--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম-এটা অতি জনপ্ৰিয় আৰু সুস্বাদু ফল। সোৱাদ, গোন্ধ, ৰং আৰু পুষ্টিত আমৰ একমাত্ৰ বিকল্প আমেই। পকা আম দেখিলে কাৰনো জিভাৰ পানী নপৰাকৈ থাকে! একেদৰে, বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানেও পকা আম দেখি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ৰসাল পকা আম দেখি পুত্ৰৰ সৈতে ল’লে সোৱাদ।

আমৰ বাকলি কেনেকৈ এৰুৱাব লাগে, কেনেকৈ টুকুৰা টুকুৰ কৰিব লাগে, কেনেকৈ খোৱাৰ আনন্দ ল’ব লাগে। পিতৃ আমিৰে নিজ পুত্ৰ আজাদ ৰাও খানক তাৰে নীতিপাঠ দিয়া দেখা গৈছে শেহতীয়া কেইখনমান আলোকচিত্ৰত। মন কৰিবলগীয়া যে, বাংলাদেশত এতিয়া পকা আমৰ বতৰ আসন্ন। কিন্তু  এই মুহূৰ্ততো অধিক মূল্যত বজাৰত পকা আম উপলব্ধ। ভাৰতত যে পকা আম উপলব্ধ আমিৰ খান আৰু তেওঁৰ পুত্ৰৰ আলোকচিত্ৰতে ফুটি উঠিছে। বুধবাৰে আমিৰ খানৰ প্ৰযোজনা গৃহৰ এজন প্ৰতিনিধিয়ে ছ’চিয়েল মাধ্যমত আলোকচিত্ৰ কেইখন শ্বেয়াৰ কৰা বুলি খবৰ ওলাইছে। 

এখন দুখন নহয়, একেৰাহে চাৰিখন আলোকচিত্ৰ। আলোকচিত্ৰত অভিনেতাজনক তেওঁৰ পুত্ৰৰ সৈতে বহি পৰম সন্তোষেৰে আম খোৱা দেখা গৈছে। আমিৰে তেওঁৰ পুত্ৰক নিজৰ হাতেৰে আমৰ বাকলি  এৰুৱাবলৈ শিকাইছে। কেপচনত লিখিছে, ‘আপুনি এই বছৰত আমৰ সোৱাদ লৈছেনে? আপোনাৰ পৰিয়ালৰ সদস্যসকলে খাইছে নে?'  আমিৰৰ পুত্ৰৰ সৈতে থকা এই আলোকচিত্ৰবোৰে অনুৰাগীৰ পৰা লাভ কৰিছে যথেষ্ট সঁহাৰি। এজনে লিখিছে, 'এতিয়ালৈকে খোৱা নাই ছাৰ,  বহুত দাম!' কোনোবাই আকৌ লিখিছে, 'বৰ ধুনীয়া লাগিছে আপোনালোকক।’ কোনোবাই আকৌ ছবিখনৰ মন্তব্যত  আমিৰৰ পৰৱৰ্তী ছবি ‘লাল সিং চাড্ডাৰ’ খবৰো লোৱা দেখা গৈছে।

স্মৰ্তব্য যে, চলিত বৰ্ষৰ ১১ আগষ্টত মুক্তি পাব আমিৰৰ নতুন ছবি ‘লাল সিং চাড্ডা’।ছবিখনত আমিৰৰ লগতে কৰিণা কাপুৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব।ছবিখনত এভিনয় কৰিছে নাগা চৈতন্যইয়ো। ‘লাল সিং চাড্ডা’ৰ পৰিচালনা অদ্বৈত চন্দনৰ। চিত্ৰনাট্য অভিনেতা অতুল কুলকাৰ্ণীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ