--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বিজেপিৰ বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাসকলক আশ্বাস প্ৰদান কৰি কয় যে জম্মু অঞ্চলৰ সন্ত্রাসজৰ্জৰিত পৰিস্থিতি অতি সোনকালে নিয়ন্ত্রণলৈ অনা হ'ব। তেওঁ কয় যে উপযুক্ত সময়ত জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰা হ'ব। 

জন্মুৰ বিজেপিৰ মুখ্য কার্যালয়ত কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হোৱা এখন বৈঠকত শ্বাহে এই কথা প্রকাশ কৰে। গৃহ মন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হয়।' শ্বাহে সোমবাৰে কথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফৰ বিনয় আউটপ'ষ্ট পৰিদৰ্শন কৰি অঞ্চলটোৰ সামগ্রিক নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰে। 

ইয়াৰ পিছতে তেওঁ জন্মুৰ ৰাজভৱনত শ্বহীদ আৰক্ষীৰ পৰিয়ালক সাক্ষাৎ কৰিব। যোৱা ২৩ মাৰ্চত কথুৱা জিলাত সন্ত্রাসবাদীৰ সৈতে যুঁজি চাৰিজন আৰক্ষী শ্বহীদ হৈছিল। বিয়লিৰ ভাগত তেওঁ শ্রীনগৰলৈ যায় আৰু শ্বাহে তাত আজি উন্নয়নমূলক প্রকল্পসমূহৰ বুজ লোৱাৰ লগতে এখন নিৰাপত্তা পর্যালোচনা বৈঠকতো ভাগ ল'ব।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ