--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৫ নম্বৰ মেচখন আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব। দুয়োটা দলে শেষবাৰৰ বাবে ২০২৪ চনৰ ফাইনেলত মুখামুখি হৈছিল, য’ত কেকেআৰে এছ আৰ এইচক পৰাস্ত কৰি খিতাপ দখল কৰিছিল। 

আজি দলটোৱে সেই পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ খেলপথাৰত নামিব। ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া এই মেচখন কেকেআৰৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ এই ষ্টেডিয়ামত ছিজনৰ প্ৰথমখন মেচত পৰাস্ত হৈছিল। আজিৰ খেলখনৰ পিটচ কেনেকুৱা হ'ব জানেনে? কোনটো দলৰ বাবে বেছি সহায়ক হ’ব এই পিটছ ? জানো আহক

পইণ্ট টেবুলত বৰ্তমান দুয়োটা দলৰ অৱস্থা ভাল নহয়। ইডেন গাৰ্ডেনত প্ৰথমখন খেলত পৰাস্ত হয় অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা কলকাতা নাইট ৰাইডাৰ্ছ। ইয়াৰ পিছতে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰিলেও তৃতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছৰ হাতত বেয়াকৈ পৰাস্ত হয়। বৰ্তমান পইণ্ট তালিকাৰ দশম স্থানত আছে দলটো। প্ৰথমখন মেচত হায়দৰাবাদে এক আচৰিত জয় পঞ্জীয়ন কৰিছিল যদিও তাৰ পিছত দুয়োখন মেচতে পৰাস্ত হৈছিল। তালিকাৰ ৮ম স্থানত আছে দলটো।

এতিয়ালৈকে আই পি এলৰ ৯৪খন মেচ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ইয়াৰে প্ৰথম বেটিং কৰা দলটোৱে ৩৮ বাৰ আৰু প্ৰথমে বলিং কৰা দলটোৱে ৫৬ বাৰ জয় লাভ কৰিছে। যি দলৰ অধিনায়কে টছ জিকিছে, সেই দলটোৱে ৫০ বাৰ জয়ী হৈছে আৰু যিটো দলৰ অধিনায়কে টছত পৰাস্ত হৈছিল, সেই দলটোৱে ৪৪ বাৰ জয়ী হৈছে।

আই পি এলত এই কলকাতা খেলপথাৰত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ২০২২ চনত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত লক্ষ্ণৌৰ বিৰুদ্ধে ১১২ ৰান সংগ্ৰহ কৰা ৰজত পাটিদাৰৰ।ইয়াত সৰ্বোত্তম বলিং স্পেল হৈছে ২০১২ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ৫ উইকেট দখল কৰা সুনীল নাৰিনে।

ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত সৰ্বাধিক দলীয় মুঠ ২৬২ ৰান, ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাব কিংছে লাভ কৰিছিল।সৰ্বনিম্ন স্ক’ৰ হৈছে ৪৯, যিটো আৰচিবিয়ে কেকেআৰৰ বিৰুদ্ধে কৰিছিল।

ইডেন গাৰ্ডেনত ভাল বাউন্স হ’ব যদিও এই পিটছে বলাৰতকৈ বেটছমেনক অধিক সহায় কৰিব। স্পিনাৰে কিছু সহায় পাব কিন্তু আউটফিল্ড দ্ৰুত, গতিকে বেটছমেনে গ্ৰাউণ্ড শ্বট খেলি দ্ৰুত ৰান সংগ্ৰহ কৰিব পাৰে। প্ৰথমে বেটিং কৰাৰ সময়ত আমি ২২০ বা ২৩০ ৰান কৰিবলৈ চেষ্টা কৰিব লাগিব।যদি স্ক’ৰ ২০০তকৈ কম হয় তেন্তে দ্বিতীয় ইনিংছত বেটিং কৰা দলটোৱে সহজেই ৰান কৰিব পাৰিব।

ইডেন গাৰ্ডেনত লক্ষ্য খেদিবলৈ সহজ হ’ব। ইয়াত শিশিৰে ডাঙৰ ভূমিকা পালন কৰে, গতিকে দ্বিতীয় ইনিংছত বলাৰসকলে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এনে পৰিস্থিতিত টছত জয়ী হোৱা অধিনায়কে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ল’ব লাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement