--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি অভিনেতা আল্লু অৰ্জুনৰ জন্মদিন । অগণন অনুৰাগীয়ে এই বিশেষ দিনটোত তেওঁক জনাইছে জন্মদিনৰ শুভেচ্ছা । বিশেষ দিনটোত উপহাৰ অভিনেতাগৰাকীয়ে অনুৰাগীলৈ আগবঢ়ালে ৰিটাৰ্ণ গিফ্ট৷ 

আইকনিক তাৰকা আল্লু আৰু এটলীয়ে এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ ওলাইছে । ছান পিকচাৰ্ছ প্ৰডাকচন কোম্পানীৰ বেনাৰত এই প্ৰজেক্টো নিৰ্মাণ হ’ব । ভিডিঅ’টোত দেখা গৈছে যে ভাৰতত চলচ্চিত্ৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুয়োগৰাকী তাৰকা বিদেশলৈ উৰা মাৰিছে ।

দুই তাৰকাক দেখা গৈছে লোলা ভিএফএক্সৰ কাৰ্যালয়ত । আল্লু-এটলীয়ে লছ এঞ্জেলছৰ স্পেকট্যকুলাৰ মোশ্যন, ফ্ৰেক্টৰেড এফ এক্স, আই এল এম টেকন’প্ৰপছ, আইৰন হেড ষ্টুডিঅ’ ভ্ৰমণ কৰে । ইয়াৰ পিছত তেওঁলোকে আইৰণ হেড ষ্টুডিঅ’ৰ চিইঅ’ জোছ ফাৰ্ণাণ্ডেজৰ সৈতে সাক্ষাৎ কৰে ।

ভিএফএক্সৰ তত্বাৱধায়ক জেমছ মেডিগানে কয় যে, "মই এই ছবিখনৰ চিত্ৰনাট্য পঢ়িলো । এটাই কথা ক'ম, এই চিত্ৰনাট্যই মোৰ মনটো উৰুৱাই নিলে ।" স্পেকট্যকুলাৰ মোশ্যনৰ কলাত্মক পৰিচালক মাইকে কয় যে তেওঁ কেতিয়াও এনেকুৱা চিত্ৰনাট্য আগতে পঢ়া নাই । এই ছবিখনৰ বাবে তেওঁৰ সৃষ্টি শ্ৰেষ্ঠ হ’ব । দৰাচলতে চিত্ৰনাট্য শুনাৰ পাছত সকলোৱে স্বীকাৰ কৰিছিল যে চিনেমাজগতৰ এনে দৃষ্টিভংগী আগতে কোনেও শুনা নাই ।

ভিডিঅ’টোত আল্লু-এটলীয়ে বিশ্বৰ জনপ্ৰিয় ছুপাৰহিৰো চৰিত্ৰ বেটমেন আৰু স্পাইডাৰমেনৰ মাস্ক পিন্ধা দেখা গৈছে । ইয়াৰ পিছত আধুনিক সঁজুলি ব্যৱহাৰ কৰি অভিনেতাৰ মুখখন স্কেন কৰা হয় । একশ্যন অৱতাৰত অভিনয় কৰিবলৈ সাজু হৈছে আল্লু অৰ্জুন । 

এইখন আল্লু অৰ্জুনৰ ২২ সংখ্যক আৰু এটলীৰ ষষ্ঠখন ছবি, সেয়েহে নিৰ্মাতাসকলে ‘AA22-A6’ হেচটেগটো শ্বেয়াৰ কৰিছে। কেপচনত লিখিছে , ‘এটা ল্যাণ্ডমাৰ্ক চিনেমাৰ বাবে সাজু হওক। নেটিজেনসকলৰ মতে, ‘পুষ্পা’ৰ সফলতাৰ পিছত আল্লুৰ কেৰিয়াৰত এইখন কল্পবিজ্ঞানভিত্তিক ছবিখন এক ডাঙৰ টাৰ্নিং পইণ্ট হ’বলৈ গৈ আছে 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ