--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অস্কাৰৰ মঞ্চত চৰ সোধাই বিতৰ্কত সাঙোৰ খাই পৰা উইল স্মিথ ভাৰতলৈ আহিছে। হলিউড তাৰকাগৰাকীয়ে আধ্যাত্মিক শান্তিৰ সন্ধানত ভাৰতলৈ অহা বুলি মুম্বাইৰ মনোৰঞ্জন জগতত উঠিছে গুঞ্জন। 

স্মৰ্তব্য যে, ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত সংঘটিত হৈছিল এই ঘটনা। অনুষ্ঠানটো সঞ্চালনা কৰোতে নানা ধৰণৰ ব্যংগ কৰা দেখা গৈছিল কৌতুক অভিনেতা ক্ৰিছ ৰকক। হঠাতে ক্ৰিছে উইল স্মিথৰ পত্নী জাডা পিঙ্কেট স্মিথক লৈ ধেমালি কৰিবলৈ আৰম্ভ কৰিছিল। ক্ৰিছৰ কৌতুক সহ্য কৰিব পৰা নাছিল উইল স্মিথে। তেওঁ লগে লগে মঞ্চলৈ গৈছিল আৰু তেওঁৰ গালত এটা প্ৰচণ্ড চৰ সোধাইছিল।

চলিত বৰ্ষত স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰিছিল। পুৰস্কাৰ গ্ৰহণৰ পূৰ্বেই ঘটিছিল এই চৰকাণ্ড। নিজৰ এই কাৰ্যৰ বাবে ক্ষমাও বিচাৰিছিল উইল স্মিথে। কেৱল সেয়াই নহয়  একাডেমী অ‍ৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছাইন্সৰ সদস্য পদো ত্যাগ কৰিছিল স্মিথে। তাৰপাছতো শাস্তিৰ পৰা ৰক্ষা পোৱা নাই স্মিথ। অভিনেতাজনৰ এনে কাৰ্যৰ বাবে কঠোৰ শাস্তি বিহিছে অস্কাৰ একাডেমীয়ে। ১০ বছৰৰ বাবে অস্কাৰৰ মঞ্চৰ পৰা নিৰ্বাসিত কৰা হৈছে উইল স্মিথক।

অস্কাৰ কাণ্ডৰ পাছত এইবাৰ ভাৰতত দেখিবলৈ পোৱা গ’ল উইল স্মিথক। খবৰ অনুসৰি, অভিনেতাজন শনিবাৰে মুম্বাইত উপস্থিত হৈছিল। মুম্বাইৰে এখন হোটেলত আছে উইল স্মিথ। অৱশ্যে, এয়াই প্ৰথম নহয় ইয়াৰপূৰ্বেও ভাৰতলৈ আহিছে স্মিথে। হলিউড তাৰকাগৰাকী প্ৰথমবাৰৰ বাবে ২০১৯ চনত ভাৰতলৈ আহিছিল। সেই সময়ত তেওঁ হৰিদ্বাৰলৈ গৈছিল।ভাৰতীয় লোকসকলৰ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈছিল স্মিথ। সদগুৰুৰ সৈতেও স্মিথৰ আছো সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। আধ্যাত্মিক গুৰুজনাক তেওঁৰ ঘৰলৈও আমন্ত্ৰণো জনাইছিল উইল স্মিথে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ