--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বিজেপিৰ বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাসকলক আশ্বাস প্ৰদান কৰি কয় যে জম্মু অঞ্চলৰ সন্ত্রাসজৰ্জৰিত পৰিস্থিতি অতি সোনকালে নিয়ন্ত্রণলৈ অনা হ'ব। তেওঁ কয় যে উপযুক্ত সময়ত জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ'ব। 

জন্মুৰ বিজেপিৰ মুখ্য কার্যালয়ত কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হোৱা এখন বৈঠকত শ্বাহে এই কথা প্রকাশ কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হয়।' শ্বাহে সোমবাৰে কথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফৰ বিনয় আউটপ'ষ্ট পৰিদৰ্শন কৰি অঞ্চলটোৰ সামগ্রিক নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰে। 

ইয়াৰ পিছতে তেওঁ জন্মুৰ ৰাজভৱনত শ্বহীদ আৰক্ষীৰ পৰিয়ালক সাক্ষাৎ কৰিব। যোৱা ২৩ মাৰ্চত কথুৱা জিলাত সন্ত্রাসবাদীৰ সৈতে যুঁজি চাৰিজন আৰক্ষী শ্বহীদ হৈছিল। বিয়লিৰ ভাগত তেওঁ শ্রীনগৰলৈ যায় আৰু শ্বাহে তাত আজি উন্নয়নমূলক প্রকল্পসমূহৰ বুজ লোৱাৰ লগতে এখন নিৰাপত্তা পর্যালোচনা বৈঠকতো ভাগ ল'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ