--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুছ আগ্ৰাসনত বিধ্বস্ত ইউক্ৰেইন। যুদ্ধবিধ্বস্ত দেশখনক লৈ নিৰ্মাণ কৰা হৈছে ছবি। নাম 'লাভ ইন ইউক্ৰেইন'। ছবিখনৰ প্ৰথমখন পোষ্টাৰ অলপতে উন্মোচন কৰা হৈছে। ছবিখন পৰিচালনা কৰিছে নিতিন কুমাৰ গুপ্তাই। এই চলচ্চিত্ৰখনৰ জৰিয়তে বলীউডে এজন নতুন নায়ক লাভ কৰিছে। অভিনেতাজনৰ নাম বিপিন কৌশিক। বিপিন কৌশিকৰ সৈতে অভিনয় কৰিব ৰাছিয়ান অভিনেত্ৰী লিজাবেটাই।

ছবিখনৰ যোগেদি এজন ভাৰতীয় ছাত্ৰ আৰু ৰাছিয়ান যুৱতীৰ প্ৰেম কাহিনীক দেখুৱালৈ নাট্যকাৰে চেষ্টা কৰিছে বুলি খবৰ ওলাইছে। ছবিখনৰ প্ৰযোজকে কয়, ‘বহু দিনৰ বিৰতিৰ অন্তত বলীউডত এনে এটা প্ৰেমৰ কাহিনী ৰূপালী পৰ্দাত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।’

ইফাল যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি বৰ্ণনাতীত যদিও ছবিখনৰ যোগেদি ইউক্ৰেইনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক দিশটোকে তুলি ধৰিবলৈ চেষ্টা কৰা বুলি সদৰী কৰিছে ছবিখনৰ পৰিচালকে।

জানিবলৈ পোৱা মতে, ছবিখন ইউক্ৰেইনতো প্ৰদৰ্শিত হ’ব। ছবিখনৰ বাবে চলচ্চিত্ৰপ্ৰেমীয়ে ভৰিব নালাগে গাঁঠিৰ ধন। প্ৰযোজকৰ মতে, যুদ্ধবিধ্বস্ত ইউক্ৰেইনত ভালপোৱাৰ বীজ ছটিয়াই দিব এই ছবিখনে। ছবিখনে মুক্তিলাভ কৰিব ২৭ মে’ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ