--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লীত সংঘটিত এটা অপ্ৰীতিকৰ ঘটনাৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। এজন লোকক নিৰ্মম অত্যাচাৰ কৰি ‘পাকিস্তান মুৰ্দাবাদ’, ‘হিন্দুস্তান জিন্দাবাদ’ ধ্বনি দিবলৈ বাধ্য কৰোঁৱা এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত।

আৰু পঢ়িব পাৰিব : এইবাৰ অসমত বিহু হ’বইঃ হিমন্তৰ ঘোষণা

ঘটনা সম্পৰ্কত আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা বুলি সদৰি কৰিছে আৰু অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে। এই দুষ্কাৰ্য সংঘটিত কৰা লোকজন অজয় গোস্বামী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, এজন লোকক মাটিত বগৰাই লৈ অজয় গোস্বামীয়ে মাৰপিট কৰিছে আৰু তেওঁ হিন্দুস্তান জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ ধ্বনি দিবলৈ জোৰ কৰিছে।

আৰু পঢ়িব পাৰিব : কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : ৮১ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ২৬৪জন প্ৰাৰ্থীৰ

অজয়ৰ সৈতে আন এজন লোকে ভিডিঅ’ প্ৰস্তুত কৰি থকাটো স্পষ্ট হৈছে। ঘটনাটো উত্তৰ-পূব দিল্লীৰ খাজুৰি খাছ এলেকাৰ বুলি জানিব পৰা গৈছে। নিৰ্যাতিত লোকজনক ‘আছাদুদ্দিন ওৱেইছী মুৰ্দাবাদ’ ধ্বনি দিবলৈও নিৰ্যাতনকাৰীয়ে জোৰ দিছিল। উত্তৰ-পূব দিল্লীৰ উপ আৰক্ষী আয়ুক্ত সঞ্জয় কুমাৰ ছাইনে এই সম্পৰ্কত টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনা সম্পৰ্কত এটা ফৌজদাৰী গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে বিস্তৃত তদন্ত চলাই থকা বুলিও প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ