--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ হনুমানগড় জিলাত সংঘটিত হৈছে ভাৰতীয় বায়ুসেনাৰ এটা ভয়াৱহ দুৰ্ঘটনা। সোমবাৰে পুৱা বায়ুসেনাৰ এখন মিগ ২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাৰ ফলত স্থানীয় তিনিজন বাসিন্দাৰ মৃত্যু হয়। নিহত তিনিজনৰ ভিতৰত কমেও দুগৰাকী মহিলা বুলি জানিব পৰা গৈছে। অৱশ্যে বিমানখনৰ পাইলট সুৰক্ষিত আছে।

উল্লেখ্য যে ধাৰাবাহিকভাৱে বায়ুসেনাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তাত এজন টেকনিচিয়ানৰ মৃত্যু ঘটে। বিগত বৰ্ষতো জুলাইৰ আৰম্ভণিতে ৰাজস্থানৰ বৰমেধত ভাৰতীয় বায়ুসেনাৰ মিগ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনাত দুজন পাইলটৰ মৃত্যু হয়।

বায়ুসেনাৰ যথেষ্ট আস্থা থকা এই যোদ্ধা বিমানখনৰ নিৰাপত্তাৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বাবেই ভাৰত চৰকাৰে ক্ৰমান্বয়ে এই বিমানসমূহৰ ব্যৱহাৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

তথ্য অনুসৰি ১৯৬৬ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ভাৰতে মুঠ ৮৭২ খন মিগ যুদ্ধ বিমান ক্ৰয় কৰিছিল। ১৯৭১ চনৰ পৰা ২০১২ চনৰ ভিতৰত ৪৮২খন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ১৭১ জন পাইলট, ৩৯ জন অসামৰিক লোক, ৮ জন চাৰ্ভিচ কৰ্মী, এজন এয়াৰ ক্ৰুৱে প্ৰাণ হেৰুৱায়।

২০১৩ চনৰ পৰা ভাৰতত এই মিগ আৰু ছুখয় যুদ্ধ বিমানৰ কমেও ১১টা দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ দুৰ্ঘটনাটোও এই তালিকাত যোগ হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস