--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন ক্ষেত্র প্রতিদিনে পুৱাৰ ভাগত স্থানীয় পুৰুষ-মহিলাই পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্রতিজন অনুৰাগীক জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈও অনুৰোধ জনাই স্থানীয় লোকসকলে।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন দাৰ অন্ত্যেষ্টিক্রিয়াস্থলী জুবিন ক্ষেত্রত অব্যাহত আছে অনুৰাগীৰ ভিৰ। ৰাজ্যখনৰ ভিন্ন ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ এটাই লক্ষ্য- প্ৰাণৰ শিল্পীগৰাকীক এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ মাজতে এই অনুৰাগীসকলে মৰমৰ জুবিন গাৰ্গ অমৰ হোৱাৰ বাবে অশ্রু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ দাবী কৰে। প্রণিধানযোগ্য যে কালি পুৱাৰ পৰা নিশালৈ সমাধিস্থলীত সহস্রাধিক অনুৰাগীয়ে এগছি বন্তি প্রজ্বলনেৰে প্ৰাণৰ শিল্পীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে হাতত একোখনকৈ গামোচা, ধূপ-ধূনা জ্বলোৱাৰ লগতে নাহৰৰ পুলি অথবা শিল্পীগৰাকীৰ এখন ফটো প্রদান কৰে।


প্ৰতিদিনে কেইবা সহস্রাধিক অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। ইফালে, প্রশাসনে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ যি নির্দেশনা জাৰি কৰিছে, সেই নির্দেশনা জুবিন দাৰ ক্ষেত্ৰত হ'ব নালাগে বুলি একাংশই মন্তব্য কৰে। সমান্তৰালভাৱে একাংশ অনুৰাগীয়ে নিচাসক্ত অৱস্থাত জুবিন ক্ষেত্রলৈ আহি এই পৱিত্ৰ স্থান অপৱিত্ৰ কৰাৰ লগতে আৰক্ষীয়ে এনে লোকক আটক কৰিবলৈ সক্ষম হয়।


আনহাতে, দেওবাৰৰ দিনটোত সোণাপুৰ যুৱক সংঘৰ বিষয়ববীয়াসকলে ব্যতিক্রমীভাবে শ্রদ্ধাঞ্জলি জনায় জুবিন গাৰ্গক। তাত থকা গছসমূহত কপৌ ফুলৰ পুলি ৰোপণ কৰে। এইসমূহ ফুল ফুলি উঠিলে জুবিন ক্ষেত্ৰ জাতিষ্কাৰ হৈ পৰিব বুলিও তেওঁলোকে আশা কৰে। প্ৰকৃতিক ভাল পোৱা জুবিনক প্ৰকৃতিৰ মাজতে ৰাখিবলৈ কৰা প্ৰয়াসৰ শলাগ লৈছে অনুৰাগীসকলে।


জুবিন ক্ষেত্র প্রতিদিনে পুৱাৰ ভাগত স্থানীয় পুৰুষ-মহিলাই পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্রতিজন অনুৰাগীক জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈও অনুৰোধ জনাই স্থানীয় লোকসকলে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ