--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত কাৰণৰ দোহাই দি ভাৰতীয় অ'পেনাৰ যশস্বী জয়ছোৱালে নিজৰ ঘৰুৱা দল মুম্বাই এৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুম্বাইৰ সৈতে থকা সময়ছোৱাত তেওঁৰ নাটকীয় উত্থানৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা ক্রিকেট জগতত জয়ছোৱালৰ এই পদক্ষেপে জোকাৰণিৰ সৃষ্টি কৰিছে। 

জয়ছোৱালে মঙলবাৰে মুম্বাই এৰি গোৱালৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰি মুম্বাই ক্রিকেট সস্থালৈ পত্ৰ প্ৰেৰণ কৰে। জয়ছোৱালৰ সেই অনুৰোধ গ্রহণ কৰে মুম্বাই ক্রিকেট সন্থাই। এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অহা ছিজনত ২৩ বছৰীয়া বেটাৰগৰাকীক গোৱাৰ হৈ ঘৰুৱা ক্রিকেটত অংশ লোৱা দেখিবলৈ পোৱা যাব পাৰে। মুম্বাই ক্ৰিকেটৰ এগৰাকী কৰ্মকৰ্তাই কয়, 'হয়, আচৰিত কথা। তেওঁ নিশ্চয় এনেকুৱা পদক্ষেপ ল'বলৈ কিবা এটা ভাবি আছিল। তেওঁ আমাক মুম্বাই এৰি যোৱাৰ বাবে অনুৰোধ জনায় আৰু আমি তেওঁৰ অনুৰোধ ৰক্ষা কৰিলোঁ।' 

জয়ছোৱালে মুম্বাইৰ হৈ জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীত যোৱা ২৩-২৫ জানুৱাৰীত শেষবাৰলৈ খেলিছিল। সেই খেলখনত জয়ছোৱালে ৪ আৰু ২৬ ৰান কৰিছিল। মুম্বাই খেলখনত জম্মু আৰু কাশ্মীৰৰ হাতত ৫ উইকেটত পৰাজিত হৈছিল। ৰঞ্জি ট্ৰফীৰ ইতিহাসত জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে মুম্বাই তেনেদৰেই দ্বিতীয়বাৰলৈ পৰাজিত হয়। জয়ছোৱালে ৰাষ্ট্ৰীয় দলৰ সৈতে খেল নথকাৰ সময়ত হয়তো গোৱাক নেতৃত্ব দিব পাৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ