--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন ক্ষেত্র প্রতিদিনে পুৱাৰ ভাগত স্থানীয় পুৰুষ-মহিলাই পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্রতিজন অনুৰাগীক জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈও অনুৰোধ জনাই স্থানীয় লোকসকলে।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন দাৰ অন্ত্যেষ্টিক্রিয়াস্থলী জুবিন ক্ষেত্রত অব্যাহত আছে অনুৰাগীৰ ভিৰ। ৰাজ্যখনৰ ভিন্ন ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ এটাই লক্ষ্য- প্ৰাণৰ শিল্পীগৰাকীক এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ মাজতে এই অনুৰাগীসকলে মৰমৰ জুবিন গাৰ্গ অমৰ হোৱাৰ বাবে অশ্রু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ন্যায়ৰ দাবী কৰে। প্রণিধানযোগ্য যে কালি পুৱাৰ পৰা নিশালৈ সমাধিস্থলীত সহস্রাধিক অনুৰাগীয়ে এগছি বন্তি প্রজ্বলনেৰে প্ৰাণৰ শিল্পীৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে হাতত একোখনকৈ গামোচা, ধূপ-ধূনা জ্বলোৱাৰ লগতে নাহৰৰ পুলি অথবা শিল্পীগৰাকীৰ এখন ফটো প্রদান কৰে।

প্ৰতিদিনে কেইবা সহস্রাধিক অনুৰাগীয়ে জুবিন ক্ষেত্ৰলৈ আহি প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। ইফালে, প্রশাসনে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ যি নির্দেশনা জাৰি কৰিছে, সেই নির্দেশনা জুবিন দাৰ ক্ষেত্ৰত হ'ব নালাগে বুলি একাংশই মন্তব্য কৰে। সমান্তৰালভাৱে একাংশ অনুৰাগীয়ে নিচাসক্ত অৱস্থাত জুবিন ক্ষেত্রলৈ আহি এই পৱিত্ৰ স্থান অপৱিত্ৰ কৰাৰ লগতে আৰক্ষীয়ে এনে লোকক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে, দেওবাৰৰ দিনটোত সোণাপুৰ যুৱক সংঘৰ বিষয়ববীয়াসকলে ব্যতিক্রমীভাবে শ্রদ্ধাঞ্জলি জনায় জুবিন গাৰ্গক। তাত থকা গছসমূহত কপৌ ফুলৰ পুলি ৰোপণ কৰে। এইসমূহ ফুল ফুলি উঠিলে জুবিন ক্ষেত্ৰ জাতিষ্কাৰ হৈ পৰিব বুলিও তেওঁলোকে আশা কৰে। প্ৰকৃতিক ভাল পোৱা জুবিনক প্ৰকৃতিৰ মাজতে ৰাখিবলৈ কৰা প্ৰয়াসৰ শলাগ লৈছে অনুৰাগীসকলে।

জুবিন ক্ষেত্র প্রতিদিনে পুৱাৰ ভাগত স্থানীয় পুৰুষ-মহিলাই পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্রতিজন অনুৰাগীক জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈও অনুৰোধ জনাই স্থানীয় লোকসকলে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ