--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত এতিয়া যেন চলি আছে বিবাহ বিচ্ছেদৰ বতৰ। অভিনেতা চোহেইল খান আৰু তেওঁৰ পত্নী সীমা খানৰ বিবাহ বিচ্ছেদৰ বাতৰিৰ পাছত এতিয়া আন এক সম্পৰ্ক ভাঙি যোৱাৰ খবৰ পোৱা গৈছে। শেহতীয়া বাতৰি অনুসৰি বলীউড অভিনেতা ইমৰান খান(Imran Khan) আৰু তেওঁৰ পত্নী অৱন্তিকা মালিকে তেওঁলোকৰ সম্পৰ্ক সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ইমৰান খান হৈছে আমিৰ খানৰ ভাগিন। 


ইমৰান দীৰ্ঘদিন ধৰি বলীউড উদ্যোগৰ পৰা আঁতৰি আছিল। তেওঁক শেষবাৰৰ বাবে ২০১৫ চনৰ ছবি 'কাট্টি বাট্টিত' দেখা গৈছিল। ইমৰান আৰু তেওঁৰ পত্নী অৱন্তিকাৰ মাজত বহুদিনৰে পৰা সম্পৰ্ক ভালে চলি থকা নাই। অৱশেষত অভিনেতাজনে অৱন্তিকা মালিকৰ সৈতে বৈবাহিক জীৱন সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। 


দুয়োজনৰ মাজৰ দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে এই দম্পতীয়ে যোৱা কেইবছৰমান ধৰি পৃথকে বাস কৰি আছে। এতিয়া দুয়োজনে এই সম্পৰ্কটো আনুষ্ঠানিকভাৱে সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছে। ইমৰান খান বহু বছৰ ধৰি চলচ্চিত্ৰ উদ্যোগৰ আঁতৰি আছে। উদ্যোগটোত কাম বিচাৰি নোপোৱাৰ বাবে তেওঁ বিত্তীয় সীমাবদ্ধতাৰ সন্মুখীন হৈছিল। এনে পৰিস্থিতিত ধনৰ অভাৱৰ বাবে ইমৰান আৰু অৱন্তিকাৰ মাজত কাজিয়া আৰম্ভ হয় যি কথাই তেওঁলোকৰ কন্যাক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ দুয়োৰে পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক বচাবলৈ চেষ্টা কৰিছিল কিন্তু কোনো ইয়াৰ কোনো সমাধান নাছিল। অৱন্তিকাই কন্যাৰ সৈতে তেওঁৰ পিতৃৰ ঘৰত বাস কৰিছে।


উল্লেখ্য যে ইমৰানে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০১১ চনত অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছত ২০১৪ চনত তেওঁলোক কন্যা ইমাৰাৰ পিতৃ-মাতৃ হয়। অৱশ্যে কন্যা জন্মৰ পাছৰ পৰাই দুয়োৰে মাজৰ সম্পৰ্ক তিক্ত হ'বলৈ ধৰে। পাছত দুয়োৰে মাজৰ সম্পৰ্কৰ তিক্ততা ইমানেই বৃদ্ধি পাইছিল যে ২০১৯ চনত অৱন্তিকাই ইমৰানক এৰি পিতৃগৃহলৈ স্থানান্তৰিত হৈছিল। মোমায়েক আমিৰ খানেও কিছু মাহৰ পূৰ্বে কিৰণ ৰাওক বিবাহ বিচ্ছেদ দিছিল। এইবাৰ ইমৰানেও অৱন্তিকাক বিবাহ বিচ্ছেদ দিবলৈ ওলাইছে। ইয়াকে দেখি বলীউডত গুণগুণনি উঠিছে যে মোমায়েকক দেখি ভাগিনেও সেই পথকে অনুসৰণ কৰিছে নেকি..!





 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ