--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমৰ সাংস্কৃতিক জগতলৈ সুখবৰ৷ অসমৰ শিল্পীৰ গীতে ঠাই পালে বিখ্যাত ‘লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰা’ত৷ ‘FANTASY OF COMPANIONSHIP BETWEEN HUMAN AND INANIMATE’ শীৰ্ষক এখন এনিমেশ্যন ছবিত ব্যৱহাৰ হোৱা ৩৬ মিনিটৰ এটি ছাউণ্ডট্ৰেকত অসমৰ জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱায়ো কাম কৰিছিল৷ 'কাঁ বিশ্ব চলচ্চিত্ৰ মহোৎসৱ'ত এই সংগীতে 'শ্ৰেষ্ঠ ছাউণ্ড ট্ৰেক’ৰ স্বীকৃতি লাভ কৰে। জয় বৰুৱাৰ গীতো এই ছাউণ্ডট্ৰেকৰ এটা অংশ আছিল।

আৰু পঢ়িব পাৰিব :নায়কৰ ৰূপত যতীন বৰাই আঙুৰলতাৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ

লণ্ডন চিম্ফনী আৰ্কেষ্ট্ৰাই পশ্চিমীয়া শাস্ত্ৰীয় ধাৰাত চিনেমাখনৰ ছাউণ্ডট্ৰেকত এই সংগীত অন্তৰ্ভুক্ত কৰিছিল। জয় বৰুৱাৰ সৈতে হোৱা টেলিফোনিক কথাবাৰ্তাত তেওঁ কয় যে, 'ছাউণ্ডট্ৰেকৰ কেইবাটাও গীত আছিল মই, মাতিয়াউ ইমাৰ্ড আৰু ৰন ডেঞ্জিগাৰে প্ৰস্তুত কৰা। লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰাই ইয়াক পৰিৱেশন কৰিছিল। গীনবোৰ মনু মাৰ্টিনৰ দ্বাৰা পশ্চিমীয়া শাস্ত্ৰীয় শৈলীত নিৰ্মাণ কৰা হৈছিল।’

আৰু পঢ়িব পাৰিব :মছজিদৰ ভিতৰতেই হত্যাৰ চেষ্টা এজনকঃ কৰায়ত্ত ১

আন এগৰাকী অসমীয়া সমুদ্ৰ কাজল শইকীয়াই ইয়াত এনিমেচনৰ কাম কৰিছিল। মেথিউ ইমাৰ্ডে ইয়াত কণ্ঠদান কৰিছিল। আনহাতে গীতৰ কথা আৰু ইয়াৰ মূল বিষয় ডিজাইন কৰিছে ড০ ছুছান লিম আৰু ক্ৰিষ্টিনা তানে। এনে এটা প্ৰকল্পৰ অংশ হ’বলৈ পাই তেওঁ সুখী আৰু কৃতজ্ঞ বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, 'মই এটা দলৰ অংশ আছিলোঁ যিয়ে এটা কাহিনী কোৱাৰ বাবে নিৰন্তৰভাৱে কাম কৰিছিলোঁ। মই ভাবোঁ যে যেতিয়া আমি ছাউণ্ডট্ৰেক সৃষ্টি কৰাৰ দিশত কাম কৰিছিলোঁ তেতিয়া এইটো আমাৰ চালিকা শক্তি আছিল।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ