--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এইবাৰ যোগীৰ ৰাজ্যত সংঘটিত নাৰকীয় হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ এটা নিৰ্মম ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে। শিৱৰাজপুৰ গাঁৱত এটি দুবছৰীয়া কন্যা শিশুকে ধৰি একেটা পৰিয়ালৰ পাঁচজন সদস্যক চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, দুৰ্বৃত্তই এক বৃদ্ধ দম্পতী, তেওঁলোকৰ কন্যা, বোৱাৰী আৰু নাতিনীক হত্যা কৰে। কেৱল এটা পাঁচ বছৰীয়া শিশুহে বাচি যায় এই নাৰকীয় কাণ্ডৰ পৰা। হত্যাৰ পাছত, দুৰ্বৃত্তই ভুক্তভোগীসকলৰ ঘৰো জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ তদন্তত স্নিফাৰ ডগো ব্যৱহাৰ কৰা হৈছে। তদুপৰি ঘটনাস্থলীত এটা ফৰেনচিক বিশেষজ্ঞৰ দলো উপস্থিত হৈছে। এই চাঞ্চল্যকৰ ঘটনাত নিহতসকল হৈছে ক্ৰমে ৰাজ কুমাৰ যাদৱ (৫৫), তেওঁৰ পত্নী কুসুম (৫০), জীয়ৰী মনীষা (২৫), বোৱাৰী সবিতা (২৭), নাতিনী মীনাক্ষী (২) বুলি চিনাক্ত কৰা হৈছে। আন এগৰাকী নাতিনী সাক্ষী (৫)ক ঘটনাস্থলীৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়।

আজি পুৱা, স্থানীয় লোকে প্ৰথমে পীড়িতসকলৰ ঘৰৰ পৰা ধোঁৱা ওলাই থকা দেখিবলৈ পায়। তাৰ পাছতে একাংশ লোক তেওঁলোকৰ খবৰ ল’বলৈ যোৱাৰ পাছতে নাৰকীয় হত্যাকাণ্ডটোৰ  বিষয়ে জানিব পাৰে। লগে লগে  তেওঁলোকে আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। ঘটনাৰ পাছতে চৌপাশৰ অঞ্চলবোৰত যাতে কোন অপ্ৰীতিকৰ পৰিস্থিতি নঘটে সেয়া নিশ্চিত কৰিবলৈ ব্যাপক হাৰত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰি শীৰ্ষ আৰক্ষী বিষয়া অজয় কুমাৰে কয়, দুষ্কৃতিকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত শোৱনি কোঠাত জুই লগাই দিছিল। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে হত্যাকাণ্ডৰ নিশ্চিদ্ৰ তদন্ত কৰিবলৈ সাতজনীয়া এটা দল গঠন কৰিছে। পৰিয়ালৰ সদস্যসকলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৱশ্যে, কিহৰ বাবে এই নাৰকীয় হত্যাকাণ্ড সংঘটিত হ’ল তথা ইয়াৰ আঁৰত কোন জড়িত আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ