--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত কৰ্ণাটক নিৰ্বাচন। ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেনে সময়তে চৰ্চিত হৈ পৰিছে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি লিখা এখন ৰাজহুৱা পত্ৰ। পত্ৰখন লিখিছে পাঞ্জাৱৰ প্ৰাক্তন ডিজিপি তথা খ্যাতিসম্পন্ন আই পি এছ বিষয়া জুলিয়াছ ৰেবেইৰই। দেশৰ অখণ্ডতাৰ প্ৰতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বাবে জনপ্ৰিয় বিষয়াগৰাকীক ১৯৮৭ চনত পদ্মভূষণ সন্মানেৰেও বিভূষিত কৰা হৈছিল।

পত্ৰখনৰ ভাবানুবাদ তলত আগবঢ়াই দিয়া হ’ল–

দেশৰ নাগৰিক হিচাপে মই অনুভৱ কৰোঁ যে এই কথাবোৰ জনসাধাৰণৰ মাজলৈ যাওক। মোডী জী, আপুনি মঞ্চত থিয় হৈ চিঞৰি চিঞৰি 'যোৱা ৬০ বছৰত কংগ্ৰেছে দেশৰ বাবে কি কৰিলে’- এই প্ৰশ্নটো সুধি লাভ নাই যে? আমাৰ দেশৰ নাগৰিকক আপুনি মূৰ্খ বুলি ভাবে নেকি? আপুনি এনে এখন দেশৰ প্ৰধানমন্ত্ৰী, যিখন দেশ ৩০০ বছৰতকৈও অধিক সময় ইংৰাজৰ অধীনত আছিল। সেই সময়ত মানুহবোৰে ঠিক দাসৰ দৰে জীৱন নিৰ্বাহ কৰি আছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনত কংগ্ৰেছ ক্ষমতালৈ আহি শূন্যৰ পৰা আৰম্ভ কৰিছে। ইংৰাজে এৰি থৈ যোৱা জাৱৰৰ বাহিৰে তেতিয়া এই দেশত একো নাছিল। ইংৰাজসকলে ভাৰত এৰি যোৱাৰ পিছৰে পৰা ভাৰতৰ হাতত পিন এটা উৎপাদন কৰাৰ বাবেও সম্পদ নাছিল। সমগ্ৰ দেশৰ ২০ খন গাঁৱৰ বাবেহে বিদ্যুৎ যোগান ধৰা হৈছিল। এই দেশৰ ২০ জন শাসকৰ বাবেহে টেলিফোনৰ সুবিধা উপলব্ধ আছিল। খোৱাপানীৰ ব্যৱস্থা নাছিল। মাত্ৰ ১০টা সৰু মথাউৰি আছিল। নাছিল চিকিৎসালয়, নাছিল শিক্ষানুষ্ঠান, নাছিল সাৰ, নাছিল দানা, নাছিল খেতিৰ বাবে পানী যোগান। চাকৰি নাছিল আৰু সমগ্ৰ দেশতে কেৱল অনাহাৰে দেখা দিছিল। বহু শিশুৰ মৃত্যু হৈছিল। সীমান্তত আছিল অতি কম সামৰিক কৰ্মচাৰী। সেনাৰ হাতত আছিল মাত্ৰ ৪ খন বিমান, ২০ টা টেংক আৰু সম্পূৰ্ণৰূপে মুকলি আছিল দেশৰ সীমান্ত। আছিল মাত্ৰ কেইটামান পথ আৰু কেইখনমান দলং। খালী হৈ আছিল ৰাজকোষ। এনে পৰিস্থিতিতেই নেহৰু ক্ষমতালৈ আহিছিল।

৬০ বছৰৰ পিছত ভাৰতত কি কি হ’ল ? ৬০ বছৰৰ পিছত বিশ্বৰ অন্যতম বৃহৎ সেনাবাহিনীৰ অধিকাৰী হৈ পৰিল এই দেশ। দেশত আজি হাজাৰ হাজাৰ যুদ্ধ বিমান আৰু টেংক আছে। লাখ লাখ উদ্যোগিক প্ৰতিষ্ঠান আছে। প্ৰায় সকলো গাঁৱতে বিদ্যুৎ যোগান দিয়া হৈছে। শ শ বৈদ্যুতিক শক্তি কেন্দ্ৰ আছে। লাখ লাখ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলং আছে। নতুন ৰে’ল প্ৰজেক্ট, ষ্টেডিয়াম, ছুপাৰ স্পেচিয়েলিটি হস্পিতাল, বেছিভাগ ভাৰতীয়ৰ ঘৰতে টেলিভিছন, টেলিফোন সকলো হ’ল। দেশৰ ভিতৰত আৰু বাহিৰত কাম কৰিবলৈ সকলো আন্তঃগাঁথনি, বেংক, বিশ্ববিদ্যালয়, এইমছ, আই আই টি, আই আই এম, পাৰমাণৱিক অস্ত্ৰ, চাবমেৰিন, পাৰমাণৱিক ষ্টেচন, ইছৰো আদিৰে ভৰি পৰিল ভাৰতবৰ্ষ।

কেইবছৰমান আগত ভাৰতৰ আগত লাহোৰে সেও মানিছিল। ভাৰতীয় সেনাই পাকিস্তানক ২ ভাগত বিভক্ত কৰিলে। সেনাধ্যক্ষসহ পাকিস্তানৰ ১ লাখ সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিলে৷ ভাৰতে খনিজ পদাৰ্থ আৰু খাদ্য সামগ্ৰী ৰপ্তানি আৰম্ভ কৰিলে৷ শ্ৰীমতী ইন্দিৰা গান্ধীৰ দ্বাৰা বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হ’ল৷ ভাৰতত কম্পিউটাৰৰ সুলভতাই ভাৰত আৰু বাহিৰত বহুতো চাকৰিৰ সুযোগ প্ৰদান কৰিলে ৷

নৰেন্দ্ৰ মোডী ডাঙৰীয়া, তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি আপুনি প্ৰধানমন্ত্ৰী হৈছে। আপুনি যেতিয়া প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰিছিল তেতিয়া ভাৰত অৰ্থনীতিৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ ১০ খন দেশৰ ভিতৰত আছিল৷ ইয়াৰ বাহিৰেও জি এছ এল ভি, মংগলযান, মন’ৰে’ল, মেট্ৰ’ ৰেল, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, পৃথ্বী, অগ্নি, নাগ, নিউক্লিয়াৰ চাবমেৰিন…. এই সকলোবোৰ আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই দেশে লাভ কৰিছিল।

গতিকে, ৬০ বছৰত কংগ্ৰেছে কি উন্নতি কৰিলে বুলি ডিঙিৰ সিৰ ফুলাই জনগণক প্ৰশ্ন নকৰিব। আপোনালোকে যোৱা ৬  বছৰত কি কি অৰ্জন কৰিছে? নাম সলনি কৰা, প্ৰতিমূৰ্তি স্থাপন কৰা, অহৰহ গৰুক লৈ ৰাজনীতি কৰা, হিন্দু-মুছলমান, হিন্দু-খ্ৰীষ্টান, হিন্দু-দলিত, হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ মাজত বিভাজন সৃষ্টি কৰাৰ বাহিৰে আপুনি আৰু কি কৰিছে সেয়া ৰাইজক জনাওক। আপোনাৰ ব্যৰ্থ বিমুদ্ৰাকৰণ, ভুলকৈ কাৰ্যকৰী কৰা জিএছটি (আমি স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বনিম্ন) আৰু মানুহক দীঘলীয়া শাৰীত থিয় কৰাই মৃত্যু মুখত পেলোৱাৰ কথাবোৰ কওঁক। ভণ্ড বিজেপিৰ সমৰ্থনকাৰী সকলে এসময়ত যিকোনো বস্তুৰ দৰেই এফ ডি আইৰ বিৰোধিতা কৰিছিল আৰু এতিয়া বিজেপিয়ে নিৰ্লজ্জভাৱে এফ ডি আইক সমৰ্থন কৰিছে। বিজেপিয়ে ভাৰত চৰকাৰৰ মালিকানাধীন হিন্দুস্তান এৰ’নটিক্স লিমিটেডক অনিল আম্বানীৰ দৰে ২ মহীয়া কোম্পানীক বিক্ৰী কৰিছে। এফালে বিজেপিয়ে পেট্ৰ’ল, ডিজেল, আৰু এল পি জিৰ কৰ বৃদ্ধি কৰিছে, আনহাতে খাৰুৱা তেলৰ দাম সস্তা হৈ পৰিছে। এই দেশত উন্নতি হৈছে মাত্ৰ অমিত শ্বাহৰ পুত্ৰ , শৌৰ্য্য ডোভাল, আম্বানী, আদানী আৰু বাবা ৰামদেৱৰ পতঞ্জলি গোটৰ। গংগা নদী পৰিষ্কাৰ কৰিবলৈ বিজেপিয়ে ৩০০০ কোটি টকা খৰচ কৰিছিল। কিন্তু গংগাত বুৰ মাৰি স্নান কৰি আহিলে ভক্তৰ শৰীৰত লাগি অহা জাৱৰবোৰে এই প্ৰকল্পটোৰ দুৰ্নীতিক উদঙাই দিয়ে।

বি.দ্ৰ. – এইটো কংগ্ৰেছৰ প্ৰচাৰৰ বিজ্ঞাপন নহয়। মই কংগ্ৰেছৰ সমৰ্থক নহয়। বিজেপিয়ে প্ৰতিবাৰেই ’যোৱা ৬০ বছৰত কংগ্ৰেছে একো উন্নতি কৰা নাই’ বুলি কোৱা কথাষাৰ শুনি থকা মই এজন ভোটাৰ। মই অনুভৱ কৰোঁ যে এই প্ৰশ্নটোৱে তেওঁলোকৰ বুদ্ধিমত্তাৰ প্ৰতিহে প্ৰশ্ন উত্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস