--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত তিনি বছৰত প্ৰধানমন্ত্ৰীৰ নাগৰিক সাহায্য আৰু জৰুৰীকালীন সাহায্য পুঁজি (পি এম কেয়াৰছ ফাণ্ড)য়ে বিদেশী অনুদান হিচাপে ৫৩৫ কোটিৰো অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰী তথ্য অনুসৰি বিগত তিনি বছৰত পি এম কেয়াৰছ ফাণ্ডে মুঠ ৫৩৫.৪৪ কোটি টকা বিদেশী ৰেমিটেন্স লাভ কৰিছে।

চৰকাৰী তথ্য অনুসৰি, ২০১৯-২০ বিত্তীয় বৰ্ষত লাভ কৰা বিদেশী বৰঙণিৰ মূল্য বছৰি ০.৪০ কোটি টকা। ২০২০-২০২১ চনত ই ৪৯৪.৯২ কোটি টকালৈ বৃদ্ধি পায়। আনহাতে, ২০২১-২০২২ বিত্তীয় বৰ্ষত ৪০.১২ কোটি টকালৈ বৃদ্ধি পায়।

পি এম কেয়াৰ ফাণ্ডৰ তথ্য অনুসৰি ২০১৯-২০২২ বৰ্ষৰ তিনি বছৰত বিদেশী অনুদান একাউণ্টৰ পৰা সুতৰ আয় ২৪.৮৫ কোটি টকা। এই অনুদান ২০২০-২০২১ বিত্তীয় বৰ্ষত সৰ্বাধিক।

২০২০ চনত Covid-19 মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভণি কৰা হৈছিল পি এম কেয়াৰ ফাণ্ড। প্ৰধানমন্ত্ৰী মোদীয়ে Covid প্ৰাদুৰ্ভাৱৰ দৰে জৰুৰীকালীন অৱস্থাত অনুদান সংগ্ৰহৰ বাবে এই পুঁজি আৰম্ভ কৰিছিল। এই পুঁজিৰ অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী মোডী নিজে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ বাহিৰেও এই পুঁজিৰ পৰিষদৰ সদস্যসকল হ’ল গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী।

পি এম কেয়াৰ্ছ ফাণ্ডৰ ব্যয়ৰ বিৱৰণ অনুসৰি, চৰকাৰী চিকিৎসালয়ত ভেন্টিলেটৰ, প্ৰব্ৰজনকাৰীৰ কল্যাণ, দুখন ৫০০ বিছনাযুক্ত অস্থায়ী কভিড চিকিৎসালয় স্থাপন, কভিড-১৯ৰ ভেকচিন ক্ৰয় আৰু অন্যান্য কভিড সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হৈছে।

তথ্য অনুসৰি, ২০২২ চনৰ ৩১ মাৰ্চলৈকে এই পুঁজিত জমা হোৱা ধনৰ পৰিমাণ আছিল ৫৪,১৫৬.৬৫ কোটি টকা।যোৱা তিনি বছৰত পি এম কেয়াৰ্ছ ফাণ্ডে মুঠ ১২,৬৯১.৮২ কোটি টকা অনুদান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান