--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাটো অতি প্ৰয়োজনীয়। ঘৰখন পৰিষ্কাৰ কৰি ৰখাত ঝাড়ুৰ বিশেষ ভূমিকা আছে। আপুনি জানেনে আপুনি সাধাৰণ বুলি ভবা ঝাড়ুৰ স্থান বাস্তুশাস্ত্ৰত(Vastu shastra) অতি গুৰুত্বপূৰ্ণ। বাস্তুৰ মতে ঘৰখন ঝাড়ু দিয়াৰ এক বিশেষ সময় আছে। বাস্তুশাস্ত্ৰত ঝাড়ুক মা লক্ষ্মীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেইবাবেই লক্ষ্মী পূজাত পুৰণা ঝাড়ু সলাই নতুন ঝাড়ু অনাৰ বিশেষ নিয়ম প্ৰচলিত আছে। অপ্ৰয়োজনীয়ভাৱে ঝাড়ু দিলে ঘৰত দাৰিদ্ৰ্যই দেখা দিয়ে বুলি বিশ্বাস কৰা হয়। আজি আমি আপোনালোকক জনাম বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰ ঝাড়ু দিয়াৰ সঠিক সময় আৰু উপায়।

ৰাতি ঝাড়ু লগাব নালাগে

বাস্তুশাস্ত্ৰৰ মতে বিয়লি চাৰি বজাৰ সময়লৈকে ঘৰ ঝাড়ু দিয়াৰ বাবে শুভ বুলি গণ্য কৰা হয়। ৰাতি ঝাড়ু দিয়াটো বা বেলি ডুব যোৱাৰ পাছত ঝাড়ু দিয়া অশুভ বুলি গণ্য কৰা হয়। ৰাতি ঝাড়ু দিলে দেৱী লক্ষ্মীৰ খং উঠে বুলি বিশ্বাস কৰা হয়। এনে অৱস্থাত ঘৰত দাৰিদ্ৰ্যই দেখা দিয়ে। ইয়াৰ উপৰিও যদি আপুনি ৰাতি ঝাড়ু দিয়ে, তেন্তে ঘৰখনলৈ নেতিবাচক শক্তি আহে বুলি বিশ্বাস কৰা হয়।

ঝাড়ু দিয়াৰ সঠিক সময় কি?

ঘৰ ঝাড়ু দিয়াৰ সঠিক সময়ৰ কথা ক’বলৈ গ’লে বাস্তুত কোৱা হৈছে যে গোটেই দিনটোত চাৰিবাৰ ঝাড়ু দিব পাৰি। পুৱাই পুৱাই ঝাড়ু লগাবলৈ চেষ্টা কৰক আৰু পুৱাতে যদি ঝাড়ু দিব নোৱাৰে তেন্তে সূৰ্য অস্ত যোৱাৰ আগত ঝাড়ু দিয়ক। যদি দিব নোৱাৰে তেন্তে নিদিয়াকৈয়ে ৰাখক মুঠৰ ওপৰত সন্ধিয়া সময়ত ঝাড়ুত হাত নিদিব।

ঝাড়ু ৰখাৰ উপযুক্ত ঠাই কি?

সঠিক সময়ত ঝাড়ু লগোৱাৰ লগতে ঝাড়ু সঠিক ঠাইত ৰখাটোও জৰুৰী। বাস্তুত কোৱা হৈছে যে ঝাড়ু সদায় ঘৰৰ পশ্চিম দিশত ৰাখিব লাগে। যদি আপুনি ভুল দিশত ৰাখে তেন্তে ঘৰখনত ঋণাত্মক শক্তি সঞ্চাৰিত হয়।

ঝাড়ুত কেতিয়াও ভৰি লগাব নালাগে

কোৱা হৈছে যে ঝাড়ুক লক্ষ্মীৰ প্ৰতীক হিচাপে মৰ্যাদা দিয়া হৈছে। সেয়ে কেতিয়াও ঝাড়ুৰে ভৰি স্পৰ্শ কৰিব নালাগে। ইয়াৰ বাহিৰেও ইয়াৰ ওপৰেদি পাৰ হ’বও নালাগে। ঝাড়ু সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। লগতে ঝাড়ু কেতিয়াও থিয় কৰি ৰাখিব নালাগে, মাটিত পেলাই ৰখাটো বাস্তুশাস্ত্ৰত সঠিক বুলি গণ্য কৰা হয়।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ