--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম-এটা অতি জনপ্ৰিয় আৰু সুস্বাদু ফল। সোৱাদ, গোন্ধ, ৰং আৰু পুষ্টিত আমৰ একমাত্ৰ বিকল্প আমেই। পকা আম দেখিলে কাৰনো জিভাৰ পানী নপৰাকৈ থাকে! একেদৰে, বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানেও পকা আম দেখি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ৰসাল পকা আম দেখি পুত্ৰৰ সৈতে ল’লে সোৱাদ।

আমৰ বাকলি কেনেকৈ এৰুৱাব লাগে, কেনেকৈ টুকুৰা টুকুৰ কৰিব লাগে, কেনেকৈ খোৱাৰ আনন্দ ল’ব লাগে। পিতৃ আমিৰে নিজ পুত্ৰ আজাদ ৰাও খানক তাৰে নীতিপাঠ দিয়া দেখা গৈছে শেহতীয়া কেইখনমান আলোকচিত্ৰত। মন কৰিবলগীয়া যে, বাংলাদেশত এতিয়া পকা আমৰ বতৰ আসন্ন। কিন্তু  এই মুহূৰ্ততো অধিক মূল্যত বজাৰত পকা আম উপলব্ধ। ভাৰতত যে পকা আম উপলব্ধ আমিৰ খান আৰু তেওঁৰ পুত্ৰৰ আলোকচিত্ৰতে ফুটি উঠিছে। বুধবাৰে আমিৰ খানৰ প্ৰযোজনা গৃহৰ এজন প্ৰতিনিধিয়ে ছ’চিয়েল মাধ্যমত আলোকচিত্ৰ কেইখন শ্বেয়াৰ কৰা বুলি খবৰ ওলাইছে। 

এখন দুখন নহয়, একেৰাহে চাৰিখন আলোকচিত্ৰ। আলোকচিত্ৰত অভিনেতাজনক তেওঁৰ পুত্ৰৰ সৈতে বহি পৰম সন্তোষেৰে আম খোৱা দেখা গৈছে। আমিৰে তেওঁৰ পুত্ৰক নিজৰ হাতেৰে আমৰ বাকলি  এৰুৱাবলৈ শিকাইছে। কেপচনত লিখিছে, ‘আপুনি এই বছৰত আমৰ সোৱাদ লৈছেনে? আপোনাৰ পৰিয়ালৰ সদস্যসকলে খাইছে নে?'  আমিৰৰ পুত্ৰৰ সৈতে থকা এই আলোকচিত্ৰবোৰে অনুৰাগীৰ পৰা লাভ কৰিছে যথেষ্ট সঁহাৰি। এজনে লিখিছে, 'এতিয়ালৈকে খোৱা নাই ছাৰ,  বহুত দাম!' কোনোবাই আকৌ লিখিছে, 'বৰ ধুনীয়া লাগিছে আপোনালোকক।’ কোনোবাই আকৌ ছবিখনৰ মন্তব্যত  আমিৰৰ পৰৱৰ্তী ছবি ‘লাল সিং চাড্ডাৰ’ খবৰো লোৱা দেখা গৈছে।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ ১১ আগষ্টত মুক্তি পাব আমিৰৰ নতুন ছবি ‘লাল সিং চাড্ডা’।ছবিখনত আমিৰৰ লগতে কৰিণা কাপুৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব।ছবিখনত এভিনয় কৰিছে নাগা চৈতন্যইয়ো। ‘লাল সিং চাড্ডা’ৰ পৰিচালনা অদ্বৈত চন্দনৰ। চিত্ৰনাট্য অভিনেতা অতুল কুলকাৰ্ণীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ