--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই : নিৰ্বাচনৰ বতৰ। প্ৰাৰ্থীৰ মুখত বৈছে প্ৰতিশ্ৰুতিৰ বন্যা। ৰাইজক সকলোৱে দেখুৱাইছে উজ্জ্বল ভৱিষ্যতৰ সপোন। দিছে ধন-ধানেৰে ওপচাই দিয়াৰ প্ৰতিশ্ৰুতি। কিন্তু এই সকলো প্ৰতিশ্ৰুতিৰ সীমা অতিক্ৰম কৰিলে এগৰাকী প্ৰাৰ্থীয়ে। তেওঁ জিকিলে জনতাক কি কি দিব সেই কথা কৈ তেওঁ এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।

আৰু পঢ়িব পাৰিব : ‘লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰা’ত জয় বৰুৱাৰ সংগীত, ‘কাঁ’ত স্বীকৃতি

তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছে এখনকৈ মিনি হেলিকপ্টাৰ, বছৰি প্ৰতিটো পৰিয়াললৈ এক কোটিকৈ টকা, বিয়াৰ সোণৰ আ-অলংকাৰ আৰু এটা তিনিমহলীয়া ঘৰ। চন্দ্ৰ ভ্ৰমণলৈ নিয়াৰো প্ৰতিশ্ৰুতি দিছে থুলাম ছাৰাভানানে। দক্ষিণ মাদুৰাই সমষ্টিৰ পৰা প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ৬ এপ্ৰিলত তাত নিৰ্বাচন অনু্ষ্ঠিত হ’ব। ১৩জনকৈ প্ৰাৰ্থী থকা সমষ্টিটোত এনে উদ্ভট প্ৰতিশ্ৰুতিৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে নিৰ্দলীয় প্ৰাৰ্থীজন।

আৰু পঢ়িব পাৰিব : মছজিদ পুনৰ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

অৱশ্যে প্ৰাৰ্থীজনে বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। যাতে তেওঁলোকে সৎ আৰু নিকা প্ৰাৰ্থীক বাছনি কৰিব পাৰে। তেওঁৰ প্ৰতীক হৈছে ডাষ্টবিন আৰু ইয়াৰ জৰিয়তে তেওঁ আন এটা বাৰ্তা প্ৰেৰণ কৰিব বিচৰা বুলিও প্ৰকাশ কৰে। ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ ভোট দিয়াটো ডাষ্টবিনত পেলাই দিয়াৰ দৰে কথা বুলি তেওঁ বাৰ্তা দিয়ে। অতি দুখীয়া পৰিয়ালৰ সন্তান আৰু পেছাত সাংবাদিক প্ৰাৰ্থীজনে মনোনয়ন-পত্ৰ দিয়াৰ বাবেও ধন ধাৰলৈ লৈছিল বুলিও তেওঁ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ