--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ হনুমানগড় জিলাত সংঘটিত হৈছে ভাৰতীয় বায়ুসেনাৰ এটা ভয়াৱহ দুৰ্ঘটনা। সোমবাৰে পুৱা বায়ুসেনাৰ এখন মিগ ২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাৰ ফলত স্থানীয় তিনিজন বাসিন্দাৰ মৃত্যু হয়। নিহত তিনিজনৰ ভিতৰত কমেও দুগৰাকী মহিলা বুলি জানিব পৰা গৈছে। অৱশ্যে বিমানখনৰ পাইলট সুৰক্ষিত আছে।

উল্লেখ্য যে ধাৰাবাহিকভাৱে বায়ুসেনাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তাত এজন টেকনিচিয়ানৰ মৃত্যু ঘটে। বিগত বৰ্ষতো জুলাইৰ আৰম্ভণিতে ৰাজস্থানৰ বৰমেধত ভাৰতীয় বায়ুসেনাৰ মিগ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনাত দুজন পাইলটৰ মৃত্যু হয়।

বায়ুসেনাৰ যথেষ্ট আস্থা থকা এই যোদ্ধা বিমানখনৰ নিৰাপত্তাৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বাবেই ভাৰত চৰকাৰে ক্ৰমান্বয়ে এই বিমানসমূহৰ ব্যৱহাৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

তথ্য অনুসৰি ১৯৬৬ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ভাৰতে মুঠ ৮৭২ খন মিগ যুদ্ধ বিমান ক্ৰয় কৰিছিল। ১৯৭১ চনৰ পৰা ২০১২ চনৰ ভিতৰত ৪৮২খন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ১৭১ জন পাইলট, ৩৯ জন অসামৰিক লোক, ৮ জন চাৰ্ভিচ কৰ্মী, এজন এয়াৰ ক্ৰুৱে প্ৰাণ হেৰুৱায়।

২০১৩ চনৰ পৰা ভাৰতত এই মিগ আৰু ছুখয় যুদ্ধ বিমানৰ কমেও ১১টা দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ দুৰ্ঘটনাটোও এই তালিকাত যোগ হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ