--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰৰ মঞ্চত চৰ সোধাই বিতৰ্কত সাঙোৰ খাই পৰা উইল স্মিথ ভাৰতলৈ আহিছে। হলিউড তাৰকাগৰাকীয়ে আধ্যাত্মিক শান্তিৰ সন্ধানত ভাৰতলৈ অহা বুলি মুম্বাইৰ মনোৰঞ্জন জগতত উঠিছে গুঞ্জন। 

স্মৰ্তব্য যে, ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত সংঘটিত হৈছিল এই ঘটনা। অনুষ্ঠানটো সঞ্চালনা কৰোতে নানা ধৰণৰ ব্যংগ কৰা দেখা গৈছিল কৌতুক অভিনেতা ক্ৰিছ ৰকক। হঠাতে ক্ৰিছে উইল স্মিথৰ পত্নী জাডা পিঙ্কেট স্মিথক লৈ ধেমালি কৰিবলৈ আৰম্ভ কৰিছিল। ক্ৰিছৰ কৌতুক সহ্য কৰিব পৰা নাছিল উইল স্মিথে। তেওঁ লগে লগে মঞ্চলৈ গৈছিল আৰু তেওঁৰ গালত এটা প্ৰচণ্ড চৰ সোধাইছিল।

চলিত বৰ্ষত স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰিছিল। পুৰস্কাৰ গ্ৰহণৰ পূৰ্বেই ঘটিছিল এই চৰকাণ্ড। নিজৰ এই কাৰ্যৰ বাবে ক্ষমাও বিচাৰিছিল উইল স্মিথে। কেৱল সেয়াই নহয়  একাডেমী অ‍ৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছাইন্সৰ সদস্য পদো ত্যাগ কৰিছিল স্মিথে। তাৰপাছতো শাস্তিৰ পৰা ৰক্ষা পোৱা নাই স্মিথ। অভিনেতাজনৰ এনে কাৰ্যৰ বাবে কঠোৰ শাস্তি বিহিছে অস্কাৰ একাডেমীয়ে। ১০ বছৰৰ বাবে অস্কাৰৰ মঞ্চৰ পৰা নিৰ্বাসিত কৰা হৈছে উইল স্মিথক।

অস্কাৰ কাণ্ডৰ পাছত এইবাৰ ভাৰতত দেখিবলৈ পোৱা গ’ল উইল স্মিথক। খবৰ অনুসৰি, অভিনেতাজন শনিবাৰে মুম্বাইত উপস্থিত হৈছিল। মুম্বাইৰে এখন হোটেলত আছে উইল স্মিথ। অৱশ্যে, এয়াই প্ৰথম নহয় ইয়াৰপূৰ্বেও ভাৰতলৈ আহিছে স্মিথে। হলিউড তাৰকাগৰাকী প্ৰথমবাৰৰ বাবে ২০১৯ চনত ভাৰতলৈ আহিছিল। সেই সময়ত তেওঁ হৰিদ্বাৰলৈ গৈছিল।ভাৰতীয় লোকসকলৰ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈছিল স্মিথ। সদগুৰুৰ সৈতেও স্মিথৰ আছো সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। আধ্যাত্মিক গুৰুজনাক তেওঁৰ ঘৰলৈও আমন্ত্ৰণো জনাইছিল উইল স্মিথে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি