--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাটো অতি প্ৰয়োজনীয়। ঘৰখন পৰিষ্কাৰ কৰি ৰখাত ঝাড়ুৰ বিশেষ ভূমিকা আছে। আপুনি জানেনে আপুনি সাধাৰণ বুলি ভবা ঝাড়ুৰ স্থান বাস্তুশাস্ত্ৰত(Vastu shastra) অতি গুৰুত্বপূৰ্ণ। বাস্তুৰ মতে ঘৰখন ঝাড়ু দিয়াৰ এক বিশেষ সময় আছে। বাস্তুশাস্ত্ৰত ঝাড়ুক মা লক্ষ্মীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সেইবাবেই লক্ষ্মী পূজাত পুৰণা ঝাড়ু সলাই নতুন ঝাড়ু অনাৰ বিশেষ নিয়ম প্ৰচলিত আছে। অপ্ৰয়োজনীয়ভাৱে ঝাড়ু দিলে ঘৰত দাৰিদ্ৰ্যই দেখা দিয়ে বুলি বিশ্বাস কৰা হয়। আজি আমি আপোনালোকক জনাম বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰ ঝাড়ু দিয়াৰ সঠিক সময় আৰু উপায়।

ৰাতি ঝাড়ু লগাব নালাগে

বাস্তুশাস্ত্ৰৰ মতে বিয়লি চাৰি বজাৰ সময়লৈকে ঘৰ ঝাড়ু দিয়াৰ বাবে শুভ বুলি গণ্য কৰা হয়। ৰাতি ঝাড়ু দিয়াটো বা বেলি ডুব যোৱাৰ পাছত ঝাড়ু দিয়া অশুভ বুলি গণ্য কৰা হয়। ৰাতি ঝাড়ু দিলে দেৱী লক্ষ্মীৰ খং উঠে বুলি বিশ্বাস কৰা হয়। এনে অৱস্থাত ঘৰত দাৰিদ্ৰ্যই দেখা দিয়ে। ইয়াৰ উপৰিও যদি আপুনি ৰাতি ঝাড়ু দিয়ে, তেন্তে ঘৰখনলৈ নেতিবাচক শক্তি আহে বুলি বিশ্বাস কৰা হয়।

ঝাড়ু দিয়াৰ সঠিক সময় কি?

ঘৰ ঝাড়ু দিয়াৰ সঠিক সময়ৰ কথা ক’বলৈ গ’লে বাস্তুত কোৱা হৈছে যে গোটেই দিনটোত চাৰিবাৰ ঝাড়ু দিব পাৰি। পুৱাই পুৱাই ঝাড়ু লগাবলৈ চেষ্টা কৰক আৰু পুৱাতে যদি ঝাড়ু দিব নোৱাৰে তেন্তে সূৰ্য অস্ত যোৱাৰ আগত ঝাড়ু দিয়ক। যদি দিব নোৱাৰে তেন্তে নিদিয়াকৈয়ে ৰাখক মুঠৰ ওপৰত সন্ধিয়া সময়ত ঝাড়ুত হাত নিদিব।

ঝাড়ু ৰখাৰ উপযুক্ত ঠাই কি?

সঠিক সময়ত ঝাড়ু লগোৱাৰ লগতে ঝাড়ু সঠিক ঠাইত ৰখাটোও জৰুৰী। বাস্তুত কোৱা হৈছে যে ঝাড়ু সদায় ঘৰৰ পশ্চিম দিশত ৰাখিব লাগে। যদি আপুনি ভুল দিশত ৰাখে তেন্তে ঘৰখনত ঋণাত্মক শক্তি সঞ্চাৰিত হয়।

ঝাড়ুত কেতিয়াও ভৰি লগাব নালাগে

কোৱা হৈছে যে ঝাড়ুক লক্ষ্মীৰ প্ৰতীক হিচাপে মৰ্যাদা দিয়া হৈছে। সেয়ে কেতিয়াও ঝাড়ুৰে ভৰি স্পৰ্শ কৰিব নালাগে। ইয়াৰ বাহিৰেও ইয়াৰ ওপৰেদি পাৰ হ’বও নালাগে। ঝাড়ু সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। লগতে ঝাড়ু কেতিয়াও থিয় কৰি ৰাখিব নালাগে, মাটিত পেলাই ৰখাটো বাস্তুশাস্ত্ৰত সঠিক বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ