--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৫ নম্বৰ মেচখন আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব। দুয়োটা দলে শেষবাৰৰ বাবে ২০২৪ চনৰ ফাইনেলত মুখামুখি হৈছিল, য’ত কেকেআৰে এছ আৰ এইচক পৰাস্ত কৰি খিতাপ দখল কৰিছিল। 

আজি দলটোৱে সেই পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ খেলপথাৰত নামিব। ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া এই মেচখন কেকেআৰৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ এই ষ্টেডিয়ামত ছিজনৰ প্ৰথমখন মেচত পৰাস্ত হৈছিল। আজিৰ খেলখনৰ পিটচ কেনেকুৱা হ'ব জানেনে? কোনটো দলৰ বাবে বেছি সহায়ক হ’ব এই পিটছ ? জানো আহক

পইণ্ট টেবুলত বৰ্তমান দুয়োটা দলৰ অৱস্থা ভাল নহয়। ইডেন গাৰ্ডেনত প্ৰথমখন খেলত পৰাস্ত হয় অজিংক্য ৰাহানেৰ অধিনায়কত্বত থকা কলকাতা নাইট ৰাইডাৰ্ছ। ইয়াৰ পিছতে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰিলেও তৃতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছৰ হাতত বেয়াকৈ পৰাস্ত হয়। বৰ্তমান পইণ্ট তালিকাৰ দশম স্থানত আছে দলটো। প্ৰথমখন মেচত হায়দৰাবাদে এক আচৰিত জয় পঞ্জীয়ন কৰিছিল যদিও তাৰ পিছত দুয়োখন মেচতে পৰাস্ত হৈছিল। তালিকাৰ ৮ম স্থানত আছে দলটো।

এতিয়ালৈকে আই পি এলৰ ৯৪খন মেচ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ইয়াৰে প্ৰথম বেটিং কৰা দলটোৱে ৩৮ বাৰ আৰু প্ৰথমে বলিং কৰা দলটোৱে ৫৬ বাৰ জয় লাভ কৰিছে। যি দলৰ অধিনায়কে টছ জিকিছে, সেই দলটোৱে ৫০ বাৰ জয়ী হৈছে আৰু যিটো দলৰ অধিনায়কে টছত পৰাস্ত হৈছিল, সেই দলটোৱে ৪৪ বাৰ জয়ী হৈছে।

আই পি এলত এই কলকাতা খেলপথাৰত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ২০২২ চনত আৰ চি বিৰ হৈ খেলি থকাৰ সময়ত লক্ষ্ণৌৰ বিৰুদ্ধে ১১২ ৰান সংগ্ৰহ কৰা ৰজত পাটিদাৰৰ।ইয়াত সৰ্বোত্তম বলিং স্পেল হৈছে ২০১২ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ৫ উইকেট দখল কৰা সুনীল নাৰিনে।

ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত সৰ্বাধিক দলীয় মুঠ ২৬২ ৰান, ২০২৪ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাব কিংছে লাভ কৰিছিল।সৰ্বনিম্ন স্ক’ৰ হৈছে ৪৯, যিটো আৰচিবিয়ে কেকেআৰৰ বিৰুদ্ধে কৰিছিল।

ইডেন গাৰ্ডেনত ভাল বাউন্স হ’ব যদিও এই পিটছে বলাৰতকৈ বেটছমেনক অধিক সহায় কৰিব। স্পিনাৰে কিছু সহায় পাব কিন্তু আউটফিল্ড দ্ৰুত, গতিকে বেটছমেনে গ্ৰাউণ্ড শ্বট খেলি দ্ৰুত ৰান সংগ্ৰহ কৰিব পাৰে। প্ৰথমে বেটিং কৰাৰ সময়ত আমি ২২০ বা ২৩০ ৰান কৰিবলৈ চেষ্টা কৰিব লাগিব।যদি স্ক’ৰ ২০০তকৈ কম হয় তেন্তে দ্বিতীয় ইনিংছত বেটিং কৰা দলটোৱে সহজেই ৰান কৰিব পাৰিব।

ইডেন গাৰ্ডেনত লক্ষ্য খেদিবলৈ সহজ হ’ব। ইয়াত শিশিৰে ডাঙৰ ভূমিকা পালন কৰে, গতিকে দ্বিতীয় ইনিংছত বলাৰসকলে অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। এনে পৰিস্থিতিত টছত জয়ী হোৱা অধিনায়কে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ল’ব লাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু