--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত তিনি বছৰত প্ৰধানমন্ত্ৰীৰ নাগৰিক সাহায্য আৰু জৰুৰীকালীন সাহায্য পুঁজি (পি এম কেয়াৰছ ফাণ্ড)য়ে বিদেশী অনুদান হিচাপে ৫৩৫ কোটিৰো অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰী তথ্য অনুসৰি বিগত তিনি বছৰত পি এম কেয়াৰছ ফাণ্ডে মুঠ ৫৩৫.৪৪ কোটি টকা বিদেশী ৰেমিটেন্স লাভ কৰিছে।

চৰকাৰী তথ্য অনুসৰি, ২০১৯-২০ বিত্তীয় বৰ্ষত লাভ কৰা বিদেশী বৰঙণিৰ মূল্য বছৰি ০.৪০ কোটি টকা। ২০২০-২০২১ চনত ই ৪৯৪.৯২ কোটি টকালৈ বৃদ্ধি পায়। আনহাতে, ২০২১-২০২২ বিত্তীয় বৰ্ষত ৪০.১২ কোটি টকালৈ বৃদ্ধি পায়।

পি এম কেয়াৰ ফাণ্ডৰ তথ্য অনুসৰি ২০১৯-২০২২ বৰ্ষৰ তিনি বছৰত বিদেশী অনুদান একাউণ্টৰ পৰা সুতৰ আয় ২৪.৮৫ কোটি টকা। এই অনুদান ২০২০-২০২১ বিত্তীয় বৰ্ষত সৰ্বাধিক।

২০২০ চনত Covid-19 মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আৰম্ভণি কৰা হৈছিল পি এম কেয়াৰ ফাণ্ড। প্ৰধানমন্ত্ৰী মোদীয়ে Covid প্ৰাদুৰ্ভাৱৰ দৰে জৰুৰীকালীন অৱস্থাত অনুদান সংগ্ৰহৰ বাবে এই পুঁজি আৰম্ভ কৰিছিল। এই পুঁজিৰ অধ্যক্ষ আছিল প্ৰধানমন্ত্ৰী মোডী নিজে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ বাহিৰেও এই পুঁজিৰ পৰিষদৰ সদস্যসকল হ’ল গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰী।

পি এম কেয়াৰ্ছ ফাণ্ডৰ ব্যয়ৰ বিৱৰণ অনুসৰি, চৰকাৰী চিকিৎসালয়ত ভেন্টিলেটৰ, প্ৰব্ৰজনকাৰীৰ কল্যাণ, দুখন ৫০০ বিছনাযুক্ত অস্থায়ী কভিড চিকিৎসালয় স্থাপন, কভিড-১৯ৰ ভেকচিন ক্ৰয় আৰু অন্যান্য কভিড সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হৈছে।

তথ্য অনুসৰি, ২০২২ চনৰ ৩১ মাৰ্চলৈকে এই পুঁজিত জমা হোৱা ধনৰ পৰিমাণ আছিল ৫৪,১৫৬.৬৫ কোটি টকা।যোৱা তিনি বছৰত পি এম কেয়াৰ্ছ ফাণ্ডে মুঠ ১২,৬৯১.৮২ কোটি টকা অনুদান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস