--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লীত সংঘটিত এটা অপ্ৰীতিকৰ ঘটনাৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। এজন লোকক নিৰ্মম অত্যাচাৰ কৰি ‘পাকিস্তান মুৰ্দাবাদ’, ‘হিন্দুস্তান জিন্দাবাদ’ ধ্বনি দিবলৈ বাধ্য কৰোঁৱা এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত।

আৰু পঢ়িব পাৰিব : এইবাৰ অসমত বিহু হ’বইঃ হিমন্তৰ ঘোষণা

ঘটনা সম্পৰ্কত আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰি কৰিছে আৰু অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে। এই দুষ্কাৰ্য সংঘটিত কৰা লোকজন অজয় গোস্বামী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, এজন লোকক মাটিত বগৰাই লৈ অজয় গোস্বামীয়ে মাৰপিট কৰিছে আৰু তেওঁ হিন্দুস্তান জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনি দিবলৈ জোৰ কৰিছে।

আৰু পঢ়িব পাৰিব : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : ৮১ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪জন প্ৰাৰ্থীৰ

অজয়ৰ সৈতে আন এজন লোকে ভিডিঅ’ প্ৰস্তুত কৰি থকাটো স্পষ্ট হৈছে। ঘটনাটো উত্তৰ-পূব দিল্লীৰ খাজুৰি খাছ এলেকাৰ বুলি জানিব পৰা গৈছে। নিৰ্যাতিত লোকজনক ‘আছাদুদ্দিন ওৱেইছী মুৰ্দাবাদ’ ধ্বনি দিবলৈও নিৰ্যাতনকাৰীয়ে জোৰ দিছিল। উত্তৰ-পূব দিল্লীৰ উপ আৰক্ষী আয়ুক্ত সঞ্জয় কুমাৰ ছাইনে এই সম্পৰ্কত টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনা সম্পৰ্কত এটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বিস্তৃত তদন্ত চলাই থকা বুলিও প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ