--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলে চলচ্চিত্ৰৰ লগতে বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন কৰাও দেখিবলৈ পোৱা যায়। মুখ্যতঃ বিজ্ঞাপনত তাৰকাসকলৰ অংশগ্ৰহণৰ বাবেই সেই সামগ্ৰীৰ প্ৰতি ক্ৰেতাসকলৰ আগ্ৰহ বৃদ্ধি পায়। অৱশ্যে, বিতৰ্কিত সামগ্ৰীৰ বিজ্ঞাপনত অংশগ্ৰহণৰ বাবে প্ৰায়ে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় বলীউডৰ তাৰকা অভিনেতা-অভিনেত্ৰীসকলে। পূৰ্বেতেও বিতৰ্কিত বিজ্ঞাপনৰ বাবে ট্ৰ'লৰ সন্মুখীন হ’বলগীয়া হৈছিল অক্ষয় কুমাৰ, ৰশ্মিকা মান্দানা, ৰণবীৰ সিং আৰু আন বহুতো বলীউড তাৰকা।

অক্ষয় কুমাৰে তেওঁৰ শেহতীয়া বিজ্ঞাপনৰ বাবে পুনৰ ট্ৰ'লৰ সন্মুখীন হৈছে। ইয়াৰ বাবে ক্ষমাও বিচাৰিছে অক্ষয় কুমাৰে। ধপাত ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে অভিনেতাজনক বহুতে সমালোচনাৰ দৃষ্টিৰে চাইছে। অক্ষয়ে তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি বিজ্ঞাপনৰ পৰা লাভ কৰা সকলো ধন দান কৰিব বুলিও কয় তেওঁ।

ৰশ্মিকা মান্দানা আৰু ৰণবীৰ সিঙে আগতে বিতৰ্কিত বিজ্ঞাপনৰ বাবে ট্ৰ'লৰ ভুক্তভোগী হৈছিল। মূলতঃ অন্তৰ্বাসৰ বিজ্ঞাপনৰ বাবে সমালোচিত হৈছিল দুয়ো। সুলভ বিজ্ঞাপন বুলি কটাক্ষ কৰিছিল দুই তাৰকাক।

নৱবিবাহিত আলিয়া ভাটেও বিজ্ঞাপনৰ বাবে সমালোচিত হৈছিল। বিবাহৰ পোছাকৰ এটা ব্ৰেণ্ডৰ বিজ্ঞাপনৰ বাবে সমালোচনা কৰা হৈছিল মহেশ কন্যাক। বিজ্ঞাপনটোত, কন্যাদান প্ৰণালীক সমালোচনা কৰা হয়। বিজ্ঞাপনটো তেতিয়া ট্ৰ'লৰ অধীনলৈ আহিছিল কিয়নো বিজ্ঞাপনটোৱে হিন্দু ৰীতি-নীতিৰ প্ৰতি অসন্মান দেখুৱাইছিল বুলি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

সমালোচনাৰ পৰা হাত সাৰি যোৱা নাই বলীউড বাদশ্বাহ শ্বাহৰূখ খানো। ক্ৰীমৰ বিজ্ঞাপনৰ বাবে সমালোচিত হৈছিল কিং খান।

ব্যতিক্ৰম নহয় বলীউড শ্বেহেনশ্বাহ অমিতাভ বচ্চন।পান-মছলাৰ বিজ্ঞাপনৰ বাবে  সমালোচিত হৈছিল বিগ-বি। সমালোচনা ইমানেই তীব্ৰতৰ পৰ্যায় পাইছিল যে, তেওঁ সেই বিজ্ঞাপনৰ প্ৰচাৰ এৰিবলৈ বাধ্য হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ