--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা এনে কেতবোৰ ঘটনা ঘটে যিবোৰ ঘটনাৰ সহজ বাখ্যা লাভ কৰাটো সম্ভৱ নহয়। তেনে এক প্ৰায় বাখ্যাহীন  আচৰিত ঘটনাই ঘটিছে বিহাৰত। বিহাৰত এজন লোকে ৰে'লৰ  ইঞ্জিনৰ তলত বহি ৰাজগীৰৰ পৰা গয়ালৈ ১৯০  কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ ঘটনাই এতিয়া সকলোৰে চকু থৰ লগাইছে।

 এই আচৰিত আৰু গাৰ নোম শিঁয়ৰি উঠা ঘটনাটো ঘটিছে বুদ্ধ পূৰ্ণিমা এক্সপ্ৰেছত।  সোমবাৰে পুৱা প্ৰায় ৪ বজাত ৰাজগীৰৰ পৰা পাটনা হৈ গয়াত উপস্থিত হৈছিল ৰে'ল খন।  ৰে'লখনৰ চালক এছ চৌধুৰীয়ে প্লেটফৰ্মত ৰে'লখন ৰখাই ইঞ্জিনৰ  পৰা নামি অহাৰ সময়তে  কোনোৱাই 'পানী পানী' বুলি চিঞৰা শুনিছিল। 

সেইসময়ত ৰে'ল খনৰ ইঞ্জিনৰ কাষত কোনো লোক নাছিল। সেয়ে মানুহৰ মাত শুনি চক খাই উঠিছিল ৰে'ল চালক চৌধুৰী। তেওঁ চৌপাশে ভালদৰে নিৰীক্ষণ কৰাৰ পিছতো কাকো দেখা নাপাই 'পানী পানী ' বুলি চিঞৰা শব্দ ক'ৰ পৰা আহিছে  তাৰ উমান ল'বলৈ চেষ্টা কৰিছিল। ৰে'ল চালক চৌধুৰীয়ে ধৰিব পাৰিছিল যে শব্দটো ইঞ্জিনৰ তলৰ পৰাই আহিছে।

তেওঁ লগে লগে  টৰ্চ জ্লাই ৰে'লৰ ইঞ্জিনৰ তলত চোৱাত এজন লোকে উচুপি থকা দেখিবলৈ পায়।  মানুহ জনৰ সেই উচুপনি ইঞ্জিনৰ  কেন্দ্ৰীয় মটৰৰ কাষৰ পৰা ভাঁহি আহিছিল।

ৰে'ল চালক চৌধুৰীয়ে  লগে লগে তেওঁ ৰে'ল বিষয়াসকলক ঘটনাটো অৱগত কৰে ।এটা সময়ত বহু চেষ্টাৰ অন্তত আৰপিএফ জোৱানৰ সহায়ত মানুহ জনক ইঞ্জিনৰ তলৰ পৰা টানি উলিয়াই অনা হয়।

ড্ৰাইভাৰজনৰ মতে মানুহ জনে কিদৰে ইঞ্জিনৰ তলৰ সেই অংশত প্ৰৱেশ কৰিলে সেয়া বৰ আচৰিত কথা। কাৰণ ইঞ্জিনৰ তলৰ সেই স্থানত কোনেও সহজে প্ৰৱেশ কৰিব নোৱাৰে। তাত বহি অহাটোও এক প্ৰকাৰ অসম্ভৱ কথা।কিন্তু লোকজনে কিদৰে সেই স্থানত প্ৰৱেশ কৰিলে সেয়া সাঁথৰ হৈ পৰিছে বুলি চালকজনে মন্তব্য কৰে। লোকজন মানসিকভাবে  বিকাৰগ্ৰস্ত হ'ব পাৰে বুলিও বহুতে ধাৰণা কৰিছে।

 ৰে'লখনৰ ইঞ্জিনৰ তলত বহি  ১৯০ কিলোমিটাৰ ভ্ৰমণ কৰা  লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
তেওঁ কেনেকৈ বা কি পৰিস্থিতিত ৰে'লৰ ইঞ্জিনৰ তলত সোমাল সেয়াও পোহৰলৈ অহা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ