--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ যোগীৰ ৰাজ্যত সংঘটিত নাৰকীয় হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ এটা নিৰ্মম ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে। শিৱৰাজপুৰ গাঁৱত এটি দুবছৰীয়া কন্যা শিশুকে ধৰি একেটা পৰিয়ালৰ পাঁচজন সদস্যক চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, দুৰ্বৃত্তই এক বৃদ্ধ দম্পতী, তেওঁলোকৰ কন্যা, বোৱাৰী আৰু নাতিনীক হত্যা কৰে। কেৱল এটা পাঁচ বছৰীয়া শিশুহে বাচি যায় এই নাৰকীয় কাণ্ডৰ পৰা। হত্যাৰ পাছত, দুৰ্বৃত্তই ভুক্তভোগীসকলৰ ঘৰো জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ তদন্তত স্নিফাৰ ডগো ব্যৱহাৰ কৰা হৈছে। তদুপৰি ঘটনাস্থলীত এটা ফৰেনচিক বিশেষজ্ঞৰ দলো উপস্থিত হৈছে। এই চাঞ্চল্যকৰ ঘটনাত নিহতসকল হৈছে ক্ৰমে ৰাজ কুমাৰ যাদৱ (৫৫), তেওঁৰ পত্নী কুসুম (৫০), জীয়ৰী মনীষা (২৫), বোৱাৰী সবিতা (২৭), নাতিনী মীনাক্ষী (২) বুলি চিনাক্ত কৰা হৈছে। আন এগৰাকী নাতিনী সাক্ষী (৫)ক ঘটনাস্থলীৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়।

আজি পুৱা, স্থানীয় লোকে প্ৰথমে পীড়িতসকলৰ ঘৰৰ পৰা ধোঁৱা ওলাই থকা দেখিবলৈ পায়। তাৰ পাছতে একাংশ লোক তেওঁলোকৰ খবৰ ল’বলৈ যোৱাৰ পাছতে নাৰকীয় হত্যাকাণ্ডটোৰ  বিষয়ে জানিব পাৰে। লগে লগে  তেওঁলোকে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। ঘটনাৰ পাছতে চৌপাশৰ অঞ্চলবোৰত যাতে কোন অপ্ৰীতিকৰ পৰিস্থিতি নঘটে সেয়া নিশ্চিত কৰিবলৈ ব্যাপক হাৰত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰি শীৰ্ষ আৰক্ষী বিষয়া অজয় কুমাৰে কয়, দুষ্কৃতিকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত শোৱনি কোঠাত জুই লগাই দিছিল। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে হত্যাকাণ্ডৰ নিশ্চিদ্ৰ তদন্ত কৰিবলৈ সাতজনীয়া এটা দল গঠন কৰিছে। পৰিয়ালৰ সদস্যসকলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৱশ্যে, কিহৰ বাবে এই নাৰকীয় হত্যাকাণ্ড সংঘটিত হ’ল তথা ইয়াৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ