--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলে চলচ্চিত্ৰৰ লগতে বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। মুখ্যতঃ বিজ্ঞাপনত তাৰকাসকলৰ অংশগ্ৰহণৰ বাবেই সেই সামগ্ৰীৰ প্ৰতি ক্ৰেতাসকলৰ আগ্ৰহ বৃদ্ধি পায়। অৱশ্যে, বিতৰ্কিত সামগ্ৰীৰ বিজ্ঞাপনত অংশগ্ৰহণৰ বাবে প্ৰায়ে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় বলীউডৰ তাৰকা অভিনেতা-অভিনেত্ৰীসকলে। পূৰ্বেতেও বিতৰ্কিত বিজ্ঞাপনৰ বাবে ট্ৰ'লৰ সন্মুখীন হ’বলগীয়া হৈছিল অক্ষয় কুমাৰ, ৰশ্মিকা মান্দানা, ৰণবীৰ সিং আৰু আন বহুতো বলীউড তাৰকা।

অক্ষয় কুমাৰে তেওঁৰ শেহতীয়া বিজ্ঞাপনৰ বাবে পুনৰ ট্ৰ'লৰ সন্মুখীন হৈছে। ইয়াৰ বাবে ক্ষমাও বিচাৰিছে অক্ষয় কুমাৰে। ধপাত ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে অভিনেতাজনক বহুতে সমালোচনাৰ দৃষ্টিৰে চাইছে। অক্ষয়ে তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি বিজ্ঞাপনৰ পৰা লাভ কৰা সকলো ধন দান কৰিব বুলিও কয় তেওঁ।

ৰশ্মিকা মান্দানা আৰু ৰণবীৰ সিঙে আগতে বিতৰ্কিত বিজ্ঞাপনৰ বাবে ট্ৰ'লৰ ভুক্তভোগী হৈছিল। মূলতঃ অন্তৰ্বাসৰ বিজ্ঞাপনৰ বাবে সমালোচিত হৈছিল দুয়ো। সুলভ বিজ্ঞাপন বুলি কটাক্ষ কৰিছিল দুই তাৰকাক।

নৱবিবাহিত আলিয়া ভাটেও বিজ্ঞাপনৰ বাবে সমালোচিত হৈছিল। বিবাহৰ পোছাকৰ এটা ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে সমালোচনা কৰা হৈছিল মহেশ কন্যাক। বিজ্ঞাপনটোত, কন্যাদান প্ৰণালীক সমালোচনা কৰা হয়। বিজ্ঞাপনটো তেতিয়া ট্ৰ'লৰ অধীনলৈ আহিছিল কিয়নো বিজ্ঞাপনটোৱে হিন্দু ৰীতি-নীতিৰ প্ৰতি অসন্মান দেখুৱাইছিল বুলি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই বলীউড বাদশ্বাহ শ্বাহৰূখ খানো। ক্ৰীমৰ বিজ্ঞাপনৰ বাবে সমালোচিত হৈছিল কিং খান।

ব্যতিক্ৰম নহয় বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চন।পান-মছলাৰ বিজ্ঞাপনৰ বাবে  সমালোচিত হৈছিল বিগ-বি। সমালোচনা ইমানেই তীব্ৰতৰ পৰ্যায় পাইছিল যে, তেওঁ সেই বিজ্ঞাপনৰ প্ৰচাৰ এৰিবলৈ বাধ্য হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ