--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পৰ্যটকৰ বাবে সুখবৰ।  যিসকলে  এতিয়া থাইলেণ্ড  ভ্ৰমণ কৰিব বিচাৰে তেওঁলোকে থাইলেণ্ডলৈ যাত্ৰা কৰিব পাৰিব কোনো ভিছাৰ অবিহনেই। থাই চৰকাৰৰ এজন মুখপাত্ৰই কৈছে যে ভাৰত আৰু টাইৱানৰ পৰা অহা লোকসকলৰ বাবে ভিছাৰ প্ৰয়োজনীয়তানাথাকিব। ভিছা প্ৰক্ৰিয়াত এই ৰেহাই অহা ১০  নৱেম্বৰ ২০২৩ৰ পৰা ১০ মে’ ২০২৪ লৈ বাহাল থাকিব। 

থাই চৰকাৰৰ মুখপাত্ৰ চাই ৱাচাৰোঙ্কে কয়, "ভাৰত আৰু টাইৱানৰ পৰা অহা লোকসকলে ৩০ দিনৰ বাবে ভিছা অবিহনে থাইলেণ্ডত প্ৰৱেশ কৰিব পাৰিব।"বৰ্তমান, যদি এজন ভাৰতীয়ই থাইলেণ্ড ভ্ৰমণ কৰিব বিচাৰে, তেন্তে তেওঁ থাইলেণ্ডলৈ দুদিনীয়া ভিছাৰ বাবে ২০০০ ভাট অৰ্থাৎ প্ৰায় ৫৭  ডলাৰ পৰিশোধ কৰিবলগীয়া হয়। থাইলেণ্ডৰ নতুন চৰকাৰে অহা বছৰ বিদেশী পৰ্যটকৰ পৰা ৰাজহ ৩.৩ ট্ৰিলিয়নলৈ  বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। থাইলেণ্ডলৈ ভাৰতৰ পৰাই প্ৰতি বছৰে বহু সংখ্যক লোকে ভ্ৰমণৰ বাবে যায়। সেয়ে ভাৰতীয় পৰ্যটকৰ বাবে ভিছা নালাগিব বুলি থাই চৰকাৰে ঘোষণা কৰিছে। বেংক অফ থাইলেণ্ডৰ তথ্য অনুসৰি পৰ্যটনে থাইলেণ্ডৰ  মুঠ ঘৰুৱা উৎপাদনত  প্ৰায় ১২ শতাংশ আৰু কৰ্ম সংস্থাপনত প্ৰায় এক-পঞ্চমাংশ অৰিহণা যোগাই আহিছে।

উল্লেখ্য ইয়াৰ পূৰ্বে ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকালৈ যোৱা  ভাৰতীয় লোকেও ভিছা অবিহনেই যাব পাৰিব বুলি ঘোষণা কৰা হৈছিল। শ্ৰীলংকাই দেৱালীৰ পূৰ্বে  ভাৰতৰ বাবে আগবঢ়াইছে এই  উপহাৰ । শ্ৰীলংকা কেবিনেটে ভাৰতকে ধৰি সাতখন দেশৰ বাবে ভিছা  সম্পৰ্কীয়  সিদ্ধান্তত অনুমোদন জনাইছে। শ্ৰীলংকাৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি  ভাৰতকে ধৰি সাতখন দেশৰ লোকে  ভিছা অবিহনেই  দ্বীপ ৰাষ্ট্ৰ খন  ভ্ৰমণ কৰিবলৈ অনুমতি লাভ  কৰিব। 

  এক কথাত ক’বলৈ গ’লে এতিয়া ভাৰতৰ লোকসকলে ভিছা অবিহনেই চুবুৰীয়া দেশ শ্ৰীলংকা ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব। ঋণগ্ৰস্ত দ্বীপ ৰাষ্ট্ৰখনৰ পৰ্যটন খণ্ড পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰেই এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। 
 শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী চাব্ৰীয়ে কয়  যে  এই সিদ্ধান্তৰ পিছত ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত ইয়ৈাক পাইলট প্ৰকল্প হিচাপে আৰম্ভ কৰা হ'ব। 

 উল্লেখ্য  ২০১৯ চনত ইষ্টাৰ দেওবাৰৰ বিস্ফোৰণৰ পিছত শ্ৰীলংকালৈ অহা পৰ্যটকৰ  সংখ্যা হ্ৰাস পাইছিল। এই বিস্ফোৰণত ১১ জন ভাৰতীয়সহ ২৭০ জন লোক নিহত হৈছিল  আৰু ৫০০ ৰো অধিক লোক আহত হৈছিল।কেবিনেটে  ভাৰতকে ধৰি চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ যাত্ৰীসকলৰ বাবে ভিছা অবিহনে প্ৰৱেশত অনুমোদন জনায়। এই দেশসমূহৰ লোকসকলে শ্ৰীলংকা ভ্ৰমণৰ বাবে বিনামূলীয়াকৈ ভিছা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব।

 ছেপ্টেম্বৰ মাহত  শ্ৰীলংকালৈ যোৱা  ৩০,০০০যাত্ৰীৰ ভতৰত ২৬ শতাংশই  ভাৰতৰ আছিল।  চীনৰ পৰা যোৱা যাত্ৰীৰ সংখ্যা আছিল ৮,০০০। ভয়ংকৰ বিত্তীয় সংকটে গ্ৰাস কৰা শ্ৰীলংকাত এতিয়া পৰ্যটন উদ্যোগৰ জড়িয়তে দেশ খনৰ চৰকাৰে বিদেশী মুদ্ৰা অৰ্জনৰ কথা চিন্তা কৰিছে। ভিছাৰ সমস্যাৰ বাবেই দেশ খনলৈ বহুতেই মন থাকিলেও সহজে যাব পৰা নাছিল। এতিয়া ভাৰতকে ধৰি সাত খন দেশৰ ক্ষেত্ৰত সেই বাধা আঁতৰিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক