটৰৰ কাষৰ পৰা ভাঁহি আহিছিল।

ৰে'ল চালক চৌধুৰীয়ে  লগে লগে তেওঁ ৰে'ল বিষয়াসকলক ঘটনাটো অৱগত কৰে ।এটা সময়ত বহু চেষ্টাৰ অন্তত আৰপিএফ জোৱানৰ সহায়ত মানুহ জনক ইঞ্জিনৰ তলৰ পৰা টানি উলিয়াই অনা হয়।

ড্ৰাইভাৰজনৰ মতে মানুহ জনে কিদৰে ইঞ্জিনৰ তলৰ সেই অংশত প্ৰৱেশ কৰিলে সেয়া বৰ আচৰিত কথা। কাৰণ ইঞ্জিনৰ তলৰ সেই স্থানত কোনেও সহজে প্ৰৱেশ কৰিব নোৱাৰে। তাত বহি অহাটোও এক প্ৰকাৰ অসম্ভৱ কথা।কিন্তু লোকজনে কিদৰে সেই স্থানত প্ৰৱেশ কৰিলে সেয়া সাঁথৰ হৈ পৰিছে বুলি চালকজনে মন্তব্য কৰে। লোকজন মানসিকভাবে  বিকাৰগ্ৰস্ত হ'ব পাৰে বুলিও বহুতে ধাৰণা কৰিছে।

 ৰে'লখনৰ ইঞ্জিনৰ তলত বহি  ১৯০ কিলোমিটাৰ ভ্ৰমণ কৰা  লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
তেওঁ কেনেকৈ বা কি পৰিস্থিতিত ৰে'লৰ ইঞ্জিনৰ তলত সোমাল সেয়াও পোহৰলৈ অহা নাই।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ