--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া যেন চলি আছে বিবাহ বিচ্ছেদৰ বতৰ। অভিনেতা চোহেইল খান আৰু তেওঁৰ পত্নী সীমা খানৰ বিবাহ বিচ্ছেদৰ বাতৰিৰ পাছত এতিয়া আন এক সম্পৰ্ক ভাঙি যোৱাৰ খবৰ পোৱা গৈছে। শেহতীয়া বাতৰি অনুসৰি বলীউড অভিনেতা ইমৰান খান(Imran Khan) আৰু তেওঁৰ পত্নী অৱন্তিকা মালিকে তেওঁলোকৰ সম্পৰ্ক সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ইমৰান খান হৈছে আমিৰ খানৰ ভাগিন। 

ইমৰান দীৰ্ঘদিন ধৰি বলীউড উদ্যোগৰ পৰা আঁতৰি আছিল। তেওঁক শেষবাৰৰ বাবে ২০১৫ চনৰ ছবি 'কাট্টি বাট্টিত' দেখা গৈছিল। ইমৰান আৰু তেওঁৰ পত্নী অৱন্তিকাৰ মাজত বহুদিনৰে পৰা সম্পৰ্ক ভালে চলি থকা নাই। অৱশেষত অভিনেতাজনে অৱন্তিকা মালিকৰ সৈতে বৈবাহিক জীৱন সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। 

দুয়োজনৰ মাজৰ দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে এই দম্পতীয়ে যোৱা কেইবছৰমান ধৰি পৃথকে বাস কৰি আছে। এতিয়া দুয়োজনে এই সম্পৰ্কটো আনুষ্ঠানিকভাৱে সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ইমৰান খান বহু বছৰ ধৰি চলচ্চিত্ৰ উদ্যোগৰ আঁতৰি আছে। উদ্যোগটোত কাম বিচাৰি নোপোৱাৰ বাবে তেওঁ বিত্তীয় সীমাবদ্ধতাৰ সন্মুখীন হৈছিল। এনে পৰিস্থিতিত ধনৰ অভাৱৰ বাবে ইমৰান আৰু অৱন্তিকাৰ মাজত কাজিয়া আৰম্ভ হয় যি কথাই তেওঁলোকৰ কন্যাক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ দুয়োৰে পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক বচাবলৈ চেষ্টা কৰিছিল কিন্তু কোনো ইয়াৰ কোনো সমাধান নাছিল। অৱন্তিকাই কন্যাৰ সৈতে তেওঁৰ পিতৃৰ ঘৰত বাস কৰিছে।

উল্লেখ্য যে ইমৰানে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০১১ চনত অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছত ২০১৪ চনত তেওঁলোক কন্যা ইমাৰাৰ পিতৃ-মাতৃ হয়। অৱশ্যে কন্যা জন্মৰ পাছৰ পৰাই দুয়োৰে মাজৰ সম্পৰ্ক তিক্ত হ'বলৈ ধৰে। পাছত দুয়োৰে মাজৰ সম্পৰ্কৰ তিক্ততা ইমানেই বৃদ্ধি পাইছিল যে ২০১৯ চনত অৱন্তিকাই ইমৰানক এৰি পিতৃগৃহলৈ স্থানান্তৰিত হৈছিল। মোমায়েক আমিৰ খানেও কিছু মাহৰ পূৰ্বে কিৰণ ৰাওক বিবাহ বিচ্ছেদ দিছিল। এইবাৰ ইমৰানেও অৱন্তিকাক বিবাহ বিচ্ছেদ দিবলৈ ওলাইছে। ইয়াকে দেখি বলীউডত গুণগুণনি উঠিছে যে মোমায়েকক দেখি ভাগিনেও সেই পথকে অনুসৰণ কৰিছে নেকি..!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ